ETV Bharat / international

ছিৰিয়াত কাৰ বোমা বিস্ফোৰণত 13 জন নিহত

কুৰ্দিছ যুঁজাৰুক বিস্ফোৰণৰ লগত জড়িত বুলি দাবী তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৷ আন্তৰ্জাতিক মহলৰ দৃষ্টিৰ আহ্বান ৷

Blast in Syrian town held by Turkey-backed gunmen kills 13
author img

By

Published : Nov 3, 2019, 9:20 PM IST

নিউজ ডেস্ক, 3 নৱেম্বৰ: তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি, ছিৰিয়াৰ উত্তৰ দিশত অৱস্থিত ছিৰিয়া আৰু তুৰ্কীৰ সীমান্তৱৰ্তী এখন চহৰত সংঘটিত বোমা বিস্ফোৰণত নিহত হৈছে 13 জনকৈ লোক ৷ মন্ত্ৰালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰা অনুসৰি কেন্দ্ৰীয় তাল আব্যাদ চহৰত ঘটা এই বিস্ফোৰণত অন্য 20 জন লোকো অহত হৈছে ৷ উল্লেখ্য যে, এই তাল আব্যাদ চহৰখন বিগত মাহত তুৰ্কী সমৰ্থিত বন্দুকধাৰীয়ে কুৰ্দিছ যুঁজাৰুৰ পৰা নিজৰ দখললৈ আনিছিল ৷

ছিৰিয়া আৰু তুৰ্কীৰ সীমান্তৱৰ্তী এখন চহৰত সংঘটিত বোমা বিস্ফোৰণত 13 জন লোক নিহত

তুৰ্কীৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে এই বোমা বিস্ফোৰণৰ আঁৰত কুৰ্দিছ যুঁজাৰু জড়িত বুলি সন্দেহ প্ৰকাশ কৰিছে আৰু বিস্ফোৰণক কঠোৰ ভাষাৰে নিন্দা কৰিছে ৷ লগতে এনে "বৰ্বৰ সন্ত্ৰাসবাদী সংগঠন"ৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আন্তৰ্জাতিক সম্প্ৰদায়ক আহ্বান জনাইছে ৷ অৱশ্যে তাৎক্ষণিকভাৱে এই ঘটনাৰ দায়িত্ব এতিয়ালৈকে কোনেও স্বীকাৰ কৰা নাই ৷ তুৰ্কীয়ে যোৱা মাহত উত্তৰ-পূৱ ছিৰিয়াত কুৰ্দিছ যুঁজাৰুসকলক আঁতৰাবলৈ সামৰিক অভিযান চলাইছিল ৷

এই কুৰ্দিছ যুঁজাৰুসকলক তুৰ্কীত চলা কুৰ্দিছ বিচ্ছিন্নতাবাদৰ সৈতে সম্পৰ্কিত বুলি তুৰ্কীয়ে দাবী কৰি আহিছে ৷ শনিবাৰে, কুৰ্দিছসকলে নেতৃত্ব দিয়া চিৰিয়ান ডেম'ক্ৰেটিক ফৰ্চে জনাইছিল যে - কুৰ্দিছ যুঁজাৰু আৰু তুৰ্কী সমৰ্থিত বাহিনীৰ মাজত বিবাদ চলি থকা ছিৰিয়াৰ উত্তৰাঞ্চলত খ্ৰীষ্টিয়ান যুঁজাৰুসকলে নিৰাপত্তাৰ তদাৰকী কৰিব ৷ চিৰিয়ান ডেম'ক্ৰেটিক ফৰ্চে তাল তামুৰ চহৰৰ আশে-পাশে থকা গাঁৱবোৰত সেনা মোতায়েন কৰাৰ কথা জনাইছিল ৷ এই অঞ্চলটো ঘাইকৈ খ্ৰীষ্টিয়ান ছিৰিয়াক আৰু এছেৰিয়ান সম্প্ৰদায়ৰ বসতিস্থল ৷

উল্লেখ্য যে, 2011 চনৰ পৰাই ছিৰিয়া অসামৰিক যুদ্ধত জৰ্জৰিত হৈ আছে ৷ এতিয়ালৈকে 3 লাখ 70 হাজাৰতকৈও অধিক লোক এই যুদ্ধত নিহত হৈছে ,লক্ষ লক্ষ লোক যুদ্ধৰ বাবে স্থানান্তৰিত হ'বলগীয়া হৈছে ৷

Intro:Body:

pkp

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.