ইণ্টাৰনেশ্যনেল ডেস্ক, 13 আগষ্ট: ছোমালিয়া ৰাষ্ট্ৰীয় সেনাবাহিনীয়ে দেশৰ দক্ষিণ প্ৰান্তত 23 টা আল-ছাবাব সন্ত্ৰাসবাদীক হত্যা কৰিছে । ছোমালিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে শনিবাৰে জনোৱা মতে, উপসাগৰীয় অঞ্চলৰ বুলা-ফুলেত প্ৰায় তিনিটা সামৰিক অভিযান চলোৱা হয়, য’ত সৈন্যই আল-ছাবাবৰ তিনিটা ঘাটি ধ্বংস কৰে । যুদ্ধবিধস্ত দেশখনৰ দক্ষিণ অংশত সংঘটিত হৈছে এই ঘটনা ৷
মন্ত্ৰণালয়ে এক চমু বিবৃতিত কয়, "দুজন কমাণ্ডাৰকে ধৰি 23 টা সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে । লক্ষ্যৰ ভিতৰত আছিল চেকপইণ্ট, বিস্ফোৰক সংগ্ৰহৰ বাবে গেৰেজ আৰু নেতাসকলে ব্যৱহাৰ কৰা প্ৰশাসনিক কাৰ্যালয় ।" ছিনহুয়া সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি, জুন মাহত সমাপ্ত হোৱা এটিএমআইএছৰ সৈন্য প্ৰত্যাহাৰৰ প্ৰথম পৰ্যায়ৰ সন্দৰ্ভত যৌথ কাৰিকৰী মূল্যায়ন চলাবলৈ সাজু হৈছে ৷ আফ্ৰিকান ইউনিয়ন ট্ৰেঞ্জিচন মিছন ইন ছোমালিয়া (এটিএমআইএছ) আৰু ইয়াৰ অংশীদাৰসকলে প্ৰস্তুতি চলাইছে ।
2022 চনত ৰাষ্ট্ৰপতি হাছান শ্বেখ মহমদে উগ্ৰপন্থীৰ বিৰুদ্ধে সৰ্বাত্মক যুদ্ধ ঘোষণা কৰাৰ পিছৰে পৰা আল-ছাবাব সংগঠনটোৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ছোমালিয়া চৰকাৰী বাহিনীয়ে আক্ৰমণ অব্যাহত ৰাখিছে । ৰাষ্ট্ৰপতিগৰাকীয়ে আল-ছাবাবৰ সকলো উগ্ৰপন্থীক তেওঁলোকৰ দুৰ্গসমূহৰ পৰা উলিয়াই অনাৰ প্ৰতিশ্ৰুতিও প্ৰদান কৰিছে ৷ যাতে জনসাধাৰণক সুৰক্ষা প্ৰদান কৰিব পৰা যায় আৰু দেশখনত অপপ্ৰচাৰ, ভয়-ভাবুকি আৰু উগ্ৰবাদৰ প্ৰসাৰ বন্ধ হয় ।
শনিবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, বে অঞ্চলৰ বুলা-ফুলেত তিনিটা সামৰিক অভিযান চলোৱাৰ সময়ত জোৱানসকলে আল-ছাবাবৰ তিনিটা ঘাটি ধ্বংস কৰে । উল্লেখ কৰা প্ৰয়োজন যে, ৰাষ্ট্ৰপতিয়ে সন্ত্ৰাসবাদ নিৰ্মূলৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যদিও হ্ৰাস পোৱা নাই ছোমালি ৰাষ্ট্ৰীয় সেনা আৰু আল-ছাবাব সন্ত্ৰাসবাদীৰ মাজৰ তীব্ৰ সংঘাত ৷
লগতে পঢ়ক: Gunmen : ২০ চিৰিয়ান সৈনিকক হত্যা ইছলামিক ষ্টেট সন্ত্ৰাসবাদীৰ