ইন্টাৰনেচনেল ডেস্ক, 25 ফেব্ৰুৱাৰী : আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে বৃহস্পতিবাৰে (স্থানীয় সময়অনুসৰি), ৰাষ্ট্ৰক সম্বোধন (White House News Conference) কৰি কয় যে ৰাছিয়া-ইউক্ৰেইন সংকটক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ সৈতে আলোচনা কৰি আছে (US in consultations with India on situation in Ukraine ) । ইউক্ৰেইনৰ সংকটক লৈ ভাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে আছে নে নাই বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত বিডেনে কয়, "আমি আজি ভাৰতৰ সৈতে আলোচনা কৰি আছো, অৱশ্যে এতিয়াও আমি সম্পূৰ্ণৰূপে কোনো সিদ্ধান্তত উপনীত হোৱা নাই ।"
আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সংবাদ সন্মিলনত ৰাছিয়াৰ ওপৰত কেইবাটাও অৰ্থনৈতিক আৰু কৌশলগত নিষেধাজ্ঞাৰ দিশ উত্থাপন কৰি ঘোষণা কৰে, " ৰাছিয়াৰ অৰ্থনীতিৰ ওপৰত এই সিদ্ধান্ক সমূহে তাৎক্ষনিক আৰু সুদুৰ প্ৰসাৰী লোকচান আৰোপ কৰিব ।" বৃহস্পতিবাৰে ৰাতিপুৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইন আক্ৰমণৰ নিৰ্দেশ দিয়াৰ প্ৰতিশোধ স্বৰূপে লোৱা ব্যৱস্থা সন্দৰ্ভত বিডেনে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিয়ে ডলাৰ, ইউৰো, পাউণ্ড আৰু য়েন ব্যৱহাৰ কৰাৰ সামৰ্থ্য কৰ্তন কৰি মস্কোৰ বিশ্ব বাণিজ্যত অংশগ্ৰহণ কৰাৰ পথ বন্ধ কৰিব।
যেতিয়া ৰাছিয়াৰ বাহিনীয়ে ইউক্ৰেইনৰ গুৰুত্বপূৰ্ণ স্থানসমূহত আক্ৰমণ কৰা সন্দৰ্ভত তেওঁ কয়, "পুটিন এজন আক্ৰমণকাৰী । পুটিনে এই যুদ্ধৰ পথ বাছনি কৰি লৈছে । আৰু এতিয়া তেওঁ আৰু তেওঁৰ দেশে ইয়াৰ পৰিণাম ভুগিব লাগিব।"
আনহাতে, ভাৰতে পুৰনা বন্ধু আৰু প্ৰতিৰক্ষা সামগ্ৰী যোগানকৰ্তা ৰাছিয়াৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে তাক লৈ এক দ্বিধাৰ সন্মুখীন হৈছে ৷ আনহাতে, পশ্চিমৰ শক্তিটো সৈতে বাঢ়ি অহাসম্পৰ্ক আৰু বিশ্ব অৰ্থনীতিৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত এতিয়া এক কথাত দোধোৰ-মোধোৰ পৰিস্থিতিত পৰিছে ৷
ইফালে, যেতিয়া ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰশক্তিৰ দ্বাৰা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত এটা প্ৰস্তাৱ উত্থাপন কৰা হ'ব, আৰু ভাৰতেও এটা পক্ষ ল'ব লাগিব (India on situation in Ukraine ) । উল্লেখযোগ্য যে, ভাৰতে জানুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত অনুষ্ঠিত বৈঠকত পশ্চিমৰ দ্বাৰা প্ৰস্তাৱিত কাৰ্যসূচীৰ ওপৰত প্ৰক্ৰিয়াগত ভোটদানৰ পৰা বিৰত আছিল।
লগতে পঢ়ক : স্বদেশ ৰক্ষাৰ বাবে ইউক্ৰেইনৰ জনসাধাৰণক আগুৱাই আহিবলৈ আহ্বান অসহায় ৰাষ্ট্ৰপতিৰ