ইন্টাৰনেশ্যনেল ডেক্স,5 জানুৱাৰীঃ শনিবাৰে উত্তৰ কেৰোলিনাৰ ফোৰ্ট ব্ৰাগৰ পৰা কেইবাশ সৈন্যক কোৱেইটলৈ মোতায়ন কৰা হয় ৷ আমেৰিকান সেনাই ইৰাণৰ অল-কুৱাড ফ’ৰ্চৰ প্ৰধান জেনেৰেল কাছেম চুলেইমানিক হত্যা কৰাৰ পিছত মধ্য প্ৰাচ্যত বৃদ্ধি পোৱা উদ্বিগ্নতাৰ বাবেই এই সিদ্ধান্ত আমেৰিকান চৰকাৰৰ ৷ 82 এয়াৰবৰ্ণ ডিভিজনৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল মাইক বাৰ্নচে জনায় যে, ডিভিজনটোৰ ‘ইমিডিয়েট ৰেচ্পন্স ফ'ৰ্চ’ হিচাপে পৰিচিত 3,500 সৈন্যক কিছু দিনৰ ভিতৰতেই মোতায়ন কৰা হ’ব ৷ বাৰ্নচে আৰু জনায় যে, সদ্য মোতায়িত সদস্যসকলে অতি শীঘ্ৰেই সপ্তাহৰ আৰম্ভণিতেই তাত নিয়োগ কৰা 700 গৰাকী সেনাৰ সৈতে মিলিত হ’ব ৷
শনিবাৰে পুৱাৰ ভাগতে ফোৰ্ট ব্ৰাগৰ এটি লোডিং ৰেম্প ‘কোম্বেট গিয়াৰ’ আৰু অস্থিৰ সৈন্যসকলৰ দ্বাৰা পূৰ্ণ হৈ আছিল ৷ তাৰে কিছু সংখ্যকে কাঠৰ বেঞ্চতে টোপনি যোৱাৰ বাবে চেষ্টা কৰি আছিল ৷ শুকুৰবাৰৰ ড্ৰ’ণ আক্ৰমণত ইৰণৰ অল-কুৱাড ফ’ৰ্চৰ প্ৰধান জেনেৰেল কাছেম চুলেইমানিৰ মৃত্যুৰ পিছতে, ইৰাণৰ সাম্ভাব্য প্ৰতিশোধমূলক পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰে সেনাসকলে ৷
উল্লখ্য যে, বাগদাদ আন্তৰ্জাতিক বিমান বন্দৰৰ কাষতে সংঘটিত আক্ৰমণটোৰ বাবে নিৰ্দেশ প্ৰদান কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৷ উক্ত ঘটনাৰ পিছতেই ইৰাণে প্ৰতিশোধৰ কথা ঘোষণা কৰাৰ পিছতেই বিশ্বজুৰি এক সৰ্বাত্মক যুদ্ধৰ আশংকা বৃদ্ধি পাইছে যদিও এই প্ৰতিক্ৰিয়া কেতিয়া আৰু কেনেকৈ আহিব সেইয়া নিশ্চিত নহয় ৷ বাৰ্নচে কয় যে, ‘ইমিডিয়েট ৰেচ্পন্স ফ'ৰ্চ ৰ সৈন্যসকল বিদেশত সন্মুখীন হোৱা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে প্ৰশিক্ষণ প্ৰাপ্ত ৷
লগতে পঢ়ক-চুলেইমানিৰ হত্যাৰ পিচতেই মধ্যপ্ৰাচ্যলৈ আমেৰিকাৰ অতিৰিক্ত 3000 সেনা প্ৰেৰণ