ইণ্টাৰনেশ্যনেল ডেস্ক, 4 ছেপ্টেম্বৰ: শনিবাৰে বেলুচিস্তানৰ কুৱেটা আৰু ৱাছুক জিলাত চলোৱা দুটা অভিযানত নিষিদ্ধ ঘোষিত তেহৰিক-ই তালিবান পাকিস্তান (টিটিপি) আৰু আইএছ সংগঠনৰ কমেও আঠজন সন্দেহজনক সদস্য নিহত হৈছে বুলি ডন সংবাদ পত্ৰই জানিবলৈ দিয়ে ।
অভিযানৰ সময়ত সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ বিষয়াসকলে এজন অপহৃত ব্যক্তিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দেওবাৰে ডনে প্ৰকাশ কৰা অনুসৰি এমাহ পূৰ্বে অপহৰণ কৰা লোকজনৰ হাত ভৰি লোহাৰ শিকলিৰে বান্ধি কোঠাত আৱদ্ধ কৰি ৰখা হৈছিল । চিটিডিৰ মুখপাত্ৰই ছাবমেচিনগান, হেণ্ড গ্ৰেনেড, 9 এম এম পিষ্টল, বিস্ফোৰণকাৰী কৰ্ড আৰু বিস্ফোৰককে ধৰি অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও উদ্ধাৰ কৰে । মুখপাত্ৰৰ উদ্ধৃতিৰে ডনে জনোৱা মতে, এটা গোচৰ পঞ্জীয়ন কৰা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া বৰ্তমানেও চলি আছে ।
লক্ষণীয় বিষয় যে, যোৱা নৱেম্বৰ মাহত চৰকাৰৰ সৈতে নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ যুদ্ধবিৰতি সমাপ্ত হোৱাৰ পাছৰে পৰা পাকিস্তানত বিশেষকৈ খাইবাৰ পাখতুনখোৱা (কেপি) আৰু বেলুচিস্তানত সন্ত্ৰাসবাদী কাৰ্যকলাপ বৃদ্ধি পাইছে ।
পাকিস্তান ইনষ্টিটিউট ফৰ কনফ্লিক্ট এণ্ড ছিকিউৰিটি ষ্টাডিজে (পিআইচিএছএছ) সংকলিত কৰা এক প্ৰতিবেদনৰ উদ্ধৃতি দি জিঅ’ নিউজে প্ৰকাশ কৰিছে যে কেৱল আগষ্ট মাহতহে পাকিস্তানত 83% সন্ত্ৰাসবাদী আক্ৰমণৰ হাৰ তীব্ৰভাৱে বৃদ্ধি পাইছে ।
আগষ্ট মাহত দেশজুৰি সন্ত্ৰাসবাদী আক্ৰমণৰ যথেষ্ট উত্থান ঘটিছে আৰু এতিয়ালৈকে 99 টা সন্ত্ৰাসবাদী সংঘটিত হোৱাৰ ঘটনা পঞ্জীয়ন কৰা হৈছে । তথ্য অনুসৰি 2014 চনৰ নৱেম্বৰৰ পিছত এমাহৰ ভিতৰত এই সংখ্যা সৰ্বাধিক ।
তথ্য অনুসৰি, জুলাই মাহৰ তুলনাত আগষ্ট মাহত এনে ঘটনা বৃদ্ধি পাইছে 83%, কিয়নো মাহটোত 54 টা আক্ৰমণ সংঘটিত হৈছে । পিআইচিএছএছৰ প্ৰতিবেদনত কেপিৰ জনজাতীয় জিলাত তিনিটা আৰু প্ৰদেশখনৰ মূল ভূখণ্ডত এটা আত্মঘাতী আক্ৰমণৰ কথাও উল্লেখ কৰা হৈছে ।
অৱশ্যে এই আক্ৰমণবোৰৰ কিমানটাৰ সৈতে নিষিদ্ধ সংগঠন জড়িত সেয়া স্পষ্ট হোৱা নাই যদিও, এই আক্ৰমণবোৰত লক্ষ্য হৈ পৰিছিল সাধাৰণ নাগৰিকৰ লগতে বিষয়াসকলো । ইফালে, জুলাই মাহত পাঁচটাকৈ আত্মঘাতী আক্ৰমণ সংঘটিত হয়, যিটো এবছৰৰ ভিতৰত সৰ্বাধিক । মুঠতে 2023 চনৰ প্ৰথম আঠ মাহত দেশত 22 টা আত্মঘাতী আক্ৰমণ সংঘটিত হৈছে, য’ত 227 জন লোক নিহত হৈছে আৰু 497 জন আহত হৈছে ।
জিঅ’ নিউজে প্ৰকাশ কৰা অনুসৰি পিআইচিএছএছৰ তথ্য অনুসৰি উগ্ৰপন্থীৰ ভাবুকিৰ প্ৰতি নিৰাপত্তা বাহিনীয়ে ফলপ্ৰসূ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কমেও 24 জন উগ্ৰপন্থীক হত্যা কৰি বহু আক্ৰমণ ৰোধ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ দেশতে চলোৱা বিভিন্ন অভিযানত আন 69 জন লোকক গ্ৰেপ্তাৰ কৰে ।
প্ৰতিবেদন অনুসৰি আগষ্ট মাহত সন্ত্ৰাসবাদী কাৰ্যকলাপে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা অঞ্চলসমূহ হ’ল বেলুচিস্তান আৰু পূৰ্বৰ ফেডাৰেল প্ৰশাসনিক জনজাতীয় এলেকা (FATA) ।
লগতে পঢ়ক: Imaan Mazari gets bail: সন্ত্ৰাসবাদীক বিত্তীয় সহায়ৰ গোচৰত ইমাম মাজাৰীৰ জামিন মঞ্জুৰ আদালতৰ