ইণ্টাৰনেচনেল ডেস্ক, ২৬ জুলাই : পাকিস্তানত মছজিদৰ ভিতৰত পুনৰ বোমা বিস্ফোৰণ । এআৰৱাই নিউজে মঙলবাৰে প্ৰকাশ কৰা বাতৰি অনুসৰি, খাইবাৰ জিলাৰ আলি মছজিদ অঞ্চলৰ এটা নিৰ্মাণৰত মছজিদত সংঘটিত বোমা বিস্ফোৰণৰ ফলত এজন অতিৰিক্ত ষ্টেচন হাউছ অফিচাৰ (এছএইচঅ') নিহত হয় । লগতে আন কেইবাজনো লোক আহত হয় । খাইবাৰ হৈছে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ পেছাৱাৰ খণ্ডৰ এখন জিলা ।
প্ৰাৰম্ভিক অনুসন্ধান অনুসৰি, ঘটনাটো এটা আত্মঘাতী বোমা বিস্ফোৰণ বুলি অনুমান কৰা হৈছে । নিহত অতিৰিক্ত এছএইচঅ'জনক আদনান আফ্ৰিদি বুলি চিনাক্ত কৰা হৈছে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, আহত লোকসকলক চিকিৎসা সহায়ৰ বাবে স্থানীয় চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে । জানিব পৰা মতে, জামৰুদৰ নিৰ্মাণৰত মছজিদটোত দুজন সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য সন্দৰ্ভত খাইবাৰ আৰক্ষীয়ে চোৰাংচোৱাৰ ভিত্তিত অভিযান চলাইছিল ।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা কৰাৰ সময়ত এজন সন্ত্ৰাসবাদীয়ে বোমাৰে নিজকে উৰুৱাই দিয়ে আৰু আনজন সন্ত্ৰাসবাদী বোমা বিস্ফোৰণস্থলীৰ পৰা পলাই যায় । অৱশ্যে এআৰৱাই নিউজে প্ৰকাশ কৰা মতে, সুৰক্ষা বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখ্য় যে পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাত বোমা বিস্ফোৰণৰ ঘটনা বৃদ্ধি পাইছে । প্ৰদেশখন নিৰন্তৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সন্মুখীন হৈ আহিছে । বিগত বছৰৰ ১৮ জুনৰ পৰা চলিত বছৰৰ ১৮ জুনলৈকে প্ৰদেশখনত ৬৬৫ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে । ইয়াৰে ভিতৰত আছিল ১৫ টা আত্মঘাতী বোমা বিস্ফোৰণ । পাক সংবাদ মাধ্যম ডনৰ প্ৰতিবেদনত এই কথা প্ৰকাশ । আনহাতে, প্ৰাদেশিক আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, কেৱল উত্তৰ ৱাজিৰিস্তান জনজাতীয় জিলাখনতে উদ্দেশ্য প্ৰণোদিত সন্ত্ৰাসবাদৰ ঘটনাত আঠটা আত্মঘাতী বোমা বিস্ফোৰণ, ৩৭ টা আইইডি আৰু তিনিটা হেণ্ড গ্ৰেনেড বিস্ফোৰণ, পাঁচটা ৰকেট আক্ৰমণ আৰু ৮৫ টা অগ্নিকাণ্ডৰ ঘটনাৰ সৈতে মুঠ ১৪০ টা সন্ত্ৰাসবাদী অভিযানৰ খবৰ পোৱা গৈছে ।
ডনত প্ৰকাশিত তথ্য তালিকাখনত লগতে কোৱা হৈছে যে ডেৰা ইছমাইল খান জিলাত ৮১ টা সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে । ইয়াৰে ভিতৰত ৭০ টা গুলীচালনাৰ ঘটনা, সাতটা আইইডি আৰু দুটা গ্ৰেনেড বিস্ফোৰণ আৰু এটাকৈ আত্মঘাতী আৰু ৰকেট আক্ৰমণৰ ঘটনা আছিল ।
লগতে পঢ়ক :Israeli Palestinian clash : ইজৰাইলী সামৰিক বাহিনীৰ হাতত নিহত ৩ পেলেষ্টাইন উগ্ৰপন্থী