ইণ্টাৰনেচনেল ডেস্ক, ২২ মাৰ্চ : মঙলবাৰে নিশা আফগানিস্তান-পাকিস্তানত সংঘটিত প্ৰবল ভূমিকম্পত ১১ জনতকৈ অধিক লোকৰ মৃত্যুৰ তথ্য লাভ কৰা হৈছে (Quake in Pakistan and Afghanistan) । আনহাতে, এই ভূমিকম্পৰ ফলত ১৬০ জনতকৈও অধিক লোক আহত হৈছে । বৰ্তমান ভূমিকম্প সংঘটিত অঞ্চলবোৰত উদ্ধাৰ অভিযান চলি আছে । মঙলবাৰে পাকিস্তানৰ কিছু অংশত ৬.৮ প্ৰাবল্যৰ ভূমিকম্প সংঘটিত হয় । যাৰ ফলত ১১ জন লোক নিহত হয় (11 death in pakistan earthquake) আৰু ১৬০ জনৰো অধিক লোক আহত হয় ।
স্থানীয় সংবাদ মাধ্যমসমূহৰ সূত্ৰত এই তথ্য প্ৰকাশ (more than 160 injured in pakistan quake) । একে সময়তে 'এছ'চিয়েটেড প্ৰেছ'-এ জনাইছে যে আফগানিস্তানত হোৱা ভূমিকম্পৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে । পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ মতে, ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল আফগানিস্তানৰ হিন্দুকুশ অঞ্চলত 180 কিলোমিটাৰ গভীৰতাত । আনহাতে, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীকে ধৰি উত্তৰ ভাৰতৰ কেইবাখনো ঠাইত কম্পন অনুভৱ কৰা হয় (earthquake in Delhi and north India) ।
বিভাগটোৰ সূত্ৰ অনুযায়ী, পাকিস্তানত লাহোৰ, ইছলামাবাদ, ৰাৱালপিণ্ডি, কোৱেটা, পেছাৱাৰ, লাক্কি মাৰৱাট, গুজৰাট, শিয়ালকোট, কোট মমিন, মাধ ৰাঞ্জা, চাকৱাল, কোহাট আৰু গিলগিট-বাল্টিস্তান অঞ্চলত কম্পন অনুভৱ কৰা হয় । দূৰদৰ্শনৰ ফুটেজত দেখা গৈছে যে মানুহে ভয়তে ৰাস্তালৈ ওলাই আহে । জিঅ' নিউজৰ বাতৰি অনুসৰি, সংশ্লিষ্ট বিষয়াসকলে জনাইছে যে ভূমিকম্প সম্পৰ্কীয় ঘটনাত দুগৰাকী মহিলাসহ নজন লোক নিহত আৰু ১৬০-ৰো অধিক লোক আহত হৈছে ।
সংবাদপত্ৰ এক্সপ্ৰেছ ট্ৰিবিউনৰ প্ৰতিবেদন অনুযায়ী, ভূমিকম্পৰ বাবে ৰাৱালপিণ্ডি বজাৰত মানুহৰ মাজত হুৱাদুৱা লাগি পৰে । ইফালে পাকিস্তানৰ চৰকাৰী এছ'চিয়েটেড প্ৰেছৰ মতে, প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলক যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকিবলৈ কৈছে । দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে যে ফেডাৰেল স্বাস্থ্য মন্ত্ৰী আব্দুল কাদিৰ পেটেলৰ নিৰ্দেশত ফেডাৰেল ৰাজধানীৰ চিকিৎসালয়সমূহত "জৰুৰীকালীন অৱস্থা" ঘোষণা কৰা হৈছে । আফগানিস্তানৰ জনস্বাস্থ্য মন্ত্ৰালয়ৰ এজন মুখপাত্ৰ চৰাফত জামান অমৰখেলে কয় যে ভূমিকম্প সম্পৰ্কীয় ঘটনাত হতাহতৰ চিকিৎসাৰ বাবে কৰ্মচাৰীসকলক সাজু ৰাখিবলৈ সকলো চিকিৎসা সুবিধাৰ মুৰব্বীসকলক নিৰ্দেশ দিয়া হৈছে ।
আন্তৰ্জাতিক ভূকম্পন কেন্দ্ৰৰ মতে, ভাৰত, আফগানিস্তান, তুৰ্কমেনিস্তান, কাজাখস্তান, তাজিকিস্তান, উজবেকিস্তান, চীন আৰু কিৰগিজস্তানতো কম্পন অনুভৱ কৰা হৈছিল । উল্লেখ্য যে পাকিস্তানত প্ৰায়ে ভূমিকম্প হয় । এই বছৰৰ জানুৱাৰী মাহত ইছলামাবাদত 6.3 প্ৰাবল্যৰ ভূমিকম্প হৈছিল । ২০০৫ চনত ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ভূমিকম্পই দেশখনত আঘাত কৰিছিল, যাৰ ফলত ৭৪,০০০-ৰো অধিক লোকৰ মৃত্যু হৈছিল ।
লগতে পঢ়ক :Earthquake Tremors in North India : পাকিস্তানৰ লগতে উত্তৰ ভাৰততো ভূমিকম্পৰ জোকাৰণি