ETV Bharat / international

Israel Hamas War : যুদ্ধৰ ফলত প্ৰভাৱিত পেলেস্তাইনীসকলৰ বাবে ভাৰতৰ সাহায্য সামগ্ৰী প্ৰেৰণ

author img

By ETV Bharat Assamese Team

Published : Oct 22, 2023, 2:08 PM IST

ভাৰতে গাজাৰ পেলেস্তাইনীসকলৰ বাবে চিকিৎসা আৰু দুৰ্যোগ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে । প্ৰায় ৬.৫ টন চিকিৎসা সামগ্ৰী আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী ভৰ্তি বায়ু সেনাৰ বিমানখন ইজিপ্তলৈ ৰাওনা হৈছে ।

Israel Hamas War
যুদ্ধৰ ফলত প্ৰভাৱিত পেলেস্তাইনীসকলৰ বাবে ভাৰতৰ সাহায্য সামগ্ৰী প্ৰেৰণ

নেশ্যনেল ডেস্ক,২২ অক্টোবৰ : ৭ অক্টোবৰত ইজৰাইলত হামাছৰ ভয়ংকৰ আক্ৰমণৰ পাছতে বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিভিন্ন দেশে ইজৰাইলক সহায়ৰ প্ৰতিশ্ৰুতি দিছে । ইফালে গাজাৰ নিৰীহ পেলেস্তাইনীসকলৰ সাহায্যৰ বাবেও বিভিন্ন দেশে সহযোগিতা আগবঢ়াইছে । তাৰ অংশস্বৰূপে ভাৰতেও পেলেস্তাইনীসকলৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে দেওবাৰে কয় যে ভাৰতে চিকিৎসা সাহায্য আৰু দুৰ্যোগ সাহায্য সামগ্ৰী পেলেষ্টাইনৰ লোকসকলৰ বাবে প্ৰেৰণ কৰিছে । চিকিৎসা সামগ্ৰীবোৰৰ ভিতৰত আছে অত্যাৱশ্যকীয় জীৱন ৰক্ষাকাৰী ঔষধ আৰু জৰুৰীকালীন চিকিৎসা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লক্ষ্যৰে সুৰক্ষামূলক আৰু অস্ত্ৰোপচাৰৰ সামগ্ৰী ।

তাৎক্ষণিক সকাহৰ সামগ্ৰীবোৰৰ ভিতৰত তৰল আৰু বিষনাশক দ্ৰব্যও অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰায় ৩২ টন ওজনৰ দুৰ্যোগ সাহায্য সামগ্ৰীৰ ভিতৰত আছে তম্বু, শ্লীপিং বেগ, ত্ৰিপাল, মৌলিক চেনিটাৰী ইউটিলিটি, পানী বিশুদ্ধকৰণ টেবলেট আদিও অন্তৰ্ভুক্ত আছে ।

সাহায্য সামগ্ৰী ভৰ্তি ভাৰতীয় বায়ু সেনাৰ এখন চি-১৭ বিমান পুৱা ৮ বজাত হিন্দন এয়াৰবেছৰ পৰা ৰাওনা হৈছে । বিমানখন ইজিপ্তৰ এল-আৰিছ বিমানবন্দৰত আবেলি ৩ বজাৰ ভিতৰত অৱতৰণ কৰিব । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে প্ৰায় ৬.৫ টন চিকিৎসা সামগ্ৰী আৰু ৩২ টন দুৰ্যোগ সাহায্য সামগ্ৰী ভৰ্তি বিমানখন ইজিপ্ত অভিমুখে ৰাওনা হৈছে । ইজৰাইল আৰু হামাছৰ মাজত চলি থকা সংঘৰ্ষৰ মাজত ভাৰতে পেলেস্তাইনলৈ মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ।

ইফালে শনিবাৰে সাহায্য সামগ্ৰী ভৰ্তি প্ৰায় ২০ খন ট্ৰাকক অৱশেষত ইজিপ্তৰ ৰাফা সীমান্তৰ মাজেৰে গাজা ষ্ট্ৰিপত প্ৰৱেশৰ অনুমতি দিয়া হৈছে । অৱশ্যে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰোছ অধানম ঘেব্ৰিয়েচাছে সতৰ্ক কৰি দিয়ে যে ২ নিযুতৰো অধিক লোক থকা অঞ্চলটোত সাহায্যৰ অধিক প্ৰয়োজন আছে । তেওঁ অঞ্চলটোৰ লোকসকলৰ বাবে অতিৰিক্ত সাহায্যৰ কনভয়ৰ সুৰক্ষিত যাত্ৰাৰ বাবেও আহ্বান জনায় ।

বৃহস্পতিবাৰে এক বিবৃতিত ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে কোৱা মতে ৬০ শতাংশতকৈও অধিক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ বৰ্তমান বন্ধ হৈ আছে আৰু গাজাৰ চিকিৎসালয়সমূহো প্ৰভাৱিত হৈছে । চিকিৎসালয়সমূহত ইন্ধন, ঔষধ, চিকিৎসা সঁজুলি আৰু বিশেষ কৰ্মচাৰীৰো গুৰুতৰ অভাৱ দেখা গৈছে ।

লগতে পঢ়ক :Hezbollah on Israel Hamas war : ইজৰাইলক সকীয়নি সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.