ETV Bharat / international

ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা

author img

By

Published : Oct 5, 2021, 6:49 PM IST

ঘোষণা কৰা হ’ল 2021 চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা ৷ চিউকুৰো মানাবে, ক্লাউছ হেচেলমেন আৰু জৰ্জিঅ' পেৰিচিক "জটিল ভৌতিক প্ৰণালীৰ বুজাবুজিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হ’ব ৷

syukuro-manabe-klaus-hasselmann-and-giorgio-parisi-to-share-physics-nobel-2021
ঘোষণা কৰা হ’ল পদাৰ্থ বিজ্ঞানৰ নবেল বঁটা

ইন্টাৰনেশ্বনেল ডেস্ক, 5 অক্টোবৰ : ৰয়েল চুইডিছ একাডেমী অফ চাইন্সেছে ২০২১ চনত চিউকুৰো মানাবে, ক্লাউছ হেচেলমেন আৰু জৰ্জিঅ' পেৰিচিক "জটিল ভৌতিক প্ৰণালীৰ বুজাবুজিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদানৰ বাবে" পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ।

নোবেল বঁটা প্ৰদান সমিতিৰ দ্বাৰা কৰা এক ঘোষণা অনুসৰি, মানাবে আৰু ক্লাউছক ২০২১ চনৰ যুটীয়াভাৱে পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হ’ব ৷ 'পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেলিং, পৰিৱৰ্তনশীলতাৰ পৰিমাণ নিৰ্ধাৰণ কৰা আৰু বিশ্বাসযোগ্যভাৱে গোলকীয় উষ্ণতাৰ ওপৰত ভৱিষ্যতবাণী কৰাৰ বাবে' দুয়োকে যুটীয়াভাৱে এই বঁটা প্ৰদান কৰা হৈছে ।

  • BREAKING NEWS:
    The Royal Swedish Academy of Sciences has decided to award the 2021 #NobelPrize in Physics to Syukuro Manabe, Klaus Hasselmann and Giorgio Parisi “for groundbreaking contributions to our understanding of complex physical systems.” pic.twitter.com/At6ZeLmwa5

    — The Nobel Prize (@NobelPrize) October 5, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে, পেৰিচীক "পাৰমাণৱিকৰ পৰা গ্ৰহীয় স্কেললৈ ভৌতিক প্ৰণালীৰ ডিজৰ্ডাৰ আৰু তাৰতম্যৰ আৱিষ্কাৰৰ বাবে" এই পুৰস্কাৰৰ আধা প্ৰদান কৰা হৈছে । টুইটাৰত নোবেল বঁটা প্ৰদানকাৰী সমিটিৰ এক বিবৃতিত কোৱা হৈছে যে, পদাৰ্থ বিজ্ঞানৰ পুৰস্কাৰে জটিল প্ৰণালীবোৰ বৰ্ণনা কৰা আৰু তেওঁলোকৰ দীৰ্ঘম্যাদী আচৰণৰ ভৱিষ্যতবাণী কৰাৰ বাবে নতুন পদ্ধতিক স্বীকৃতি দিয়ে ।

মানৱজাতিৰ বাবে গুৰুত্বপূৰ্ণ তথা জটিল প্ৰণালী হিচাপে বিবেচিত হৈছে পৃথিৱীৰ জলবায়ু । বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ বৰ্ধিত স্তৰৰ ফলত পৃথিৱীৰ পৃষ্ঠত উষ্ণতা বৃদ্ধি হয় বুলি প্ৰদৰ্শন কৰা আৰ্হিৰ বাবে মানাবেক নোবেল বঁটা প্ৰদান কৰা হ’ব । নোবেল সমিটিৰ এক বিবৃতিত কোৱা হৈছে, "তেওঁৰ কামে বৰ্তমান জলবায়ু আৰ্হিৰ বিকাশৰ ভেটি স্থাপন কৰিছে ।"

লগতে পঢ়ক : আমেৰিকাৰ দুজন বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.