ETV Bharat / international

মহান ব্যক্তিত্বৰ অধিকাৰী ৰাণী এলিজাবেথৰ বিষয়ে জানিবলগীয়া 10 টা কথা - বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়

বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই বৃহস্পতিবাৰে 96 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে(Queen Elizabeth II dies) ৷ তেওঁৰ মৃত্যুত সমগ্ৰ বিশ্বজুৰি শোকৰ ছাঁ পৰিছে ৷ বৃটেইনত 10 দিনৰ ৰাষ্ট্ৰীয় শোকৰো ঘোষণা কৰা হৈছে ৷ এক মহান ব্যক্তিত্বৰ অধিকাৰী ৰাণী এলিজাবেথ দ্বিতীয়ৰ জীৱনৰ বিষয়ে জানিব লগা দহটা বিশেষ কথা :

Queen Elizabeth II dies
মহান ব্যক্তিত্বৰ অধিকাৰী ৰাণী এলিজাবেথৰ বিষয়ে জানিবলগীয়া 10 টা কথা
author img

By

Published : Sep 9, 2022, 10:19 AM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ : ব্ৰিটিছ ইতিহাসৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে ৰাজত্ব কৰাৰ গৌৰৱ অৰ্জন কৰিছে ৰাণী এলিজাবেথ দ্বিতীয়ই(Britains Longest Serving Monarch) ৷ তেওঁ প্ৰায় 70 বছৰ বৃটেইনৰ শাসনৰ বাঘজৰী চম্ভালিছিল ৷ 2015 চনত তেওঁৰ আজু আইতা তথা ৰাণী ভিক্টোৰিয়াৰ অভিলেখ ভংগ কৰি বৃটিছ ইতিহাসত দীৰ্ঘতম সময়ৰ বাবে ৰাজত্ব কৰাৰ গৌৰৱ অৰ্জন কৰে ৷ ৰাণী ভিক্টোৰিয়াই বৃটেইনত ৬৩ বছৰ আৰু সাত মাহ শাসন কৰিছিল ।

Queen Elizabeth II dies
মহান ব্যক্তিত্বৰ অধিকাৰী ৰাণী এলিজাবেথৰ বিষয়ে জানিবলগীয়া 10 টা কথা

2016 চনত থাইলেণ্ডৰ ৰজা ভূমিবল আদুলিয়াদেজৰ মৃত্যুৰ পিছত এলিজাবেথ বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰাজত্ব কৰা ৰাণী হিচাপে পৰিগণিত হয় । 2022 চনত তেওঁ সপ্তদশ শতিকাৰ ফৰাচী ৰজা চতুৰ্দশ ফৰাচী ৰজা লুইচ চতুৰ্দশৰ পিছত বিশ্ব ইতিহাসৰ দ্বিতীয় দীৰ্ঘতম সময় ৰাজত্ব কৰা সম্ৰাজ্ঞী হিচাপে পৰিগণিত হয়(Death of Queen Elizabeth II) ।

এলিজাবেথ আৰু ভিক্টোৰিয়াৰ বাহিৰে, ব্ৰিটিছ ইতিহাসত মাত্ৰ চাৰিজন ৰাজতন্ত্ৰই 50 বছৰতকৈ অধিক সময় শাসন কৰাৰ কৃতিত্ব অৰ্জন কৰিছে ৷ তেওঁলোক ক্ৰমে: জৰ্জ তৃতীয় (59 বছৰ), হেনৰী তৃতীয় (56 বছৰ), এডৱাৰ্ড তৃতীয় (50 বছৰ) আৰু স্কটলেণ্ডৰ জেমছ ষষ্ঠ (58 বছৰ) ।

