ETV Bharat / international

Hamas Claims on US : ছোভিয়েট ইউনিয়নৰ দৰে আমেৰিকাও ধ্বংস হ'ব; হামাছৰ দাবী

ইজৰাইল আৰু হামাছৰ মাজৰ সংঘৰ্ষই ২৯ দিনত ভৰি দিলে । তাৰ মাজতে ইজৰাইলে প্ৰতিজন হামাছ সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ প্ৰতিশ্ৰুতি দিছে । আনহাতে, হামাছৰ এগৰাকী বিষয়াৰ এক মন্তব্যই আলোড়নৰ সৃষ্টি কৰিছে ।

ছোভিয়েট ইউনিয়নৰ দৰে আমেৰিকাও ধ্বংস হ'ব; হামাছৰ দাবী
Hamas Claims on US
author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 11:49 AM IST

Updated : Nov 4, 2023, 10:23 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ৪ নৱেম্বৰ : ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ এতিয়াও অব্যাহত আছে । আনহাতে, ইজৰাইলে হামাছ সন্ত্ৰাসবাদীক নিৰ্মূল কৰাৰ কথা ঘোষণা কৰিছে । তাৰ মাজতে আমেৰিকা সন্দৰ্ভত হামাছে এক ডাঙৰ মন্তব্য কৰিছে । হামাছে দাবী কৰিছে যে আমেৰিকাও এদিন নিঃশেষ হ'ব । জেৰুজালেম পোষ্টে বাৰাকাৰ উদ্ধৃতিদি কয়, "হামাছৰ জ্যেষ্ঠ বিষয়া আলী বাৰাকে দাবী কৰিছে যে আমেৰিকা এদিন অতীত হৈ পৰিব আৰু ইউএছএছআৰৰ দৰে ধ্বংস হ'ব ।"

মধ্যপ্ৰাচ্য মিডিয়া গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা অনুবাদ কৰা আৰু ২ নৱেম্বৰত এটা লেবানিজ ইউটিউব চেনেলক দিয়া সাক্ষাৎকাৰত বাৰাকাই এই মন্তব্য কৰে । "অঞ্চলটোত আমেৰিকাৰ সকলো শত্ৰুৱে আলোচনা কৰিছে আৰু ক্ৰমান্বয়ে ওচৰ চাপিছে । আৰু সেই দিনটো আহিব পাৰে, যেতিয়া তেওঁলোকে একেলগে যুদ্ধত যোগদান কৰিব । আমি আমেৰিকাক অতীতৰ বিষয়লৈ পৰিৱৰ্তন কৰিম । আমেৰিকা সদায়ে শক্তিশালী হৈ নাথাকে ।"

বাৰাকাই আমেৰিকাৰ ওপৰত উত্তৰ কোৰিয়াৰ আক্ৰমণৰ ক্ষমতাৰো প্ৰশংসা কৰে । বাৰাকাই কয়, "হয়, আপোনালোকে জানে যে উত্তৰ কোৰিয়াৰ নেতা সম্ভৱতঃ আমেৰিকা যুক্তৰাষ্ট্ৰত আক্ৰমণ কৰিবলৈ সক্ষম বিশ্বৰ একমাত্ৰ নেতা ।" বাৰাকাই লগতে কয়, "তেওঁলোক অকলশৰীয়া যদিও উত্তৰ কোৰিয়াৰ আমেৰিকাত আক্ৰমণ কৰাৰ ক্ষমতা আছে ।" তেওঁ লগতে দাবী কৰে যে সেই দিনটো আহিব পাৰে, যেতিয়া উত্তৰ কোৰিয়াই হস্তক্ষেপ কৰিব । কিয়নো সৰ্বোপৰি ই আমাৰ মিত্ৰজোঁটৰ অংশ ।

উল্লেখ্য যে হামাছৰ এটা প্ৰতিনিধি দলে শেহতীয়াকৈ মস্কো ভ্ৰমণ কৰিছে আৰু এজনে বেইজিং ভ্ৰমণ কৰিব বুলি হামাছৰ বিষয়াই কয় । "বৰ্তমান ৰাছিয়াই দৈনিক ভিত্তিত আমাৰ সৈতে যোগাযোগ কৰে । চীনে ডোহালৈ দূত প্ৰেৰণ কৰিছে । হামাছৰ এটা প্ৰতিনিধি দলে মস্কো ভ্ৰমণ কৰিছে আৰু শীঘ্ৰেই এটা প্ৰতিনিধি দলে বেইজিং ভ্ৰমণ কৰিব ।" তেওঁ কয় ।

আনহাতে, ইৰাণৰ কথা উল্লেখ কৰি হামাছে কয় যে যদি ইৰাণে হস্তক্ষেপ কৰাৰ সিদ্ধান্ত লয় তেন্তে অঞ্চলটোত আমেৰিকাৰ ঘাটিসমূহ আক্ৰমণ কৰিব পাৰে । অৱশ্যে ইৰাণৰ ওচৰত আমেৰিকাক আক্ৰমণ কৰিব পৰাকৈ অস্ত্ৰ-শস্ত্ৰ নাই । কিন্তু যদি আমেৰিকাই স্পষ্টভাৱে ইয়াৰ হস্তক্ষেপ বৃদ্ধি কৰে তেন্তে ই ইজৰাইল আৰু আমেৰিকান ঘাটি আৰু অঞ্চলটোৰ জাহাজসমূহক আক্ৰমণ কৰিব পাৰে ।

লগতে পঢ়ক :Air Base Attack in Pakistan : পাকিস্তানৰ প্ৰশিক্ষণ বিমানঘাটিত সন্ত্ৰাসবাদীৰ আক্ৰমণ

Last Updated : Nov 4, 2023, 10:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.