ETV Bharat / international

সিংহৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অষ্ট্ৰেলিয়াৰ চিৰিয়াখানা কৰ্মী - অষ্ট্ৰেলিয়াত চিৰিয়াখানা কৰ্মীক সিংহৰ ভয়ংকৰ আক্ৰমণ

অষ্ট্ৰেলিয়াত চিৰিয়াখানা কৰ্মীক সিংহৰ ভয়ংকৰ আক্ৰমণ ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা ৷

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলা
সিংহৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অষ্ট্ৰেলিয়াৰ চিৰিয়াখানা কৰ্মী
author img

By

Published : May 29, 2020, 9:06 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 29 মে': নিউ ছাউথ ৱেলছত (NSW) শুকুৰবাৰে এগৰাকী চিৰিয়াখানা কৰ্মীয়ে সিংহৰ আক্ৰমণত মূৰ আৰু ডিঙিত আঘাতপ্ৰাপ্ত হয় ৷ সমগ্ৰ ঘটনাক প্ৰত্যক্ষদৰ্শীয়ে ভয়ানক বুলি অভিহিত কৰে ৷

অষ্ট্ৰেলিয়াত চিৰিয়াখানা কৰ্মীক সিংহৰ ভয়ংকৰ আক্ৰমণ

আঘাতপ্ৰাপ্ত মহিলাগৰাকীয়ে (35) সিংহৰ পিঞ্জৰাত চাফ-চিকুণ কৰি থকাৰ অৱস্থাতে আক্ৰমণ চলায় ৷ ঘটনা সংঘটিত হোৱাৰ পাচতে আৰক্ষী আৰু এম্বুলেন্স আহি উপস্থিত হৈ মহিলাগৰাকীক প্ৰাৰম্ভিক চিকিৎসা প্ৰদান কৰা হয় ৷ ইয়াৰ পাচতে মহিলাগৰাকীক ততাতৈয়াকৈ বিমানেৰে ওচৰৰ হাস্পতাললৈ লৈ যোৱা হয় ৷

মহিলাগৰাকীক পিঞ্জৰাৰ পৰা উদ্ধাৰৰ বাবে চিকিৎসা কৰ্মীসকলেও ভয়ানক বিপদৰ সন্মুখীন হ'ব লগা হৈছিল ৷ এই সম্পৰ্কত NSW এম্বুলেন্সৰ অপাৰেছন মেনেজাৰ ইন্সপেক্টৰ ফায়ে ষ্টকমেনে কয়, "ঘটনাটো বহুত ভয়ংকৰ আছিল আৰু মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে ৷ দুঃসাহসিকভাৱে আমিও সিংহৰ পিঞ্জৰাৰ ভিতৰত থকা গুহাত সোমাব লগা হৈছিল ৷ "

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.