ইন্টাৰনেশ্যনেল ডেস্ক, 25 মাৰ্চ : স্পেইনত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৷ বুধবাৰে স্পেইনৰ চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, নিহত হৈছে 3,434 জনকৈ লোক ৷ যোৱা 24 ঘন্টাত 738 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে ৷
এই পৰিসংখ্যাই চীনত মৃত্যু হোৱা লোকৰ সংখ্যাকো অতিক্ৰম কৰিলে ৷ যোৱা 11 দিন ধৰি স্পেইনত লকডাউন চলি আছে ৷ দেশখনৰ স্বাস্থ্য বিভাগে জাৰি কৰা তথ্য অনুসৰি, এতিয়ালৈ 47,610 জন নাগৰিক কৰ'ণাত আক্ৰান্ত হৈছে ৷
আৰু পঢ়ক : কৰ'ণা ভাইৰাছত আক্ৰান্ত ব্ৰিটেইনৰ যুৱৰাজ 'প্ৰিন্স চাৰ্লছ'