ETV Bharat / international

US expects Iran proxies : 'ইৰাণৰ প্ৰক্সি যুদ্ধই ইজৰাইল-হামাছ সংঘৰ্ষ বৃদ্ধি কৰিব'-আমেৰিকা - Gaza wars

আমেৰিকাৰ মতে ইৰাণৰ প্ৰক্সি যুদ্ধৰ ফলত ইজৰাইল-হামাছ সংঘৰ্ষ বৃদ্ধি পাব পাৰে । যদি আমেৰিকানসকল আক্ৰমণৰ সন্মুখীন হয় তেন্তে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব ।

US expects Iran proxies
ইৰাণৰ প্ৰক্সি যুদ্ধই ইজৰাইল-হামাছ সংঘৰ্ষ বৃদ্ধি কৰিব
author img

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 12:41 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক,২৩ অক্টোবৰ : ইৰাণৰ প্ৰক্সিৰ বাবে ইজৰাইল আৰু হামাছৰ যুদ্ধ বৃদ্ধি হোৱাৰ আশংকা কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই । বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কোৱা মতে যদি আমেৰিকান কৰ্মচাৰী বা সশস্ত্ৰ বাহিনী এনে ধৰণৰ যিকোনো আক্ৰমণৰ লক্ষ্য হৈ পৰে তেন্তে বিডেন প্ৰশাসন সঁহাৰি দিবলৈ প্ৰস্তুত । আমেৰিকাই এনে হোৱাটো নিবিচাৰে । যুদ্ধ বৃদ্ধি হোৱাটোও আমেৰিকাই নিবিচাৰে ।

দুয়োগৰাকী বিষয়াৰ মতে আমেৰিকাৰ বাহিনী বা কৰ্মচাৰীসকল গুলীবৰ্ষণৰ সন্মুখীন হোৱাটো তেওঁলোকে চাব নিবিচাৰে । যদি এনে হয় তেনেহ'লে ইয়াৰ বাবে আমেৰিকা সাজু বুলিও সকীয়াই দিয়ে আমেৰিকাই । অষ্টিনে সন্দেহ কৰা মতে সমগ্ৰ অঞ্চলটোত আমেৰিকাৰ সেনা আৰু নাগৰিকৰ ওপৰত আক্ৰমণ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।

অষ্টিনে কোৱা মতে আমেৰিকাৰ আত্মৰক্ষাৰ অধিকাৰ আছে আৰু উপযুক্ত পদক্ষেপ ল'বলৈ কুণ্ঠাবোধ নকৰে । তেওঁ উল্লেখ কৰা মতে আমেৰিকাৰ উচ্চ পদস্থ বিষয়াসকলে এই সতৰ্কবাণী দিছে । ইফালে ইজৰাইলী যুদ্ধ বিমানে ইতিমধ্যে গাজাৰ বিভিন্ন স্থান আৰু ছিৰিয়াত আক্ৰমণ অব্যাহত ৰাখিছে ।

যুদ্ধ আৰম্ভ হোৱাৰ পাছৰে পৰা ইজৰাইলে লেবাননৰ হিজবুল্লাহ সন্ত্ৰাসবাদীৰ সৈতে প্ৰায় দৈনিক গুলীবৰ্ষণ কৰিছে আৰু ইজৰাইল অধিকৃত পশ্চিম তীৰত উত্তেজনা বৃদ্ধি পাইছে । আমেৰিকাই দেওবাৰে ঘোষণা কৰিছে যে ইৰাকত থকা দূতাবাসৰ অপ্ৰয়োজনীয় কৰ্মচাৰীসকলে দেশ ত্যাগ কৰিব লাগে ।

ব্লিঙ্কেনে যুদ্ধ বৃদ্ধিৰ আশংকা কৰি কয় যে গাজাশাসন কৰা ইজৰাইল আৰু হামাছৰ মাজৰ শত্ৰুতাৰ বাবে কোনেও দ্বিতীয় বা তৃতীয় যুদ্ধ চাব নিবিচাৰে । সচিবগৰাকীয়ে আমেৰিকাৰ বাহিনীৰ বিৰুদ্ধে নিৰ্দেশিত ইৰাণী প্ৰক্সিৰ বৃদ্ধিৰ আশা কৰে । তেওঁৰ মতে আমেৰিকাৰ নাগৰিকসকলক কাৰ্যকৰীভাৱে সুৰক্ষা দিয়াৰ প্ৰচেষ্টা অব্যাহত আছে । তেওঁৰ মতে ইৰাণ ইজৰাইলৰ শত্ৰু ।

ব্লিঙ্কেনৰ মতে অঞ্চলটোত অতিৰিক্ত সামৰিক বাহিনী মোতায়েন কৰা হৈছে । তাৰ ভিতৰত আছে দুখন বিমান কেৰিয়াৰ । ইফালে ৰাষ্ট্ৰপতি জ' বিডেনে বাৰে বাৰে ইজৰাইলৰ শত্ৰুসকলক পৰিস্থিতিৰ সুযোগ লোৱাৰ চেষ্টা নকৰিবলৈও সতৰ্ক কৰি দিছে ।

লগতে পঢ়ক :Israel Hamas War : যুদ্ধংদেহি ইজৰাইল, পেলেস্তাইনীৰ ওপৰত আটাইতকৈ ভয়ংকৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.