ETV Bharat / international

ফ্ৰান্সৰ মাৰ্চেলীত ভয়াৱহ দাবানল, 22 জন আহত

author img

By

Published : Aug 6, 2020, 12:00 PM IST

Updated : Aug 6, 2020, 12:39 PM IST

মঙলবাৰে ফ্ৰান্সৰ মাৰ্চেলী এলেকাত ভূমধ্য সাগৰীয় দাবানল সংঘটিত হোৱাৰ ফলত প্ৰায় 22 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাস্থলীত প্ৰায় 1,800 জন অগ্নি নিৰ্বাপক বাহিনীৰ লোক বিমান আৰু হেলকপ্টাৰযোগে উপস্থিত হয় আৰু অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা কৰে ৷

Strong winds fuel wildfires in Marseille region
ফ্ৰান্সৰ মাৰ্চেলীত ভয়াৱহ দাবানল

নিউজ ডেস্ক, 6 আগষ্ট: ফ্ৰান্সৰ মাৰ্চেলী এলেকাৰ কিছুসংখ্যক চহৰত ভূমধ্য সাগৰীয় দাবানল সংঘটিত হৈছে, যাৰ ফলস্বৰূপে প্ৰায় 22 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ ইয়াৰোপৰি এই জুয়ে বহু ব্যৱসায় ক্ষতিগ্ৰস্ত কৰে আৰু 2,700 জন পৰ্যটক, নাৰ্চিং হোমৰ নিবাসী তথা অন্য লোকসকলে অনিচ্ছা স্বত্বেও নিজ নিজ চহৰৰ পৰা ওলাই যাবলগীয়া হয় ৷

ঘটনাস্থলীত প্ৰায় 1,800 জন অগ্নি নিৰ্বাপক লোক বিমান আৰু হেলকপ্টাৰযোগে উপস্থিত হয় আৰু জুইৰ সৈতে মোকাবিলা কৰে ৷ স্থানীয় অগ্নি সেৱাই জনোৱা মতে, মঙলবাৰে অগ্নিকাণ্ড সংঘটিত হোৱাৰ 14 ঘণ্টাতকৈ অধিক সময়ৰ পাচতো বুধবাৰলৈ জুই নুমুওৱাৰ বাবে অহৰহ চেষ্টা চলোৱা হৈছিল ৷

চহৰখনৰ আৱাসীসকলৰ কেম্পগ্ৰাউণ্ডৰ মাধ্যমেৰে 8 কিলোমিটাৰ দূৰত্বলৈ সমুদ্ৰ আৰু হাবি অঞ্চলত ব্যাপকৰূপে জুই বিয়পি যায় ৷ অগ্নি নিৰ্বাপক কৰ্মীসকলে আৱাসীসকলক জুইৰ পৰা প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰে ৷ কিন্তু অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বৰ্তমানো জানিব পৰা হোৱা নাই ৷

ফ্ৰান্সৰ মাৰ্চেলীত ভয়াৱহ দাবানল

অগ্নি নিৰ্বাপন সেৱাই জনোৱা মতে, এই অগ্নিকাণ্ডত 5 জন স্থানীয় বাসিন্দা, 14 জন অগ্নি নিৰ্বাপক কৰ্মী আৰু অন্য 5 জন লোক আঘাতপ্ৰাপ্ত হয় ৷ আনহাতে, বুধবাৰলৈ অব্যাহত থকা এই জুইৰ ফলত পুৱাৰ ভাগত সমগ্ৰ ফ্ৰান্স গৰম জলবায়ুৰে ভৰি পৰে ৷

লগতে পঢ়ক: UAEৰ আজমান বজাৰত ভয়ংকৰ অগ্নিকাণ্ড

Last Updated : Aug 6, 2020, 12:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.