নিউজ ডেস্ক, 14 নৱেম্বৰঃ বিশ্বৰ আন এক প্ৰলয়ংকাৰী ধুমুহা ভামকোৱে যোৱা এসপ্তাহত বিস্তৰ ক্ষতি সাধন কৰিছে ফিলিপাইন্সত ৷ ফিলিপাইন্স নেশ্যনেল পুলিচৰ তথ্য অনুসৰি ভামকোত মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে 53 জন ৷
সমান্তৰালভাৱে বানপানী আৰু ভূমিস্খলনৰ ফলত এতিয়ালৈকে 22 লোক সন্ধানহীন হৈ থকাৰ তথ্য প্ৰকাশ কৰিছে পিএনপেয়ে ৷
ইফালে পিএনপিৰ তথ্যমতে, যিহেতু সন্ধানহীন সকলৰ উদ্ধাৰ কাৰ্য অব্যাহত আছে, সেয়েহে মৃত্যু হোৱা লোকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ উল্লেখ্য যে, ভামকোত অধিক ক্ষতিগ্ৰস্থ হৈছে ফিলিপাইন্সৰ লুজ'ন দ্বীপ ৷
লগতে পঢ়কঃহোজাইত সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ উদ্যোগত শিশু দিৱস উদযাপন