ETV Bharat / international

COVID-19 আতংক : বন্ধ ঘোষণা হ'ব মস্কো - ভ্লাডিমিৰ পুটিন

এসপ্তাহজোৰা বেতনযুক্ত বন্ধৰ ঘোষণা ৰাছিয়াত ৷ বন্ধ হোৱাৰ আশংকা ৰাজধানী মস্কো ৷

এসপ্তাহজোৰা বেতনযুক্ত বন্ধৰ ঘোষণা ৰাছিয়াত
বন্ধ হোৱাৰ আশংকা ৰাজধানী মস্কো
author img

By

Published : Mar 28, 2020, 5:46 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 28 মাৰ্চ : কৰ'ণা ভাইৰাছৰ আতংকৰ প্ৰতি লক্ষ্য় ৰাখি ৰাছিয়াৰ ৰাজধানী তথা ইউৰোপৰ জনবহুল অঞ্চল মস্কো বন্ধ হোৱাৰ উপক্ৰম হৈছে ৷ শুকুৰবাৰৰ পাচত ৰাজধানীখনৰ বাসিন্দাসকলে এসপ্তাহজুৰি ঘৰতে থাকিব লগা হোৱাৰ লগতে পাৰ্কত খোজ কঢ়াতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে ৷

মস্কোত বৃহৎ বৃহৎ স্ক্ৰীনত বাৰ্তা প্ৰেৰণ কৰা হৈছে,"ঘৰত থাকক ! নিজৰ স্বাস্থ্য সুৰক্ষিত ৰাখক আৰু নিজৰ আপোনজনৰো ৷"

ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ৰাছিয়াৰ কোনো অঞ্চলকে পৃথক কৰাৰ কথা ঘোষণা কৰা নাই যদিও সকলো বিনোদন আৰু অৱসৰৰ স্থান বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে ৷

মস্কোত বৰ্তমানলৈকে 1,036 জন লোক আক্ৰান্ত হোৱাৰ লগতে চাৰিজন লোকৰ মৃত্যু হৈছে ৷ 28 মাৰ্চৰ পৰা 5 এপ্ৰিললৈ পুটিনে বেতনযুক্ত বন্ধৰ কথা ঘোষণা কৰিছে ৷ কিন্তু, মস্কোতহে বাসিন্দাসকলক আছুতীয়া কক্ষত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ আনহাতে, ৰাছিয়াৰ অন্য স্থানৰ বাসিন্দাসকলক মস্কোত প্ৰৱেশ নকৰিবলৈ জাননী জাৰি কৰা হৈছে ৷

নগৰ পালিকা কৰ্তৃপক্ষইও এই অঞ্চলত স্কুল বন্ধ ঘোষণা কৰাৰ লগতে সামাজিক দুৰত্ব বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়াৰ লগতে 65 বছৰৰ উৰ্ধ্বৰ লোকসকলক আছুতীয়া কক্ষত থাকিবলৈ নিৰ্দেশ দিছে ৷ মস্কোৰ মেয়ৰ ছাৰ্জে ছোৱিয়ানিনে সংগ্ৰাহালয়,পুঁথিভৰাল,ছুইমিং পুল আৰু শৰীৰ চৰ্চা কেন্দ্ৰসমূহ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৷

পুটিনে এসপ্তাহৰ বেতনযুক্ত বন্ধ ঘোষণা কৰাৰ পাচতে মেয়ৰগৰাকীয়ে বাৰ,ৰেষ্টুৰেন্ট, ক্লাব আৰু অন্যান্য ব্যৱসায়সমূহো বন্ধৰ নিৰ্দেশ প্ৰদান কৰে ৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়তো বন্ধ নোহোৱা Bolshoi Ballet ৰ দৰে সংস্থাকো বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

আৰু পঢ়ক :

জি২০ সন্মিলনত বিশ্বায়নৰ প্ৰতি মানৱীয় দৃষ্টিভংগীত গুৰুত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.