ETV Bharat / international

প্ৰথমে আগিয়া ছোফিয়া, এইবাৰ গীৰ্জাঘৰ; বিশ্ব সংস্কৃতিৰ প্ৰতি ভাবুকি তুৰ্কীৰ ৰাষ্ট্ৰপতি - ইছলাম বিস্তাৰবাদী নীতি

ইউনিচেফৰ বিশ্ব ঐতিহ্যস্থলী আগিয়া ছোফিয়াক মছজিদলৈ ৰূপান্তৰ কৰাৰ পিচত এইবাৰ 1945 চনৰ পৰা সংগ্ৰহালয় হিচাপে ঘোষণা কৰা এক গীৰ্জাঘৰ মছজিদলৈ ৰূপান্তৰ কৰিলে ইছলামিক তুৰ্কীয়ে ৷

ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম
ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম
author img

By

Published : Aug 22, 2020, 9:00 AM IST

নিউজ ডেস্ক, 22 আগষ্ট : প্ৰথমে ইউনিচেফৰ বিশ্ব ঐতিহ্যস্থলী আগিয়া ছোফিয়াক মছজিদলৈ ৰূপান্তৰ ৷ এইবাৰ 1945 চনৰ পৰা সংগ্ৰহালয় হিচাপে থকা গীৰ্জাঘৰ, বিশ্ব সংস্কৃতিক বিকৃতকৰণ কৰি ধৰ্মান্তকৰণৰ এক ঘৃণনীয় উদাহৰণ দাঙি ধৰিছে ইছলামিক দেশ তুৰ্কীয়ে ৷ তুৰ্কীৰ ইষ্টানবুলস্থিত বিখ্যাত ছোৰা গীৰ্জাঘৰ যাক 1945 চনৰ পৰাই সংগ্ৰহালয় হিচাপে ঘোষণা কৰা হৈছিল, শেহতীয়াকৈ এইটো গীৰ্জাঘৰ মছজিদলৈ ৰূপান্তৰ কৰে দেশখনে ৷ তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেকেপ টায়েপ এৰ্ডোগানে শেহতীয়াকৈ এইটো গীৰ্জাঘৰ মছজিদলৈ ৰূপান্তৰ কৰিবলৈ অনুমতি প্ৰদান কৰিছে ৷

দেশখনৰ ধৰ্মীয় পৰিক্ৰমা নিৰ্দেশালয়ে শুকুৰবাৰে এই সন্দৰ্ভত এক চৰকাৰী অধিসূচনা জাৰী কৰে ৷ অধিসূচনাটোত গীৰ্জাঘৰটো ইছলামৰ বাবে অগ্ৰহণীয় বুলি উল্লেখ কৰাৰ লগতে ইয়াক মছজিদলৈ ৰূপান্তৰ কৰি ইয়াত মুছলমানসকলক নামাজ পঢ়িবৰ বাবে মুকলি কৰিবলৈ কোৱা হয় ৷

লগতে পঢ়ক : আগিয়া ছোফিয়াক লৈ ৱৰ্ল্ড কাউন্সিল অৱ ছাৰ্ছেজৰ প্ৰতিক্ৰিয়া

1453 চনত ইষ্টানবুলত অট্টোমন সাম্ৰাজ্য স্থাপনৰ সময়ত ইয়াক প্ৰথমে মছজিদলৈ ৰূপান্তৰ কৰা হৈছিল ৷ তুৰ্কীৰ মন্ত্ৰীপৰিষদে 1945 চনত ইয়াক সংগ্ৰহালয় হিচাপে ঘোষণা কৰে ৷ কিন্তু 2019ৰ নৱেম্বৰত দেশখনৰ মন্ত্ৰীপৰিষদে ইয়াক সংগ্ৰহালয়লৈ ৰূপান্তৰকৰণ কৰাটো বেআইনী ঘোষণা কৰে ৷ পৰৱৰ্তী সময়ত দীঘলীয়া আলোচনাৰ অন্তত শুকুৰবাৰে ইয়াক পুনৰ মছজিদলৈ ৰূপান্তৰকৰণ কৰাৰ পক্ষে ৰায়দান কৰে আৰু ৰাষ্ট্ৰপতি এৰ্ডোগানে অনুমতি প্ৰদান কৰে ৷

লগতে পঢ়ক : ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম, মছজিদলৈ ৰূপান্তৰ আগিয়া ছোফিয়া সংগ্ৰহালয়

ইছলাম বিস্তাৰবাদী নীতিৰ ভয়াৱহ পৰিনাম আৰু তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানৰ সমগ্ৰ বিশ্বতে মুছলমানক লৈ যি উচ্চাকাংক্ষা ইয়াক লৈ এতিয়া সমগ্ৰ বিশ্বতে মুছলিম বনাম খ্ৰীষ্টান, এক শীতল যুদ্ধই দেখা দিয়াৰ উপক্ৰম হৈছে ৷ তুৰ্কীৰ ৰাষ্ট্ৰপতি তথা মৌলবাদী ইছলামিক চিন্তাৰে পৰিচালিত ৰেকেপ টায়েপ এৰ্ডোগানে নিজৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই এইদৰে এক ঐতিহাসিক গীৰ্জাঘৰ তথা সংগ্ৰহালয়ক মছজিদলৈ ৰূপান্তৰিত কৰে ৷

লগতে পঢ়ক : আগিয়া ছোফিয়া : ইছলামপ্ৰীতিৰ এখোজ আগলৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.