ETV Bharat / international

ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন - অলম্পিকৰ খেলৰ বাজেট

ট‘কিঅ অলম্পিকৰ আনুষ্ঠানিক বাজেট যোৱা মাহত 15.4 আৰৱ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিনতু আয়োজনত পলম হোৱাৰ বাবে ইয়াৰ বাজেট 2.8 আৰৱ ডলাৰলৈকে বৃদ্ধি হৈছে ৷

Only 200 days left in Tokyo Olympics
ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন
author img

By

Published : Jan 4, 2021, 6:23 PM IST

স্পৰ্টচ ডেস্ক, 4 জানুৱাৰী : কৰ‘ণা মহামাৰীৰ বাবে এবছৰৰ বাবে স্থগিত ৰখা ট‘কিঅ অলম্পিকৰ খেল সমূহ আৰম্ভ হ‘বলৈ মাজত মাত্ৰ 200 দিন বাকী ৷ সোমবাৰে জাপানৰ প্ৰধানমন্ত্ৰী ইউহিহিদে ছুগাই কয় যে,তেওঁ ট‘কিঅ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত কৰ‘ণা ভাইৰাছৰ নতুন ঘটনা পোহৰলৈ অহাৰ পাছত জৰুৰীকালীন স্থিতি সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে ৷ উল্লেখ্য যে, জাপানে ইয়াৰ পূৰ্বেও ক‘ভিড-19 ৰ বাবে লকডাউন দিয়া নাছিল ৷

Only 200 days left in Tokyo Olympics
ট‘কিঅ অলম্পিকলৈ মাজত মাত্ৰ 200 দিন

ট‘কিঅ অলম্পিকৰ আয়োজক,আন্তঃৰাষ্ট্ৰীয় অলম্পিক সমিতি আৰু জাপান চৰকাৰৰ বিভিন্ন বিভাগৰ বাবে এতিয়া এক নিশ্চিত সিদ্ধান্ত গ্ৰহণৰ সময় চমু চাপি আহিছে ৷ বিষয়া সকলে আশ্বাস দিছিল যে, তেওলোকে নতুত বছৰৰ আৰম্ভণিতে অলম্পিক আৰু পাৰালম্পিকত অংশগ্ৰহণ কৰিবলগীয়া 15000 খেলুৱৈ,খেল অনুৰাগী, মিডিয়া, জ‘জ, বিষয়া আৰু বিশিষ্ট ব্যক্তি সকলৰ সুৰক্ষাক লৈ বিশেষ ব্যৱস্থাৰ ঘোষণা কৰিব ৷

উল্লেখ্য যে, জাপানত ক‘ভিড-19ৰ কাৰণে 3400 গৰাকী লোকৰ মৃত্যু হৈছে আৰু পুনৰ নতুন কৰ‘ণাৰ ঘটনা বৃদ্ধি হোৱা বিষয়টো চিন্তাজনক হৈ পৰিছে ৷ ইফালে বিগত মাহত ৰাষ্ট্ৰীয় প্ৰচাৰমাধ্যম এন.এচ.কে.ই চলোৱা এক জৰীপত 63 শতাংশ লোকে ট‘কিঅ অলম্পিক স্থগিত বা বাতিল কৰাৰ পক্ষত মত প্ৰকাশ কৰিছে ৷

আনহাতে ট‘কিঅ অলম্পিকৰ আনুষ্ঠানিক বাজেট যোৱা মাহত 15.4 আৰৱ ডলাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ কিনতু আয়োজনত পলম হোৱাৰ বাবে ইয়াৰ বাজেট 2.8 আৰৱ ডলাৰলৈকে বৃদ্ধি হৈছে ৷ তদপৰি বিগত বৰ্ষত চৰকাৰী হিচাপ কিতাপৰ অন্তত অনুমান কৰা হৈছিল যে, অলম্পিকৰ খেলৰ বাজেট 25 আৰৱ লৈকে হ‘ব ৷

লগতে পঢ়ক: লা লিগাত বাৰ্চিলোনাৰ হৈ মেছীৰ 500 মেচ সম্পূৰ্ণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.