ETV Bharat / international

কৰ'ণা ভাইৰাছ : নিউজিলেণ্ডত জৰুৰীকালিন অৱস্থা ঘোষণা - বিভাগীয় সঞ্চালক ছাৰাহ ষ্টুৱাৰ্ট ব্লেক

নিউজিলেণ্ড চৰকাৰে দেশখনত ঘোষণা কৰিলে জৰুৰীকালিন অৱস্থা ৷ কৰ'ণা ভাইৰাছত ইতিমধ্যে দেশখনত 205 জন লোক আক্ৰান্ত হৈছে ৷

কৰ'ণা ভাইৰাছ
নিউজিলেণ্ডত জৰুৰীকালিন অৱস্থা ঘোষণা
author img

By

Published : Mar 25, 2020, 6:33 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 25 মাৰ্চ : নিউজিলেণ্ডত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ ঘটনা ৷ বুধবাৰে পুনৰ 50 জন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচত নিউজিলেণ্ড চৰকাৰে দেশখনত জৰুৰীকালিন অৱস্থা ঘোষণা কৰে ৷

দেশখনৰ আপাতকালিন অসামৰিক প্ৰতিৰক্ষা আইন, 2002 ৰ অধীনত এই জৰুৰীকালিন অৱস্থা ঘোষণা কৰা বুলি বিভাগীয় সঞ্চালক ছাৰাহ ষ্টুৱাৰ্ট ব্লেকে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

বিশ্বত ক্ৰমাৎ বৃদ্ধি পোৱা কৰ'ণা সংক্ৰমণৰ ঘটনাৰ লগতে নিউজিলেণ্ডতো অনুৰূপ পৰিস্থিতি উদ্ভৱ হোৱাত ক'ভিড-19 ৰ প্ৰভাৱ হ্ৰাস কৰাৰ প্ৰতি লক্ষ্য ৰাখি দেশখনে এই ব্যৱস্থা হাতত লোৱা বুলি তেওঁ সংবাদ মাধ্যমক প্ৰকাশ কৰে৷

দেশখনৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, কৰ'ণা ভাইৰাছত ইতিমধ্যে দেশখনত 205 জন লোক আক্ৰান্ত হৈছে ৷

আৰু পঢ়ক : ভাৰতত আৱদ্ধ হৈ থকা 388 ৰাছিয়াৰ নাগৰিকক স্বদেশলৈ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.