ETV Bharat / international

ইৰাকৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত চোৰাংচোৱা বিষয়া মুস্তাফা অল কাধিমী - Former spy Mustafa Al Kadhimi is Iraq's new PM

আমেৰিকা-ইৰাকৰ মাজৰ আলোচনা, বিশ্বব্যাপী কেঁচাতেলৰ মূল্য হ্ৰাস, কোভিড-১৯ মহামাৰীৰ সন্ত্ৰাস আদি বহুকেইটা বিষয়ৰ মাজতে এইদৰে ইৰাকৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয় দেশখনৰ প্ৰাক্তন চোৰাংচোৱা বিষয়া তথা সংগঠনটোৰ প্ৰধান অল কাধিমী ।

ইৰাকৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত চোৰাংচোৱা বিষয়া মুস্তাফা অল কাধিমী

author img

By

Published : May 7, 2020, 2:36 PM IST

নিউজ ডেস্ক, ৭ মে' : ইৰাকৰ প্ৰধানমন্ত্ৰী পদত নিৰ্বাচিত হৈছে দেশখনৰ চোৰাংচোৱা বাহিনীৰ প্ৰাক্তন প্ৰধান মুস্তাফা অল কাধিমী । ৰাজনৈতিক সংকটৰ লগতে কোভিড-১৯ মহামাৰীৰ সময়তে বৃহস্পতিবাৰে ইৰাকৰ প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে অল কাধিমীয়ে ।

ইৰাকৰ চৰকাৰী নীতি অনুসৰি, ২৫৫ গৰাকী আইন প্ৰনেতাৰ অনুমোদন তথা মুস্তাফাৰ দ্বাৰা প্ৰস্তাৱিত কেবিনেট মন্ত্ৰীসকলৰ সমৰ্থন তথা পাঁচমাহযোৰা ৰাজনৈতিক অসামঞ্জস্যতাৰ পৰৱৰ্তী সময়ত ইৰাকৰ ষষ্ঠগৰাকী প্ৰধানমন্ত্ৰীৰূপে শপতগ্ৰহণ কৰে মুস্তাফাই ।

আইন প্ৰনয়নকাৰীসকলে প্ৰধানমন্ত্ৰীৰ লগতে ১৫ গৰাকী মন্ত্ৰীৰ শপতগ্ৰহণত অনুমোদন জনোৱাৰ লগতে পাঁচগৰাকী মন্ত্ৰী, বাণিজ্য, আইন, সংস্কৃতি, কৃষি আৰু প্ৰব্ৰজন, তেওঁলোকৰ শপতগ্ৰহণ বাতিল কৰে ।

উল্লেখ্য যে, ইৰাকৰ চোৰাংচোৱা সংস্থাৰ প্ৰধান হৈ থাকোতেই কাধিমীয়ে প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হৈছিল আৰু নিজৰ পদবীৰ পৰা পদত্যাগ কৰিছিল । শপতগ্ৰহণ অনুষ্ঠানৰ পৰা কাধিমীয়ে ইৰাকত এইখন চৰকাৰে সমস্যাৰ সমাধান কৰিব, নতুন সমস্যাৰ সৃষ্টি নকৰে বুলি মন্তব্য কৰে । দেশখনত চলি থকা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক সমস্যাৰ সন্মুখীন হ'বলৈ আমি চৰকাৰ গঠন কৰিছো বুলি কাধিমীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়কঃ Covid-১৯ ৰ চিকিৎসাৰ এণ্টিবডীৰ ক্ষেত্ৰত সফল হৈছোঁ, প্ৰতিষেধকৰ ক্ষেত্ৰত নহয় : ইজৰাইলী ৰাষ্ট্ৰদূত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.