ETV Bharat / international

ইণ্ডো-পেচিফিকত বৃদ্ধি পাইছে সংঘৰ্ষৰ শংকা : অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী - সংঘৰ্ষৰ শংকা বৃদ্ধি

"মুক্ত বাণিজ্য,বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা কেৱল চীন আৰু আমেৰিকাই নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ জাপান, ভাৰত,ৰিপাব্লিক অৱ কোৰিয়া,দক্ষিণ-পূৱ এছিয়াৰ দেশ যেনে,ইণ্ডোনেছিয়া,মালয়েছিয়া,ছিংগাপুৰ,ভিয়েটনামৰ নিজস্ব এজেন্সী থাকে আৰু নিজাববীয়া পছন্দ আৰু ভূমিকা থাকে আৰু একেধৰণে অষ্ট্ৰেলিয়াইও কাম কৰে"-মৰিছন ৷

ইণ্ডো-পেচিফিকত বৃদ্ধি পাইছে সংঘৰ্ষৰ শংকা : অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছন
author img

By

Published : Jul 2, 2020, 1:57 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 2 জুলাই : নিয়ন্ত্ৰণ ৰেখাত (LAC) চীনৰ সংঘৰ্ষমূলক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ পাচত অষ্ট্ৰেলিয়াই দেশৰ 2016 বৰ্ষৰ Strategic Defence Framework ত নতুন সংযোজন ঘটাইছে ৷ ইয়াৰ জৰিয়তে প্ৰয়োজন হ'লে দেশৰ স্বাৰ্থত বিশ্বাসযোগ্য মিলিটাৰী শক্তিৰে প্ৰত্যাহ্বান জনাব পৰাকৈ এই সংৰচনা তৈয়াৰ কৰা হৈছে ৷

2020 চনৰ এই সংৰচনা মুকলি কৰাৰ পাচতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে এই সম্পৰ্কত মন্তব্য আগবঢ়ায় ৷ তেওঁ কয় যে, এয়া 270 বিলিয়ন অষ্ট্ৰেলিয়ান ডলাৰ মূল্যৰ 10 বছৰৰ প্ৰতিৰক্ষা আঁচনি ৷ ইয়াত প্ৰথম বাৰৰ বাবে স্থল, বায়ু আৰু নৌ সেনাৰ বিশেষ ৰেঞ্জৰ কানবেৰাত ৰাখিব পৰা হাইপাৰছনিক ষ্ট্ৰাইক মিছাইল অন্তৰ্ভূক্ত কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী মৰিছনে কয়, "আমাৰ দেশে কেৱল ভৱিষ্যতক গঢ় দিয়াই নহয়, আমাৰ সম পৰ্যায়ৰ বিশ্বৰ অন্য শক্তিসমূহৰ ওপৰত চকু ৰাখে ৷ সেয়েহে এই নতুন সংৰচনা প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ ইণ্ডো পেচিফিকত ভূখণ্ড দাবী কৰাৰ প্ৰৱণতা আৰু উদ্বিগ্নতা বৃদ্ধি পাই আহিছে ৷ সেই সমস্যা আমি ভাৰত আৰু চীনত শেহতীয়াকৈ দেখা পাইছো ৷ সংঘৰ্ষৰ শংকা দিনক দিনে বৃদ্ধি পাইছে ৷"

মৰিছনে কয়, "ভুল তথ্য আৰু বহিঃৰাষ্ট্ৰৰ হস্তক্ষেপ বাঢ়ি আহিছে আৰু ইয়াৰ ফলত নতুন আৰু কৌশলগত প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰো বৃদ্ধি পাইছে ৷ ৰাজ্যিক সাৰ্বভৌমত্ব বাধাগ্ৰস্ত হৈছে ৷"

চীন আৰু আমেৰিকাৰ উদ্বিগ্ন সম্পৰ্ক আৰু শ্ৰেষ্ঠতা প্ৰদৰ্শনৰ যুঁজখনলৈ আঙুলিয়াই মৰিছনে কয় যে, অন্য হিতাধিকাৰীসকল একাষৰীয়া হৈ থাকিব নোৱাৰে যিহেতু ৰণনীতিত বিশেষ পৰিৱৰ্তন সকলোৱে দেখিবলৈ পাইছে ৷ তেওঁ কয়, "মুক্ত বাণিজ্য, বিনিয়োগ আৰু উন্নয়নৰ ক্ষেত্ৰত সহযোগিতা কেৱল চীন আৰু আমেৰিকাই নিৰ্ধাৰণ কৰিব নোৱাৰে ৷ জাপান, ভাৰত, ৰিপাব্লিক অৱ কোৰিয়া, দক্ষিণ-পূৱ এছিয়াৰ দেশ যেনে,ইণ্ডোনেছিয়া,মালয়েছিয়া,ছিংগাপুৰ, ভিয়েটনামৰ নিজস্ব এজেন্সী থাকে আৰু নিজাববীয়া পছন্দ আৰু ভূমিকা থাকে আৰু একেধৰণে অষ্ট্ৰেলিয়াইও কাম কৰে ৷"

অষ্ট্ৰেলিয়াৰ এই নতুন সংৰচনাই প্ৰতিৰক্ষাৰ আঁচনিত বিশেষ গুৰুত্ব বহন কৰিব ৷ জাপান, ভাৰত আৰু আমেৰিকাৰ সৈতে চাৰিদেশীয় সম্পৰ্ক অব্যাহত ৰখা অষ্ট্ৰেলিয়াই দ্বিতীয় বিশ্ব যুদ্ধৰ পাচত নৌ সেনাত সৰ্ববৃহৎ সালসলনি ঘটাবলৈ আগবাঢ়িছে ৷ ইয়াৰোপৰি,বায়ু সেনাত অষ্ট্ৰেলিয়াই সংলগ্ন কৰিব উন্নত প্ৰযুক্তিবিদ্যা সম্পন্ন F-35 লাইটনিং জইন্ট ষ্ট্ৰাইক ফাইটাৰ বিমান ৷

মৰিছনে কয়, "আমি আমাৰ প্ৰতিবেশীক ভিতিগ্ৰস্ত অথবা মৌন কৰি ৰাখিব নিবিচাৰো ৷ তেওঁলোকৰ সাৰ্বভৌমত্বক আমি সন্মান কৰো ৷ আমি আনক যিদৰে সন্মান কৰো সেইদৰে আমাকো তেওঁলোকে সন্মান কৰাটো বিচাৰো ৷ সাৰ্বভৌমত্ব মানে হৈছে আত্মসন্মান, স্বাধীনতা, নিজস্বতা, মুক্ত চিন্তা ৷ আমি আত্মসমৰ্পন নকৰো ৷ কেতিয়াও নকৰো ৷" কৰ'ণা ভাইৰাছৰ উৎপত্তিস্থল য়ুহান বুলি তদন্ত আৰম্ভ কৰাৰ বাবে দেশসমূহে গ্ৰহণ কৰা সিদ্ধান্তত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে সমৰ্থন জনোৱাৰ বাবেই দুই দেশক বাণিজ্যক পৰিণাম ভোগ কৰিব লাগিব বুলি চীনে ভাবুকি দিয়াৰ পাচতে মৰিছনে এই মন্তব্য কৰে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে প্ৰতিৰক্ষা সম্পৰ্কীয় বিষয়ত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ দুই প্ৰধানমন্ত্ৰীয়ে এখন ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰিছিল ৷

লগতে পঢ়ক : বিশ্বৰ সস্তীয়া COVID-19 প্ৰতিষেধক প্ৰস্তুত কৰিবলৈ সাজু ভাৰত বায়'টেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.