ইণ্টাৰনেশ্যনেল ডেস্ক, ২৫ অক্টোবৰ : তালিবানে আফগানিস্তানৰ শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিলে ঠিকেই । কিন্তু বিশ্বৰ বহু ৰাষ্ট্ৰই তাালিবানৰ শাসন ব্যৱস্থাক এতিয়াও স্বীকৃতি দিয়া নাই । আমেৰিকা যুক্তৰাষ্ট্ৰই ইতিমধ্যেই নিজৰ স্থিতি স্পষ্ট কৰি দিছে । তালিবানৰ শাসনৰ ব্যৱস্থাক বিশ্বৰ আন আন ৰাষ্ট্ৰই স্বীকৃতি দিব নে নাই, তাক লৈ চৰ্চা অব্য়াহত থকাৰ মাজতে এইবাৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে তালিবান সন্দৰ্ভত আগবঢ়াইছে মতামত ।
![Taliban welcome Putin's plan to remove them from terrorists' list](https://etvbharatimages.akamaized.net/etvbharat/prod-images/afghanistan_oct212021102117131220211024223048_2510newsroom_1635123840_419.jpg)
তেওঁ তালিবানক সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা আঁতৰ কৰাৰ ইংগিত দিছে । এই পৰিকল্পনা সম্পৰ্কে পুটিনে কৰা মন্তব্যক আদৰণি জনাইছে তালিবানে । ইণ্টাৰনেশ্যনেল ভালদাই ক্লাবৰ এখন বৈঠকত ভাষণ প্ৰদান কৰি পুটিনে কয় যে, সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা তালিবানক আঁতৰ কৰাটো সম্ভৱ ।
তেওঁ লগতে কয় যে, অৱশ্যে ৰাষ্ট্ৰসংঘৰ পৰ্যায়ত ইয়াক সম্ভৱ কৰি তুলিব লাগিব । ৰাছিয়াৰ এক সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে । দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰৰ আফগান বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল কাহাৰ বাল্খি(Abdul Qahar Balkhi)য়ে দেওবাৰে কয যে, সন্ত্ৰাসবাদী সংগঠনটোৰ নেতাসকলৰ নাম ব্লেকলিষ্টৰ পৰা আঁতৰ কৰা সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কৰা মন্তব্যক আদৰণি জনাইছে আফগানিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । তালিবানৰ মুখপাত্ৰজনে টুইটযোগে কয় যে, যিহেতু যুদ্ধৰ সমাপ্তি ঘটিছে, সেয়েহে বিশ্বৰ আন দেশসমূহেও আফগানিস্তানৰ প্ৰতি তেওঁলোকৰ দৃষ্টিভংগীৰ ইতিবাচক পৰিৱৰ্তন আনিব নতুন সম্পৰ্ক গঢ়ি তুলিব লাগিব ।
তেওঁ কয় যে, তালিবানে বিচাৰে যে পাৰস্পৰিক আদান-প্ৰদানৰ নীতিৰ আধাৰত আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সৈতে ইতিবাচক সম্পৰ্ক গঢ়ি উঠক । আনহাতে, ৰাষ্ট্ৰপতি পুটিনে বৈঠকত কয় যে, ৰাছিয়াই তালিবানক সন্ত্ৰাসবাদী সংগঠনৰ তালিকাৰ পৰা আঁতৰ কৰিবলৈ চিন্তা-চৰ্চা কৰি আছে । পুটিনে লগতে কয় যে, সকলোৱে আশা কৰে যে, আফগানিস্তানৰ পৰিস্থিতি তালিবানে ইতিবাচক ৰূপত উন্নীত হোৱাটো নিশ্চিত কৰিব ।
তালিবানে আগষ্ট মাহত কাবুলৰ নিয়ন্ত্ৰণ নিজৰ অধীনলৈ নিছিল । যোৱা ছেপ্তেম্বৰ মাহত আফগানিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ ঘোষণা কৰা হৈছিল । তালিবানে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰৰ পৰা স্বীকৃতি লাভৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে । অৱশ্যে, বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰই স্পষ্ট কৰি দিছে যে, যিকোনো স্বীকৃতি দিয়াৰ আগতে তালিবানে পূৰ্বে দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিব লাগিব ।
লগতে পঢ়ক: ছিৰিয়াত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক : আল কায়দাৰ শীৰ্ষ নেতা নিহত