ETV Bharat / international

হংকঙৰ নাগৰিকৰ বাবে নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত কৰিলে ইউনাইটেড কিংডমে - united kingdom

চীন প্ৰশাসনে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰা হংকঙৰ নাগৰিকলৈ ইউনাইটেড কিংডমৰ বিশেষ সুবিধা ঘোষণা ৷ ভিচা অবিহনে নাগৰিকসকলক যুক্তৰাষ্ট্ৰত থাকিব পৰা সুবিধা প্ৰদান কৰিলে ইউনাইটেড কিংডম প্ৰশাসনে ৷

UK to open citizenship path to Hong Kongers from January
হংকঙৰ নাগৰিকৰ বাবে নাগৰিকত্ব লাভৰ পথ প্ৰশস্ত কৰিলে ইউনাইটেড কিংডমে
author img

By

Published : Jul 23, 2020, 10:33 AM IST

নিউড ডেস্ক , 23 জুলাইঃ চীন প্ৰশাসনে হংকঙত এখন নতুন নিৰাপত্তা আইন বলবৎ কৰাৰ পাছতেই হংকঙৰ 2.9 মিলিয়ন নাগৰিকৰ বাবে বিশেষ সুবিধাৰ কথা ঘোষণা কৰিছে ইউনাইটেড কিংডম প্ৰশাসনে ৷ এক বিবৃতিযোগে যুক্তৰাষ্ট্ৰখনৰ গৃহ বিভাগে জনায় যে, হংকঙৰ নাগৰিকসকলে যুক্তৰাষ্ট্ৰখনলৈ আহি কোনো অসুবিধা নোহোৱাকৈ শিক্ষা গ্ৰহণৰ লগতে কৰ্মত নিয়োজিত হ’ব পাৰিব ৷ উল্লেখযোগ্য যে , ইউনাইটেড কিংডমে ইতিমধ্যে হংকঙৰ নাগৰিক সকলক ভিচা অবিহনে ছয় মাহৰ বাবে যুক্তৰাষ্ট্ৰখনত থাকিব পৰাৰ সুবিধা প্ৰদান কৰিছিল ৷ এতিয়াৰে পৰা পাঁচ বছৰৰ বাবে শিক্ষা তথা কৰ্মত নিয়োজিত হোৱাৰ পাছত যুক্তৰাষ্ট্ৰখনত নাগৰিকত্বৰ বাবে আৱেদন জনাব পাৰিব নাগৰিক সকলে ৷

প্ৰশাসনৰ এই সিদ্ধান্তৰ পাছতেই যুক্তৰাষ্ট্ৰখনৰ বৈদেশিক সচিব ডমিনিক ৰাৱে বুধবাৰে মন্তব্য কৰে যে , ইউনাইটেড কিংডম প্ৰশাসনে নিজৰ প্ৰতিশ্ৰুতি ৰাখিলে ৷ যুক্তৰাষ্ট্ৰীয় প্ৰশাসনে হংকঙক কেতিয়াও পৃথক দৃষ্টিভংগীৰে চোৱা নাই আৰু দেশখনৰ ক্ষেত্ৰত তেঁওলোকে ঐতিহাসিক দায়িত্ব পালন কৰিব ৷

লগতে পঢ়কঃ আপুনি গুগল পে' ব্যৱহাৰকাৰী নেকি ? সাৱধান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.