ঘৰতে শিক্ষা গ্ৰহণ: এলিজাবেথে কেতিয়াও ৰাজহুৱা বিদ্যালয়লৈ যোৱা নাছিল তথা কেতিয়াও আন কোনো শিক্ষাৰ্থীৰ সংস্পৰ্শলৈ অহা নাছিল । তেওঁ ভগ্নী মাৰ্গাৰেটৰ সৈতে ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল । তেওঁক শিক্ষাগুৰু হিচাপে আছিল তেওঁৰ পিতৃ, ইটন কলেজৰ এজন জ্যেষ্ঠ শিক্ষক আৰু কেইবাজনো ফৰাচী গুৰু । কেণ্টাৰবাৰীৰ আৰ্কবিছ'পে তেওঁক ধৰ্মৰ পাঠ শিকাইছিল । এলিজাবেথৰ স্কুলীয়া শিক্ষাত ঘোঁৰা চালনা, সাঁতোৰ, নৃত্য আৰু সংগীতৰ অধ্যয়ন অন্তৰ্ভুক্ত আছিল ।

নম্বৰ 230873: দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ৰাজকুমাৰী এলিজাবেথ চমুকৈ নম্বৰ 230873 অক্সিলিয়াৰী ট্ৰান্সপোৰ্ট চাৰ্ভিচ নং 1-ৰ দ্বিতীয় চুবাল্টাৰ্ণ এলিজাবেথ আলেকজেন্দ্ৰা মেৰী উইণ্ডচাৰ হিচাপে পৰিচিত হৈছিল । দ্বিতীয় বিশ্বযুদ্ধত সাহাৰ্য প্ৰদানৰ বাবে পিতৃ-মাতৃৰ পৰা অনুমতি লাভ কৰাৰ পাছত তেওঁ এম্বুলেন্স আৰু ট্ৰাক চলাবলৈ শিকিছিল । কেইমাহমানৰ ভিতৰতে তেওঁ সন্মানীয় জুনিয়ৰ কমাণ্ডাৰ পদলৈ উন্নীত হৈছিল ।

আনক অনুকৰণ কৰাত পাৰদৰ্শী: এলিজাবেথে আনৰ আগত নিজৰ এখন গহীন প্ৰতিচ্ছবি উপস্থাপন কৰিছিল যদিও তেওঁ পৰিচিতসকলৰ মাজত চঞ্চল, দুষ্ট তথা ফূৰ্তিবাজ হিচাপে জনাজাত আছিল ৷ তেওঁ আনৰ অনুকৰণ কৰাত অতি পাকৈত আছিল ৷ তেওঁৰ ঘৰুৱা পুৰোহিত বিছ'প মাইকেল মানে এবাৰ কৈছিল- "অনুকৰণ কৰাৰ কলা ৰাণী এলিজাবেথৰ আটাইতকৈ আমোদজনক কামবোৰৰ ভিতৰত অন্যতম আছিল" ।

ৰাজকীয় কৰদাতা: তেওঁ ৰাণী হোৱাৰ সত্বেও 1992 চনৰ পৰা কৰ পৰিশোধ কৰিছিল । ১৯৯২ চনত তেওঁৰ সপ্তাহান্তৰ বাসগৃহ বিণ্ডছৰ দুৰ্গত জুই লগাৰ পাছত ইয়াৰ মেৰামতিৰ বাবে লাখ লাখ পাউণ্ড খৰচ কৰাৰ বিৰুদ্ধে জনতাই বিদ্ৰোহ কৰিছিল । কিন্তু তেওঁ স্বেচ্ছাই তেওঁৰ ব্যক্তিগত উপাৰ্জনৰ ওপৰত কৰ পৰিশোধ কৰিবলৈ সন্মত হৈছিল ।

লিটল লিলিবেট: ৰাণী এলিজাবেথক তেওঁৰ মাতৃ, আইতা আৰু আইতাক সন্মানত য়ৰ্কৰ এলিজাবেথ আলেকজেন্দ্ৰা মেৰী উইণ্ডচাৰ নাম দিয়া হৈছিল । কিন্তু সৰুতে তেওঁক পৰিয়ালৰ সকলোৱে মৰমতে লিটল লিলিবেট বুলি মাতিছিল ৷ ইয়াৰ কাৰণ হৈছে তেওঁ 'এলিজাবেথ' সঠিকভাৱে উচ্চাৰণ কৰিব পৰা নাছিল ।

