নিউজ ডেস্ক, ১৫ ডিচেম্বৰ : চাৰিদিনীয়া ভ্ৰমণসূচী লৈ ভাৰতত উপস্থিত হৈছে সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিব ডমিনিক ৰাব । সোমবাৰে নতুন দিল্লীত উপস্থিত হোৱা ডমিনিক ৰাবক বিমানবন্দৰত উষ্ম আদৰণি জনায় দেশৰ বৈদেশিক মন্ত্ৰালয়ৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে । বৈদেশিক সচিব শ্ৰীবাস্তৱ আৰু পশ্চিম ইউৰোপৰ দায়িত্বত থকা যুটীয়া বৈদেশিক সচিব সন্দীপ চক্ৰৱৰ্তীৰ নেতৃত্বত দলটোৱে সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিবগৰাকীক ভাৰতলৈ আদৰণি জনায় ।
ভাৰতত উপস্থিত হোৱা গণৰাজ্যৰ বৈদেশিক সচিবগৰাকীয়ে দেশৰ পৰিৱেশ, বন আৰু জৈৱ-বৈচিত্ৰ পৰিক্ৰমা মন্ত্ৰী প্ৰকাশ জাৱড়েকাৰ আৰু শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ সৈতে আজি এক আলোচনাত মিলিত হ'ব । ইয়াৰ উপৰিও দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতেও বিশেষ আলোচনাত মিলিত হ'ব ডমিনিক ৰাব । আনহাতে ১৭ ডিচেম্বৰত ডমিনিক ৰাবে কৰ্নাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সৈতেও আলোচনাত মিলিত হ'ব ।
সংযুক্ত গণৰাজ্যৰ বৈদেশিক সচিবৰ ভাৰত ভ্ৰমণে দুয়োখন দেশৰ মাজৰ উমৈহতীয়া সামৰিক, ৰাজনৈতিক, কূটনৈতিক, বাণিজ্যিক, পৰিৱেশিক, শিক্ষা, স্বাস্থ্য আৰু প্ৰব্ৰজন তথা ভ্ৰমণৰ ক্ষেত্ৰখনত আঞ্চলিক আৰু আন্ত:ৰাষ্ট্ৰীয় স্তৰত বহুটো সুযোগ সুবিধাৰ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে । ক'ভিড-১৯ আৰু ব্ৰেক্সিটৰ পিচত দুয়োখন দেশৰ মাজৰ উমৈহতীয়া পাৰস্পৰিক সম্পৰ্কত এই ভ্ৰমণে বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।