ETV Bharat / international

Evacuation Failed : আফগানিস্তানৰ পৰা হাইজেক হ’ল বহি: ৰাষ্ট্ৰৰ বিমান

author img

By

Published : Aug 24, 2021, 4:10 PM IST

ইউক্ৰেইনৰ লোকসকলক স্থানান্তৰ কৰিবলৈ আফগানিস্তানত উপস্থিত হোৱা ইউক্ৰেইনৰ এখন বিমান অচিনাক্ত লোকে হাইজেক(hijack) কৰাৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত ৷ জানো আঁহক ঘটনাৰ সবিশেষ ৷

ukranian-evacuation-plane-hijacked-in-afghanistan
evacuation failed : আফগানিস্তানৰ পৰা হাইজেক হ’ল পৰ ৰাষ্ট্ৰৰ বিমান

ইন্টাৰনেশ্বনেল ডেস্ক, 24 আগষ্ট : ইউক্ৰেইনৰ উপ বৈদেশিক মন্ত্ৰী য়েভগেনি য়েনিন(Ukraine’s Deputy Foreign Minister Yevgeny Yenin)ৰ এক ঘোষণাই সম্প্ৰতি সমগ্ৰ বিশ্বত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ য়েভগেনি য়েনিন(Yevgeny Yenin)ৰ এক উদ্ধৃতিৰে ৰাছিয়াৰ সংবাদ সংস্থা টাছে(TASS ) প্ৰকাশ কৰিছে যে, ইউক্ৰেইনৰ লোকসকলক স্থানান্তৰ কৰিবলৈ আফগানিস্তানত উপস্থিত হোৱা ইউক্ৰেইনৰ এখন বিমান অচিনাক্ত লোকে হাইজেক(hijack) কৰিছে ৷

অপহৰণকাৰী সকলে পৰৱৰ্তী সময়ত বিমানখন লৈ ইৰাণলৈ উৰা মাৰিছিল । তেওঁ কয় যে, যোৱা দেওবাৰে তেওঁলোকৰ বিমানখন আন কোনে লোকে অপহৰণ কৰিছিল । মঙলবাৰে, বিমানখন তেওঁলোকৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰ হৈ এক কথাত অপহৰণ হৈছিল বুলিও তেওঁ মন্তব্য কৰে ৷

ইউক্ৰেইনৰ লোকসকলক উদ্ধাৰ কৰাৰ বাবে ব্যৱহাৰ হ’ব লগীয়া বিমানখন ইউক্ৰেইনিয়ান সকলৰ পৰিৱৰ্তে এটা অচিনাক্ত যাত্ৰীৰ দলৰ সৈতে পৰৱৰ্তী সময়ত ইৰাণলৈ উৰা মাৰিছিল । ইউক্ৰেইনৰ পৰৱৰ্তী তিনিটা স্থানান্তৰৰ প্ৰচেষ্টা(evacuation attempts)ও সফল হোৱা নাছিল ৷

তেওঁলোকৰ এই বিফল প্ৰচেষ্টাৰ কাৰণ হিচাপে ইউক্ৰেইনিয়ান লোকসকলে বিমানবন্দৰত প্ৰৱেশ কৰিবই পৰা নাছিল বুলি য়েভগেনি য়েনিনে জানিবলৈ দিয়ে । উপ বৈদেশিক মন্ত্ৰীজনে কয় যে তেওঁ বিশ্বাস কৰে যে, অপহৰণকাৰীসকল সশস্ত্ৰ আছিল ৷ মন্ত্ৰী গৰাকীৰ এই মন্তব্য টাছৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছিল । অৱশ্যে, তেহৰাণ টাইমছে ইউক্ৰেইনৰ বিদেশমন্ত্ৰীৰ মুখপাত্ৰই সকলো ধৰণৰ অপহৰণৰ বাতৰি অস্বীকাৰ কৰা বুলি আন এটা প্ৰতিবেদন প্ৰকাশ কৰাত বিষয়টোকলৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : আফগানিস্তানৰ পৰা স্থানান্তৰৰ সময়ত বিমানতে সন্তান প্ৰসৱ আফগান মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.