বৈবাহিক জীৱন: এলিজাবেথ আৰু তেওঁৰ স্বামী প্ৰিন্স ফিলিপে 70 বছৰৰো অধিক সময় ধৰি একেলগে আছিল ৷ তেওঁলোকৰ চাৰিটা সন্তান আছিল । 1939 চনত গ্ৰীচৰ এজন 18 বছৰীয়া নৌ-কেডেট প্ৰিন্স ফিলিপক 13 বছৰীয়া এলিজাবেথৰ মনোৰঞ্জনৰ বাবে পঠোৱা হৈছিল ৷ কেইবাবছৰৰ পিছত, ফিলিপক খ্ৰীষ্টমাছত উইণ্ডছৰ কেচেলৰ ৰাজপৰিয়ালত যোগদান কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল ৷ তাত তেওঁ তেওঁৰ প্ৰেম প্ৰকাশ কৰিছিল । পুত্ৰ এণ্ড্ৰিউৰ মতে, 2021 চনত 99 বছৰ বয়সত ফিলিপৰ মৃত্যুৰ পাছত এলিজাবেথৰ জীৱনত এক 'বৃহৎ শূন্যতা' বিৰাজ কৰিছিল ।

জন্মদিন: এলিজাবেথৰ জন্ম 1926 চনৰ 21 এপ্ৰিলত হৈছিল ৷ কিন্তু তেওঁৰ জন্মদিন উদযাপনক লৈ জনতাৰ মাজত সদায় বিভ্ৰান্তিৰ সৃষ্টি হৈছিল । তেওঁৰ আনুষ্ঠানিক জন্মদিন উদযাপনৰ বাবে কোনো সাৰ্বজনীন নিৰ্ধাৰিত দিন নাছিল ৷ জুনৰ প্ৰথম, দ্বিতীয় বা তৃতীয় শনিবাৰে চৰকাৰৰ সিদ্ধান্ত অনুসৰি তেওঁৰ জন্মদিন উদযাপন কৰা হৈছিল ৷ অষ্ট্ৰেলিয়াত জুনৰ দ্বিতীয় সোমবাৰে আৰু কানাডাত 24 মে'ত বা ৰাণী ভিক্টোৰিয়াৰ জন্মদিনৰ আগৰ সোমবাৰে ৰাণী এলিজাবেথ দ্বিতীয়ৰ জন্মদিন উদযাপন কৰা হৈছিল । কেৱল ৰাণী তথা তেওঁৰ নিকাটাত্মীয়ই এক ব্যক্তিগত অনুষ্ঠানত তেওঁৰ প্ৰকৃত জন্মদিন উদযাপন কৰিছিল ।

কুকুৰ প্ৰেম: কুকুৰ এলিজাবেথৰ বহুত প্ৰিয় আছিল ৷ ৰাজকুমাৰী ডায়েনাই ৰাণীৰ সৈতে থকা কুকুৰবোৰক 'চলমান কাৰ্পেট' বুলি অভিহিত কৰিছিল, কিয়নো সিহত সকলো ঠাইতে তেওঁৰ লগত আছিল ।

এগৰাকী অত্যন্ত মৰমিয়াল যুৱতী: সম্ৰাজ্ঞী মূলতঃ পপ গানৰ বিষয় হৈ পৰিছিল । বিটলছে 'Her Mijestry' গানটোৰে তেওঁক অমৰ কৰিছিল আৰু এগৰাকী অত্যন্ত মৰমলগা ছোৱালী বুলি অভিহিত কৰিছিল । পল মেককাৰ্টনিয়ে কন্ঠদান কৰা আৰু 1969 চনত ৰেকৰ্ড কৰা এই গানটো 'এবে ৰোড' এলবামৰ শেষত প্ৰকাশ কৰা হৈছিল ।

লগতে পঢ়ক: বৃটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ৰ ইহলীলা সম্বৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.