ETV Bharat / international

ভয়ংকৰ, শিহৰণকাৰী বিস্ফোৰণত কপি উঠিল বেইৰুট

author img

By

Published : Aug 5, 2020, 2:27 AM IST

মঙলবাৰে দিনৰ ভাগত এক ভয়ংকৰ বিস্ফোৰণত কপি উঠে মধ্যপ্ৰাচ্যৰ অন্যতম দেশ লেবাননৰ ৰাজধানী চহৰ বেইৰুট ৷ চহৰখনত সংঘটিত হোৱা বিস্ফোৰণৰ পিচতে সমগ্ৰ বিশ্বতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

বেইৰুট বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য
বেইৰুট বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য

নিউজ ডেস্ক, 5 আগষ্ট : মঙলবাৰে দিনৰ ভাগত এক প্ৰচণ্ড বিস্ফোৰণত কপি উঠে লেবাননৰ ৰাজধানী বেইৰুট চহৰ ৷ এক শক্তিশালী প্ৰচণ্ড বিস্ফোৰণে সমগ্ৰ চহৰখনৰ লগতে চহৰখনৰ উপকূলৱৰ্তী অঞ্চলটো তচনচ কৰি পেলায় ৷

বেইৰুট বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য

কি কাৰণত এই বিস্ফোৰণ সংঘটিত হৈছে তাক লৈ কোনো স্পষ্টতা এতিয়ালৈকে প্ৰকাশ কৰা নাই লেবানন চৰকাৰে ৷ এই বিস্ফোৰণত 27 গৰাকী লোক নিহত হোৱা বুলি বিবিচিয়ে বাতৰি প্ৰকাশ কৰিছে ৷ আনহাতে এই বিস্ফোৰণত প্ৰায় 2,500 লোক আহত হৈছে বুলি জানিব পৰা গৈছে ৷

বহু দীৰ্ঘ দুৰত্বৰ পৰা এই বিস্ফোৰণৰ দৃশ্য পৰিলক্ষিত হৈছিল আৰু শব্দ শুনা গৈছিল ৷ বিভিন্নজনে কেমেৰাত বন্দী কৰি ৰাখিছিল বিস্ফোৰণৰ দেহ কপাই তোলা ভয়ানক দৃশ্য ৷ আনহাতে এই বিস্ফোৰণৰ পিচতেই ভাৰত চৰকাৰে লেবাননস্থিত দূতাবাসৰ পৰা কেতবোৰ জৰুৰীকালীন ফোন নম্বৰ জাৰী কৰিছে ৷ বেইৰুটস্থিত ভাৰতীয় দূতাবাসে জাৰী কৰা ফোন নম্বৰকেইটা হৈছে ক্ৰমে, 01741270, 01735922, 01738418 আৰু +96176860128

আনহাতে বিস্ফোৰণ সন্দৰ্ভত বহুতেই এয়া এক পাৰমানৱিক বিস্ফোৰণ বুলি মন্তব্য কৰিছে যদিও বেছিভাগে এয়া দুৰ্ঘটনা বুলি উল্লেখ কৰিছে ৷ কিন্তু বিস্ফোৰণৰ প্ৰাবল্য আৰু ইয়াৰ দৃশ্যাংশলৈ লক্ষ্য কৰিলে ইয়াৰ অন্তৰালত কোনো গোপন অস্ত্ৰৰ পৰীক্ষণ লুকাই থকাৰ তথ্যও না কৰিব নোৱাৰি ৷ ঘটনাৰ পিচতেই সংযুক্ত গণৰাজ্যই দেশখনক যিকোনো সহায় আগবঢ়াব বুলি মন্তব্য কৰিছে আৰু ফ্ৰান্সে ইতিমধ্যেই দেশখনলৈ সহায়কাৰী দল প্ৰেৰণ কৰিছে ৷

বেইৰুট বিস্ফোৰণৰ ভয়ংকৰ দৃশ্য

লেবাননে বিগত সময়ত ৰাজনৈতিক সমস্যাৰে ভাৰাক্ৰান্ত হৈ পৰিছে ৷ 1975-90ৰ চিভিল ৱাৰৰ পিচত দেখা দিয়া অৰ্থনৈতিক সংকট দুৰ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে লেবাননৰ চৰকাৰ,যাৰ বাবে ৰাষ্ট্ৰখনৰ ৰাজপথত প্ৰতিবাদকাৰীয়ে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে ৷ ইয়াৰ বাবে বহুতেই দেশখনৰ শাসনত থকা ৰাজনৈতিক দলকে দোষাৰোপ কৰিছে ৷ আনহাতে চুবুৰীয়া দেশ ইজৰাইলৰ সৈতেও বহুতো বিবাদত লিপ্ত আছে লেবানন ৷ অৱশ্যে এই বিস্ফোৰণত ইজৰাইলৰ কোনো হাত নাই বুলি দেশখনৰ এগৰাকী জ্যেষ্ঠ বিষয়াই মন্তব্য কৰিছে ৷ উল্লেখ্য যে, দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাফিক হাৰিৰীক 2005 চনত কাৰবোমা বিস্ফোৰণত হত্যা কৰা হৈছিল ৷ মঙলবাৰৰ বিস্ফোৰণো সেই একেই স্থানতে সংঘটিত হয় ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.