ETV Bharat / international

তৃতীবাৰৰলৈ চেল্ফ আইচ'লেচনত ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন - ইজৰালৰ প্ৰধান মন্ত্ৰী

তৃতীবাৰৰ বাবে চেল্ফ আইচ'লেচন থাকিব লগীয়া হৈছে ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন নেতান্যাহু ৷ যোৱাটো সপ্তাহত লিকড আদালতৰ সভাপতি মাইকেল ক্লেইনাৰৰ সৈতে ইজৰালৰ প্ৰধান মন্ত্ৰী বেনামিন নেতান্যাহুৰ সংস্পৰ্শলৈ অহাৰ পাচতে সোমবাৰে ক'ভিড-19 পৰীক্ষা কৰাত পজিটিভ ফলাফল লাভ কৰে ক্লেইনাৰে ৷

Netanyahu to quarantine for 3rd time without being contracted Covid-19
তৃতীবাৰৰলৈ চেল্ফ আইচ'লেচনত ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন
author img

By

Published : Dec 15, 2020, 9:19 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,15 ডিচেম্বৰ: ইজৰালৰ প্ৰধান মন্ত্ৰী বেন্জামিন নেতান্যাহু তৃতীবাৰৰ বাবে চেল্ফ আইচ'লেচন থাকিব লগীয়া হৈছে ৷ ক'ভিড-19 পজিটিভ নোহোৱাকৈ তৃতীয়বাৰৰ বাবে নিজকে পৃথক কৰি ৰাখিছে প্ৰধান মন্ত্ৰী গৰাকীয়ে । প্ৰধান মন্ত্ৰী গৰাকীয়ে ক'ভিড-19 পজিটিভ হোৱা লোকৰ সংস্পৰ্শলৈ অহাৰ বাবে পুনৰ চেল্ফ আইচ'লেচনত থকাৰ সিদ্ধান্ত লোৱা বুলি মন্ত্ৰী গৰাকীৰ মুখপাত্ৰই জনায় ৷

যোৱাটো সপ্তাহৰ সোমবাৰে লিকড আদালতৰ সভাপতি মাইকেল ক্লেইনাৰৰ সৈতে ইজৰালৰ প্ৰধান মন্ত্ৰী বেনামিন নেতান্যাহুৰ সংস্পৰ্শলৈ আহিছিল আৰু ক্লেইনাৰে সোমবাৰে ক'ভিড-19 পৰীক্ষাত কৰাত পজিটিভ ফলাফল লাভ কৰে ৷ অৱশ্যে দেওবাৰ আৰু সোমবাৰে কৰা ক'ভিড-19 পৰীক্ষাত বেন্জামিন নেতান্যাহুৰ ৰিজাল্ট নিগেটিভ আহিছে যদিও পাঁচ দিন পৃথক কৈ থকাৰ সিদ্ধান্ত লৈছে ৷

কৰ'ণা মহামাৰীৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়া মাহত ভিডিঅ' কনফাৰেন্সৰ যোগেৰে ইজৰাইলৰ কেবিনেট সভা অনুষ্ঠিত কৰা হৈছিল, সেয়েহে নেতান্যাহুৱে আইচ'লেচনত থকাৰ পাচতো বিভাগীয় কোনো কাম নকৰাকৈ থকা নাই ৷ ইফালে, ইছৰাইলৰ স্বাস্থ্য মন্ত্ৰী য়ুলি এডেলষ্টাইনে কয় যে দেশৰ জনগণৰ বাবে COVID-19 টিকাকৰণ কাৰ্য্যসূচী ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব ৷

লগতে পঢ়ক: আফগান শান্তি চুক্তিক লৈ পাক আৰ্মি চীফৰ সৈতে বাৰ্তালাপত মিলিত খালিজাড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.