ETV Bharat / international

কায়ৰাৰ পৰা ২৩৫ জন যাত্ৰী লৈ ভাৰতলৈ উৰা মাৰিলে বন্দে ভাৰত বিমান

author img

By

Published : Jun 16, 2020, 7:57 AM IST

দেশজুৰি দ্ৰুত গতিত মহামাৰী COVID-19 বৃদ্ধি পোৱা সময়তে সোমবাৰে ইজিপ্তৰ কায়ৰাত আৱদ্ধ ২৩৫ গৰাকী ভাৰতীয়ক লৈ মুম্বাই আৰু কোছিলৈ উৰা মাৰে এখন বিশেষ বিমান ।

কায়ৰা
কায়ৰাৰ পৰা ২৩৫ জন যাত্ৰী লৈ ভাৰতলৈ উৰা মাৰে বন্দে ভাৰত বিমান

নিউজ ডেস্ক, ১৬ জুনঃ ইজিপ্তৰ কায়ৰাৰ পৰা বন্দে ভাৰত মিছনৰ অধীনত সোমবাৰে ২৩৫ জন যাত্ৰীলৈ ভাৰতলৈ উৰা মাৰে এখন বিশেষ বিমান । মহামাৰী কৰ'ণাৰ বাবে কয়ৰাত আৱদ্ধ হৈ পৰা মুম্বাই আৰু কোছিৰ যাত্ৰীক লৈ উৰা মাৰে বিমানখন ।

উল্লেখ্য যে, বন্দে ভাৰত মিছন হৈছে ভাৰত চৰকাৰৰ এটা এনেকুৱা যোজনা য'ত মহামাৰী COVID-19ক প্ৰতিৰোধ কৰিবলৈ ভাৰতত সকলো ধৰণৰ যাত্ৰা বন্ধ কৰি দিয়াৰ সময়ত বিশ্বৰ ভিন্ন স্থানত আৱদ্ধ হৈ পৰা প্ৰৱাসী ভাৰতীয়ক পুনৰ নিজ দেশলৈ ঘূৰাই আনিবলৈ ভাৰত চৰকাৰৰ দ্ধাৰা লোৱা এক প্ৰচেষ্টা ।

আনহাতে, বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে ১১ জুনত সদৰি কৰা অনুসৰি বন্দে ভাৰতৰ অধীনত বৰ্তমান পৰ্যন্ত ২৯,০৩৪ গৰাকী প্ৰৱাসী শ্ৰমিকৰ সৈতে মুঠ ১,৬৫,৩৭৫ গৰাকী প্ৰবাসী ভাৰতীয় লোকক নিজ দেশলৈ ঘূৰাই আনে ।

৭ মে' ৰ পৰা আৰম্ভ হোৱা বন্দে ভাৰত মিছন ৩০ জুন পৰ্যন্ত থাকিব বুলিও সদৰি কৰে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.