ETV Bharat / international

কৰীমা বলুচৰ হত্যা: বেলুচিস্তানত বিক্ষোভ প্ৰদৰ্শন - প্ৰতিবাদ

বেলুচিস্তানৰ তুৰ্বত চহৰত মানৱাধিকাৰ কৰ্মী কৰীমা বলুচক নিৰ্মমভাৱে কৰা হত্যাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি শতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে ৷

Protest in Balochistan against cold blooded assassination of Karima Baloch etv bharat news
কৰীমা বলুচৰ হত্যা
author img

By

Published : Dec 26, 2020, 4:08 PM IST

তুৰ্বত,26 ডিচেম্বৰ: মানৱাধিকাৰ কৰ্মী কৰীমা বলুচক শীতল মস্তিস্কৰে কৰা হত্যাৰ বিৰোধিতাত বেলুচিস্তানৰ ৰাজপথলৈ ওলাই আহে সহস্ৰাধিক জনতা ৷ প্ৰতিবাদকাৰীসকলে নৰসংহাৰ বন্ধ কৰক, শীতল মস্তিস্কৰ হত্যা বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে ৰাজপথ ৷ উত্তেজিত জন সাধাৰণে পাকিস্তানী চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী ধ্বনিৰে বেলুচিস্তানৰ স্বাধীনতা দাবী কৰে ৷

জনপ্ৰিয় মানৱাধিকাৰ কৰ্মী তথা সক্ৰিয় ৰাজনৈতিক কৰ্মী কৰীমা বলুচৰ মৃতদেহ দেওবাৰে এ’ণ্টেৰিঅ’ লেক টৰেণ্ট’ হাৰ্বৰফ্ৰণ্টৰ পৰা নিৰুদ্দেশ হোৱাৰ পিছত সোমবাৰে উদ্ধাৰ কৰা হয় ৷ 2015 চনত পাকিস্তানৰ পৰা পলায়ন কৰাৰ পিছত কানাডাত আশ্ৰয় গ্ৰহণ কৰে কৰীমাই ৷ অন্যান্য মানৱাধিকাৰ কৰ্মীসকলে কৰীমাৰ মৃত্যুৰ তদন্ত দাবী কৰিছে ৷

বৃহস্পতিবাৰে কৰীমা বলুচৰ বন্ধুবৰ্গই টৰেণ্ট’স্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বিক্ষোভ প্ৰদৰ্শন কৰে ৷ লগতে মানৱাধিকাৰ কৰ্মীগৰাকীৰ হত্যাৰ উচিত তদন্তৰ দাবী কৰে ৷ বৰদিন আৰু কোভিড 19 ৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ কাৰ্যালয়ৰ বাহিৰত সমবেত হোৱাৰ সুযোগ লাভ কৰে ৷

ইয়াৰ মাজতে সমগ্ৰ বিশ্বত 50 গৰাকীৰো অধিক মানৱাধিকাৰ কৰ্মী, সংবাদকৰ্মী আৰু বুদ্ধিজীৱীয়ে টৰেণ্ট’ত নিৰ্বাসিত মানৱাধিকাৰ কৰ্মীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কানাডাৰ প্ৰশাসনক এই বিষয়ত উচ্চস্তৰীয় তদন্তৰ দাবী জনাইছে ৷

কৰীমা বলুচৰ এই মৃত্যু ৰহস্যজনক হোৱাৰ লগতে ভয়ংকৰ বুলি দাবী কৰে শতাধিক নাগৰিকে ৷ কিয়নো চহৰখনত এই ঘটনাই সৰ্বপ্ৰথম নহয় ৷ ইয়াৰ পূৰ্বেও বেলুচিস্তানত মানৱাধিকাৰ ভংগৰ বাতৰি প্ৰকাশ কৰাৰ বাবে সাংবাদিক সাজিদ হুছেইনক হত্যা কৰা হৈছিল ৷

লগতে চাওকঃ ফিট ইণ্ডিয়া ডাইলগৰ দ্বিতীয়টো সংস্কৰণ সম্বোধন কিৰেণ ৰিজিজুৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.