ইণ্টাৰনেশ্যনেল ডেস্ক,১৮ অক্টোবৰ : ইজৰাইল আৰু হামাছৰ ভয়ংকৰ সংঘৰ্ষ অব্যাহত আছে । ইয়াৰ মাজতে গাজাৰ এখন চিকিৎসালয়ত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছে । য'ত শ শ লোকৰ মৃত্যুৰ আশংকা কৰা হৈছে । ইফালে ইজৰাইলৰ প্ৰতি সমৰ্থন দেখুৱাই আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে দেশখন ভ্ৰমণ কৰাৰ কথা আছে । আমেৰিকাৰ এনে পদক্ষেপে অৱশ্যে কিছুমান আৰৱ দেশক অসন্তুষ্ট কৰিছে । ফলস্বৰূপে জৰ্ডানৰ আম্মানত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু আন নেতাসকলৰ মাজৰ শীৰ্ষ বৈঠক বাতিল কৰা হৈছে ।
জৰ্ডানৰ বৈদেশিক মন্ত্ৰী আয়মান চাফাদীয়ে ঘোষণা কৰে যে বুধবাৰে জৰ্ডানৰ ৰজা আব্দুল্লা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি আৰু পেলেস্তাইনী ৰাষ্ট্ৰপতি মাহমুদ আব্বাছৰ সৈতে আম্মানত বিডেনৰ সন্মিলন বাতিল কৰা হৈছে ।
বাইডেনে ৭ অক্টোবৰত ইজৰাইলত সংঘটিত আক্ৰমণৰ পাছত হামাছক নিৰ্মূল কৰাৰ বাবে ইজৰাইলৰ আহ্বানক সমৰ্থন কৰি আহিছে । ইয়াৰ মাজতে মঙলবাৰে গাজা চহৰৰ আল আহলি চিকিৎসালয়ত বিস্ফোৰণ সংঘটিত কৰাৰ বাবে হামাছে ইজৰাইলক দোষাৰোপ কৰিছে । কিন্তু ইজৰাইলে এই অভিযোগ অস্বীকাৰ কৰি ইছলামিক সংগঠনে এই বিস্ফোৰণ সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ কৰিছে ।
হামাছৰ নেতা ইছমাইল হানিয়েহে অৱশ্যে আমেৰিকাক তীব্ৰ সমালোচনা কৰিছে । ইজৰাইলক আক্ৰমণৰ বাবে আমেৰিকাই সহযোগিতা কৰাৰ অভিযোগ কৰিছে নেতাগৰাকীয়ে । চিকিৎসালয়ৰ বিস্ফোৰণে শত্ৰুৰ বৰ্বৰতা আৰু তেওঁলোকৰ পৰাজয়ৰ অনুভূতি স্পষ্ট কৰে বুলিও নেতাগৰাকীয়ে দাবী কৰিছে ।
নেতাগৰাকীয়ে সকলো পেলেষ্টাইনী লোকক বাহিৰলৈ ওলাই আহি ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈও আহ্বান জনাইছে । চৌদি আৰৱ, ইউ.এ.ই., বাহাৰেইন, ইজিপ্ত, জৰ্ডান আৰু তুৰ্কীয়েও ইজৰাইলৰ বিৰুদ্ধে গাজা চহৰৰ আল-আহলি আৰৱ চিকিৎসালয়ত বোমা বিস্ফোৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছে । অৱশ্যে, ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে এই ঘটনাৰ বাবে গাজাৰ বৰ্বৰ সন্ত্ৰাসবাদীসকলক দায়ী কৰিছে ।
লগতে পঢ়ক :Gaza hospital blast: গাজাৰ আল-আহলি বাপ্টিষ্ট চিকিৎসালয়ত ৰকেট আক্ৰমণ