ইণ্টাৰনেশ্যনেল ডেস্ক, ১৭ এপ্ৰিল: ডিউক অৱ এডিনবাৰ্গ আৰু ৰাণী দ্বিতীয় এলিজাবেথৰ স্বামী ৰাজকুমাৰ ফিলিপক শনিবাৰে উইন্দচৰ পেলেচত অন্তিম বিদায় দিয়া হয় ৷ য'ত ক'ভিড-১৯ ৰ নিষেধাজ্ঞাৰ বাবে পৰিয়ালৰ মাত্ৰ কেইগৰাকীমান ব্যক্তিহে উপস্থিত থাকে ।
এক সংবাদ সংস্থাৰ মতে উইণ্ডছৰৰ ডীনৰ দ্বাৰা আয়োজিত ছেইণ্ট জৰ্জ চেপেলত সেৱা আগবঢ়োৱাৰ পাছত কফিনটো ৰয়েল ভল্টত নমোৱাৰ পাছত কেণ্টাৰবাৰীৰ আৰ্চবিশপে অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । বৰ্তমান ইংলেণ্ডত চলি থকা স্বাস্থ্য বিভাগৰ নিয়মাৱলী অনুসৰি অনুষ্ঠানটোত মাত্ৰ ৩০ জন অতিথি উপস্থিত থাকিব, তেওঁলোকৰ বেছিভাগেই ৰাজপৰিয়ালৰ সদস্য ।
জানিব পৰা মতে, ৰাণী দ্বিতীয় এলিজাবেথ, তেওঁলোকৰ চাৰিটা সন্তান, নাতি-নাতিনী, ৰাণীৰ ভতিজা আৰু তেওঁৰ তিনিজন সম্পৰ্কীয় ভাই-ভনী সকলোৱে শনিবাৰে এই অনুষ্ঠানত উপস্থিত থাকে ।
ইয়াৰ উপৰিও ৰাজকুমাৰৰ জাৰ্মান আত্মীয় বাৰ্ণহাৰ্ড, প্ৰিন্স অৱ বেডেন, প্ৰিন্স ডোনাটাছ, হেছেৰ লেণ্ডগ্ৰেভ আৰু হোহেনলোহে-লেংগেনবাৰ্গৰ ৰাজকুমাৰ ফিলিপ উপস্থিত থাকিব । প্ৰিন্স ফিলিপৰ এজন ঘনিষ্ঠ বন্ধু বাৰ্মাৰ কাউন্টেছ মাউণ্টবেটেনেও এই সেৱাত অংশগ্ৰহণ কৰিব ।
ৰাণীৰ সন্তান আৰু নাতি-নাতিনীৰ পত্নীক অতিথি তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে । অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়া দূৰদৰ্শনত পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হ'ব । উল্লেখ্য যে যোৱা ৯ এপ্ৰিলত ৯৯ বছৰ বয়সত উইণ্ডছৰ কেচেলত ডিউক অৱ এডিনবাৰ্গৰ মৃত্যু হয় ।