ETV Bharat / international

ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী লুডোভিক অ’ৰ্বানৰ পদত্যাগ - Romania's PM Ludovic Orban

সোমবাৰে পদত্যাগৰ কথা ঘোষণা কৰে ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী লুডোভিক অ’ৰ্বানে ৷ নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি অ’ৰ্বানে কয়, "মই লোৱা সিদ্ধান্তৰ নিৰ্দিষ্ট লক্ষ্য আছে ৷ ৰোমানিয়াৰ ইউৰো-আটলান্টিক অৰিয়েন্টেশ্যনক সমৰ্থন কৰাৰ বাবে এই বুজাবুজিৰ জৰিয়তে কেন্দ্ৰীয় সোঁপন্থী ৰাজনৈতিক দলসমূহৰ জোটবন্ধনেৰে গঠিত এখন চৰকাৰক নেতৃত্ব দিয়া প্ৰয়োজন ৷ "

Romania's PM Ludovic Orban resigns amid failure to achieve election goal
ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী লুডোভিক অ’ৰ্বানৰ পদত্যাগ
author img

By

Published : Dec 8, 2020, 12:06 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক,8 ডিচেম্বৰঃ সোমবাৰে পদত্যাগৰ কথা ঘোষণা কৰে ৰোমানিয়াৰ প্ৰধানমন্ত্ৰী লুডোভিক অ’ৰ্বানে ৷ দেওবাৰৰ সংসদীয় নিৰ্বাচনত শাসকীয় নেশ্যনেল লিবাৰেল পাৰ্টীয়ে নিজ লক্ষ্যত উপনীত হ’ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ তেখেতৰ এই সিদ্ধান্তই অন্য ৰাজনৈতিক দলৰ সৈতে বুজাবুজিৰে ভৱিষ্যতৰ শাসকীয় জোটবন্ধনৰ পথ প্ৰশস্ত কৰিব ৷

নিজৰ পদত্যাগৰ কথা ঘোষণা কৰি অ’ৰ্বানে কয়, "মই লোৱা সিদ্ধান্তৰ নিৰ্দিষ্ট লক্ষ্য আছে ৷ ৰোমানিয়াৰ ইউৰো-আটলান্টিক অৰিয়েন্টেশ্যনক সমৰ্থন কৰাৰ বাবে এই বুজাবুজিৰ জৰিয়তে কেন্দ্ৰীয় সোঁপন্থী ৰাজনৈতিক দলসমূহৰ জোটবন্ধনেৰে গঠিত এখন চৰকাৰক নেতৃত্ব দিয়া প্ৰয়োজন ৷ " যদিও ভোটগণনা এইপৰ্যন্ত অন্ত পৰা নাই, তথাপিও নিৰ্বাচনৰ আংশিক পৰিণামে ইয়াকে সূচাইছে যে, এইক্ষেত্ৰত কোনো গুৰুত্বপূৰ্ণ সালসলনি নহ’ব ৷ কেৱল শাসকীয় পি এন এল দলে সাধাৰণ নিৰ্বাচনত প্ৰথম স্থান দখল কৰিবলৈ ব্যৰ্থ হোৱাৰ লগতে মূল বিৰোধী ছ’চিয়েল ডেম’ক্ৰেটছৰে ব্যৱধান পাঁচ শতাংশত উপনীত হয় ৷

দেওবাৰে অনুষ্ঠিত নিৰ্বাচনৰ আংশিক পৰিণামে ইয়াকে সূচাইছে যে, 25 শতাংশ ভোটেৰে পি এন এলে একে আদৰ্শ থকা অন্য ভৱিষ্যতৰ সংসদীয় দলৰ সৈতে জোটবন্ধনৰে নিজৰ শাসনভাৰ অব্যাহত ৰাখিব ৷

লগতে পঢ়ক-হোৱাইট হাউচত বাইডেনৰ অধিকাৰে গ্ল'বেল অৰ্থনীতিৰ বাবে ভাল খবৰ অনাৰ আশা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.