ETV Bharat / international

ঘোষণা হ'ল ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ

author img

By

Published : Oct 7, 2019, 8:55 PM IST

আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটাপ্ৰাপকসকলৰ নাম ৷ সেই অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম কায়েলিন, গ্ৰেগ চামেঞ্জা আৰু ব্ৰিটেইনৰ পিটাৰ ৰাটক্লিফে লাভ কৰিছে 2018 বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটা ৷

ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ প্ৰাপকসকল

নিউজ ডেস্ক, 7 অক্টোবৰঃ আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে 2018 বৰ্ষৰ বিভিন্ন শিতানৰ নবেল বঁটাপ্ৰাপকসকলৰ নাম ৷ ন'বেল কমিটিয়ে সোমবাৰে ঘোষণা কৰে ফিজিওলজি অৰ্থাৎ ঔষধি শাস্ত্ৰৰ ন'বেল পুৰস্কাৰ ৷ এই শিতানত 2018 বৰ্ষৰ বঁটা যুটীয়াভাৱে লাভ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম কায়েলিন, গ্ৰেগ চামেঞ্জা আৰু ব্ৰিটেইনৰ পিটাৰ ৰাটক্লিফে ৷ ছুইদেনৰ ৰজা কাৰ্ল ষষ্ঠদশে ৰাজধানী ষ্টকহমত তিনিওগৰাকী বৈজ্ঞানিকক প্ৰদান কৰিব বঁটাটো ৷ বঁটাত থাকিব 9 মিলিয়ন ছুইদিশ ক্ৰোনোৰ (914,000 আমেৰিকান ডলাৰ) ৷

মানব দেহত অক্সিজেনৰ অনুভুতি কোষসমূহে কিদৰে গ্ৰহণ কৰে সেই সন্দৰ্ভত কৰা আৱিস্কাৰৰ বাবেই ন'বেল বঁটালৈ নিৰ্বাচিত হয় তিনিওগৰাকী বিজ্ঞানী ৷ তিনিওগৰাকী বিজ্ঞানীয়ে দেহত থকা অক্সিজেনৰ মাত্ৰাই কিদৰে কোষীয় বিপাক প্ৰক্ৰিয়াৰ আৰু শাৰিৰীক প্ৰক্ৰিয়াত প্ৰভাৱ পেলায় তাক ধৰা পেলাবলৈ সক্ষম হৈছিল ৷ এই বিষয়ে সাধাৰণ মানুহক বুজাবলৈ সক্ষম হোৱাৰ লগতে সমগ্ৰ মানৱ জাতিৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে তিনিওগৰাকী মহান বিজ্ঞানীয়ে ৷ তেওঁলোকৰ গৱেষনাই ৰক্তহীনতা, কেন্সাৰকে ধৰি অন্যান্য বিভিন্ন বেমাৰসমূহৰ বিৰুদ্ধে যুঁজ দিয়াত উচিত ৰূপে ব্যৱহৃত হ'ব বুলি বিবেচিত কৰিছে ন'বেল কমিটিৰ আন্তঃৰাষ্ট্ৰীয় বাছনি পৰিষদে ৷

গৱেষনাৰ দ্বাৰা তিনিওগৰাকী বিজ্ঞানীয়ে মানৱ শৰীৰৰ জিনসমূহৰ কাৰ্যক্ষমতা আৰু বিভিন্ন মাত্ৰাত অক্সিজেন গ্ৰহণ কৰাৰ অনুবৈজ্ঞানিক মেচিনাৰী চিনাক্ত কৰিছে ৷ সমগ্ৰ প্ৰক্ৰিয়াটোৰ বাবে বিশ্বৰ বিভিন্ন প্ৰান্তৰ একাডেমিক পৰীক্ষাগাৰৰ লগতে ঔষধ প্ৰস্তুতকাৰী প্ৰতিষ্ঠানসমূহে কাম কৰি আছে, যাৰ দ্বাৰা এটা নিৰ্দিষ্ট ড্ৰাগছ চিনাক্ত কৰি অক্সিজেন অনুভৱকাৰী মেচিনাৰী নিৰ্মানত মনোনিৱেশ কৰিছে ৷

অহা 10 ডিচেম্বৰত প্ৰসিদ্ধ আলফ্ৰেড ন'বেলৰ মৃত্যুতিথিৰ দিনটোত প্ৰদান কৰা হ'ব বিভিন্ন শিতানৰ 2018 বৰ্ষৰ ন'বেল বঁটাসমূহ ৷ উল্লেখ্য যে, বিগত 70 বৰ্ষৰ ভিতৰত 2018 বৰ্ষৰ ন'বেল বঁটাসমূহ ৰদ কৰি ৰাখিছিল আন্তৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ৷ সাহিত্যৰ বঁটাপ্ৰাপক দুগৰাকী সাহিত্যিকৰ নাম যৌন কেলেংকাৰীত সাঙোৰ খাই পৰাৰ বাবেই বিগত বৰ্ষত বন্ধ কৰি ৰাখিছিল ন'বেল বঁটা প্ৰদান অনুষ্ঠান ৷

2017 বৰ্ষত এই বঁটা লাভ কৰিছিল ঔষধি শাস্ত্ৰৰ ন'বেল বঁটা লাভ কৰিছিল আমেৰিকাৰ জেমছ আলিছনৰ লগতে জাপানৰ টাছুকু হনজোই ৷ মানৱ শৰীৰ ৰোগ প্ৰতিৰোধী তন্ত্ৰক অধিক শক্তিশালী ৰূপত কেন্সাৰ ৰোগ প্ৰতিৰোধত ব্যৱহাৰৰ বাবেই দুয়োগৰাকীয়ে লাভ কৰিছিল এই বঁটা ৷

আনহাতে, মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ, বুধবাৰে ৰসায়ন বিজ্ঞান, বৃহস্পতিবাৰে সাহিত্য, শুক্ৰবাৰে শান্তি আৰু শনিবাৰে অৰ্থনীতিৰ ন'বেল বঁটা ঘোষণা কৰিব আন্তঃৰাষ্ট্ৰীয় ন'বেল কমিটিয়ে ৷

চলিত বৰ্ষৰ ঔষধি শাস্ত্ৰৰ ন'বেল বঁটা লাভ কৰিবলৈ সক্ষম হোৱা আমেৰিকাৰ বিজ্ঞানী উইলিয়াম কায়েলিনে আমেৰিকাৰ হোৱাৰ্ড হাগছ মেডিকেল ইনষ্টিটিউটত কৰ্মৰত ৷ আমেৰিকাৰ জন হপকিনছ ইনষ্টিটিউট ফৰ ছেল ইঞ্জিনীয়াৰিংৰ ভাছকুলাৰ ৰিছাৰ্চ প্ৰগ্ৰামৰ নিৰ্দেশক হিচাপে কৰ্মৰত গ্ৰেগ চামেঞ্জা ৷ আনহাতে লণ্ডনৰ ফ্ৰান্সিচ ক্ৰিক ইনষ্টিটিউটৰ ক্লিনিকেল ৰিছাৰ্চ বিভাগৰ নিৰ্দেশক হিচাপে কৰ্মৰত পিটাৰ ৰাটক্লিফ ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.