ETV Bharat / international

Antarctica sea ice falls: ভয়ংকৰভাৱে এণ্টাৰ্কটিকাৰ বৰফ গলিছে; পূৰ্বৰ অভিলেখ ভংগ - Antarcticas sea ice has fallen

এণ্টাৰ্কটিকাৰ সাগৰীয় বৰফৰ স্তৰ পূৰ্বৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে । জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা আদিক কাৰক হিচাপে বৰ্ণনা কৰিছে বিজ্ঞানীসকলে । এই ধাৰা অব্যাহত থাকিলে সমগ্ৰ পৃথিৱীৰ বাবে চিন্তাৰ কাৰণ হ'ব ।

Antarctica sea ice falls
ভয়ংকৰভাৱে এণ্টাৰ্কটিকাৰ বৰফ গলিছে
author img

By

Published : Jul 30, 2023, 4:38 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,৩০ জুলাই : গোলকীয় উষ্ণতাই শেহতীয়া বছৰবোৰত সমগ্ৰ বিশ্বৰ বাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । বিভিন্ন ক্ষেত্ৰত গোলকীয় উষ্ণতাৰ প্ৰভাৱ প্ৰত্যক্ষভাৱে পৰা দেখা গৈছে । এণ্টাৰ্কটিকাৰ প্ৰায় ৯৯ শতাংশ অঞ্চল বৰফে আঁৱৰি আছে । কিন্তু এতিয়া এণ্টাৰ্কটিকাৰ বৰফবোৰ গলিবলৈ আৰম্ভ কৰিছে ।

সম্প্ৰতি এণ্টাৰ্কটিকাৰ সাগৰীয় বৰফ ভয়াৱহভাৱে গলিবলৈ আৰম্ভ কৰিছে । যাৰ ফলত বৰফৰ পৰিমাণ যথেষ্ট পৰিমাণে হ্ৰাস হৈছে । প্ৰতি বছৰে, গ্ৰীষ্মকালত মহাদেশখনৰ সাগৰৰ বৰফবোৰ গলি নিম্নতম স্তৰলৈ সংকুচিত হয় । শীতকালত পুনৰ সেইবোৰ বৰফ হিচাপে গঠিত হয় । কিন্তু বিজ্ঞানীসকলে এইবাৰ কিছু পৃথক প্ৰত্যক্ষ কৰিছে ।

বৰফৰ মাত্ৰা এইবাৰ সৰ্বনিম্ন স্তৰত উপনিত হৈছে । যোৱা ৪৫ বছৰৰ ভিতৰত পূৰ্বে ইমান নিম্নস্তৰলৈ কেতিয়াও যোৱা নাছিল বৰফ । নেচনেল স্ন’ এণ্ড আইচ ডাটা চেণ্টাৰ (NSIDC)ৰ তথ্য অনুসৰি বৰফ ২০২২ চনত নিৰ্ধাৰিত পূৰ্বৱৰ্তী শীতকালীন অভিলেখৰ তলত প্ৰায় ১.৬ নিযুত বৰ্গ কিলোমিটাৰ (০.৬ নিযুত বৰ্গ মাইল) কম ।

জুলাইৰ মাজভাগত, এণ্টাৰ্কটিকাৰ সাগৰীয় বৰফ ১৯৮১ চনৰ পৰা ২০১০ চনৰ গড়তকৈ ২.৬ নিযুত বৰ্গ কিলোমিটাৰ (১ নিযুত বৰ্গ মাইল) কম আছিল । ই আৰ্জেণ্টিনা বা টেক্সাছ, কেলিফৰ্ণিয়া, নিউ মেক্সিকো, এৰিজোনা, নেভাডা, উটা আৰু কলোৰাডোৰ সংযুক্ত এলেকাবোৰৰ দৰে প্ৰায় বৃহৎ এলেকা । একাংশ বিজ্ঞানীয়ে এই ঘটনাটোক অফ-দ্য-চাৰ্ট ব্যতিক্ৰমী বুলি বৰ্ণনা কৰিছে । ইয়াক বিৰল আৰু বহু হাজাৰ হাজাৰ বছৰত কেৱল এবাৰহে হয় বুলি বিজ্ঞানীসকলে উল্লেখ কৰিছে ।

কলোৰাডো বোল্ডাৰ বিশ্ববিদ্যালয়ৰ এগৰাকী গ্লেচিঅ'লজিষ্ট টেড স্কেম্বোছে কয় যে পৃথিৱীৰ বিভিন্ন কাৰ্যকলাপ সলনি হৈছে । এণ্টাৰ্কটিকাৰ এই ঘটনাবোৰো সলনি হৈছে । কিন্তু এয়া কিয় হৈছে সেয়া স্পষ্ট নহয় । বিজ্ঞানীসকলে এই সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলাই আছে ।

উল্লেখ্য যে এণ্টাৰ্কটিকা পৃথিৱীৰ এখন মহাদেশ । ই দক্ষিণ মেৰুত অৱস্থিত । ইয়াৰ ভৌগোলিক অৱস্থিতি অতি জটিল । বৰফেৰে আঁৱৰি থকা এই মহাদেশত জলবায়ু পৰিৱৰ্তনৰ লগে লগে বিভিন্ন পৰিৱৰ্তন দেখা গৈছে । বিশেষকৈ সাগৰীয় বৰফ ধাৰাবাহিকভাৱে নিম্নমুখী হৈছে । যোৱা কেইটামান দশকত এণ্টাৰ্কটিকাত সাগৰীয় বৰফ হ্ৰাস হোৱাৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে ।

লগতে পঢ়ক :Wisconsin aircraft accidents : আমেৰিকাত দুটা পৃথক বিমান দুৰ্ঘটনা, ৪ গৰাকী লোকৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.