নিউজ ডেস্ক, 14 জুলাইঃ ছোভিয়েট সংঘৰ পতনৰ পিচত প্ৰথমবাৰৰ বাবে ৰাছিয়াই মহাকাশলৈ প্ৰেৰণ কৰিছে "X-Ray" সম্পন্ন ৰকেট ৷ 2025চনলৈ মহাকাশত থাকি পৃথিৱীৰ ওপৰত "X-Ray" সম্পন্ন কৰিব "Proton-M" ছিৰিজৰ "Spektr-RG" ৰকেটে ৷
শনিবাৰে ৰাছিয়াই দেশখনৰ এক গোপন স্থানৰ পৰা এই ৰকেট মহাকাশলৈ প্ৰেৰণ কৰে ৷ অহা তিনিমাহৰ ভিতৰত এই ৰকেটে মহাকাশত গৈ পৃথিৱীৰ কক্ষপথৰ "L2" স্থানত অৱতৰণ কৰিব ৷ স্থলপৃষ্ঠৰ পৰা এই স্থানৰ দুৰত্ব প্ৰায় 1.5 মিলিয়ন কিলোমিটাৰ ৷ ছোভিয়েট সংঘৰ পতনৰ পিচত এয়াই হ'ব ৰাছিয়াৰ প্ৰথম অভিযান য'ত বিশেষ টেলিস্কপৰ দ্বাৰা মহাকাশৰ বুকুৰ পৰাই পৃথিৱীৰ ওপৰিভাগ নিৰীক্ষণ কৰিব ৷
উল্লেখ্য যে, "Spektr-RG" প্ৰকল্পৰ কাম 1980 চনতে আৰম্ভ কৰা হৈছিল যদিও 1990ৰ দশকত ই বন্ধ হৈ পৰিছিল ৷ পৰৱৰ্তী সময়ত 2005 চনত অতি উন্নত, নিখুট আৰু বিশ্বমানৰ প্ৰযুক্তিৰে প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰা হয় ৷ 1991ত ছোভিয়েট সংঘৰ পতনৰ পিচত ৰাছিয়াই সন্মুখীন হোৱা অৰ্থনৈতিক বাধাৰ বাবেই এই প্ৰকল্পৰ কাম বন্ধ হৈ আছিল যদিও শেহতীয়াকৈ ৰাছিয়াই মহাকাশ গৱেষণাত অত্যধিক সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