ETV Bharat / international

US Budget 2023 : ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে আমেৰিকাৰ ১.৮ বিলিয়ন ডলাৰৰ প্ৰস্তাৱ

author img

By

Published : Mar 29, 2022, 1:56 PM IST

বাজেট দাখিলৰ সময়ত ৰাষ্ট্ৰপতি জ' বাইডেনে ইণ্ডো-পেচিফিক ৰণনীতিৰ বাবে ১.৮ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰস্তাৱ আগবঢ়ায় । ইউক্ৰেইনৰ সহায়ৰ বাবে ৬৮২ নিযুত আমেৰিকান ডলাৰ প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে আমেৰিকাই (US Budget provides USD 682 million for Ukraine)। চীনৰ কূটনীতি প্ৰতিৰোধৰ বাবে ৪০০ নিযুত আমেৰিকান ডলাৰৰ প্ৰস্তাৱো আগবঢ়াইছে চৰকাৰে ।

US Budget 2023
ইণ্ডো পেচিফিক ৰণনীতিৰ বাবে আমেৰিকাৰ ১ ৮ বিলিয়ন ডলাৰ

ইণ্টাৰনেশ্যনেল ডেস্ক,২৯ মাৰ্চ : আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনৰ বাজেট দাখিল (US Budget 2023)। প্ৰায় ৭৭৩ বিলিয়ন আমেৰিকান ডলাৰৰ ২০২৩ বৰ্ষৰ বাৰ্ষিক প্ৰতিৰক্ষা বাজেট দাখিল কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে । সোমবাৰে বাজেট দাখিলৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীয়ে ইণ্ডো-পেচিফিক ৰণনীতিৰ সমৰ্থনৰ বাবে ১.৮ বিলিয়ন আমেৰিকান ডলাৰৰ প্ৰস্তাৱ আগবঢ়ায় (US proposed USD 1.8 billion for Indo-Pacific Strategy)। লগতে চীনৰ কূটনীতি প্ৰতিৰোধৰ বাবে ৪০০ নিযুত আমেৰিকান ডলাৰৰ প্ৰস্তাৱো আগবঢ়ায় (US proposed USD 400 million against Chinese behaviour) ।

ইণ্ডো-পেচিফিকত আমেৰিকাই নিজৰ ভূমিকা শক্তিশালী কৰাত অধিক গুৰুত্ব আৰোপ কৰা দেখা গৈছে । কিয়নো আমেৰিকাই দীৰ্ঘদিনীয়া মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে সহযোগিতা অব্যাহত ৰাখিছে । আমেৰিকাৰ পদক্ষেপসমূহৰ ভিতৰত অন্যতম হৈছে নতুন কূটনৈতিক, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, গুৰুত্বপূৰ্ণ আৰু নতুন প্ৰযুক্তি আৰু যোগান শৃংখলা আৰু জলবায়ু আৰু গোলকীয় পৰিৱেশলৈ পদক্ষেপ আদি । বাইডেনে কোৱা মতে আমেৰিকাই ইউৰোপীয় আৰু ইণ্ডো প্ৰশান্ত মহাসাগৰীয় মিত্ৰশক্তিৰ মাজত শক্তিশালী সম্পৰ্ককো সমৰ্থন জনাই আহিছে ।

ৰাষ্ট্ৰপতিয়ে চীনৰ কূটনৈতিক প্ৰতিযোগিতাকো অগ্ৰাধিকাৰ দিছে । বেইজিং আৰু মস্কোৰ বলপূৰ্বক আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিশ্বৰ মিত্ৰশক্তি আৰু অংশীদাৰসকলৰ সৈতে আমেৰিকাই কাম কৰি আছে ।

ইয়াৰ উপৰিও বৰ্তমানৰ ইউক্ৰেইনৰ পৰিস্থিতিক লৈ শংকিত আমেৰিকা । যাৰ বাবে আমেৰিকাই বাজেটত ইউক্ৰেইনৰ সহায়ৰ বাবে ৬৮২ নিযুত আমেৰিকান ডলাৰ প্ৰদানৰ প্ৰস্তাৱ ৰাখিছে (US Budget provides USD 682 million for Ukraine)। বাজেটৰ এই ধনৰাশিয়ে ইউক্ৰেইনৰ সুৰক্ষা, শক্তি, চাইবাৰ সুৰক্ষাৰ সমস্যা, অপপ্ৰচাৰ আৰু নাগৰিকৰ বিভিন্ন প্ৰয়োজনীয়তা পূৰণ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :Pakistan political crisis : সংকটত ইমৰান খানৰ চৰকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.