ETV Bharat / international

Hamas Hostage Americans : হামাছে বন্দী কৰি ৰখা আমেৰিকান মাতৃ-কন্যাক মুক্তি; বাইডেনৰ স্বাগতম

author img

By ETV Bharat Assamese Team

Published : Oct 21, 2023, 10:32 AM IST

আমেৰিকান নাগৰিক জুডিথ ৰাণান আৰু তেওঁৰ কন্যা নাটালীক হামাছে বন্দী কৰি ৰাখিছিল । পৰিয়ালৰ সদস্যসকলে জনোৱা মতে, চিকাগোৰ উপনগৰ ইভানষ্টনৰ ঘৰৰ পৰা ইজৰাইললৈ ইহুদীসকলৰ বন্ধ উদযাপন কৰিবলৈ গৈ থকা সময়ত তেওঁলোকক বন্দী কৰা হৈছিল ।

Hamas Hostage Americans
Hamas Hostage Americans

ইণ্টাৰনেচনেল ডেস্ক, ২১ অক্টোবৰ : হামাছে বন্দী কৰি ৰখা এগৰাকী আমেৰিকান মহিলা আৰু তেওঁৰ কিশোৰী কন্যাক মুকলি কৰি দিছে । এই খবৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনে আদৰণি জনাইছে । শুকুৰবাৰে ইজৰাইলৰ পৰা অহা এই আশ্চৰ্যকৰ বাতৰিটোক বিশ্বৰ আন আন নেতাসকলৰ লগতে বাইডেনে আদৰণি জনায় ।

উল্লেখ্য যে হামাছে আমেৰিকান মহিলাগৰাকী আৰু তেওঁৰ কিশোৰী কন্যাক দুসপ্তাহ ধৰি গাজাত বন্দী কৰি ৰাখিছিল । ইজৰাইলী সেনাৰ এজন মুখপাত্ৰই জনাইছে যে জুডিথ ৰাণান আৰু তেওঁৰ ১৭ বছৰীয়া কন্যা নাটালী নামৰ দুগৰাকী আমেৰিকান গাজা ষ্ট্ৰিপৰ বাহিৰত ইজৰাইলী সামৰিক বাহিনীৰ সৈতে আছে । আনহাতে, হামাছে শুকুৰবাৰে প্ৰকাশ কৰে যে কাটাৰ চৰকাৰৰ সৈতে হোৱা চুক্তি মতে মানৱীয় কাৰণত তেওঁলোকক মুকলি কৰি দিছে ।

ইজৰাইলৰ মতে হামাছে ৭ অক্টোবৰত তেওঁলোকৰ তাণ্ডৱৰ সময়ত প্ৰায় ২০০ জন লোকক অপহৰণ কৰি বন্দী কৰাৰ পিছত তেওঁলোক হৈছে মুকলি কৰি দিয়া প্ৰথম বন্দী । "মই আনন্দিত যে তেওঁলোক সোনকালেই তেওঁলোকৰ পৰিয়ালৰ সৈতে পুনৰ মিলিত হ'ব, যিসকল ভয়ত কাতৰ হৈ আছে ।" বাইডেনে ৱাশ্বিংটনত কয় । আনহাতে, মুকলি কৰি দিয়া আমেৰিকান দুগৰাকীক গাজাৰ পৰা ইজৰাইললৈ লৈ যোৱা ৰেড ক্ৰছৰ আন্তৰ্জাতিক সমিতিয়ে কয় যে তেওঁলোকৰ মুক্তিয়ে 'এতিয়াও বন্দী হৈ থকাসকলৰ বাবে এক আশাৰ ৰেঙনি' দেখুৱাইছে ।

পৰিয়ালৰ সদস্যসকলে জনোৱা অনুসৰি, জুডিথ আৰু নাটালি ৰাণানে চিকাগোৰ উপনগৰ ইভানষ্টনৰ ঘৰৰ পৰা ইজৰাইললৈ ইহুদীসকলৰ বন্ধ উদযাপন কৰিবলৈ গৈছিল । তেওঁলোক ৭ অক্টোবৰত গাজাৰ ওচৰৰ নাহাল ওজত আছিল । তাত ইহুদী বন্ধৰ চিমচাট তোৰাহ নামৰ এক উৎসৱৰ আয়োজন কৰা হৈছিল । সেই সময়তে হামাছ আৰু অন্যান্য সন্ত্ৰাসবাদীয়ে দক্ষিণ ইজৰাইলৰ চহৰসমূহত প্ৰৱেশ কৰি শ শ লোকক হত্যা কৰিছিল আৰু বহু লোকক অপহৰণ কৰিছিল ।

আক্ৰমণৰ পিছৰে পৰা পৰিয়ালটোৱে তেওঁলোকৰ বিষয়ে একো জানিব পৰা নাছিল । অৱশ্যে পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইজৰাইলী বিষয়াসকলে তেওঁলোকক গাজাত বন্দী কৰি ৰখা বুলি কৈছিল । নাটালীৰ ভাতৃ বেনে পূৰ্বতে এনেদৰে কৈছিল । উল্লেখ্য যে জুডিথ আৰু নাটালীক হামাছে মুকলি কৰি দিয়া বাতৰিটো অভূতপূৰ্ব ।

লগতে পঢ়ক :Israel Palestine war : ইজৰাইল-পেলেষ্টাইন যুদ্ধত অপহৃত শিশুৰ জৰুৰী মুক্তিৰ দাবী কৈলাশ সত্যৰ্থীসহ 29 গৰাকী ন'বেল বিজয়ীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.