স্পৰ্টছ ডেস্ক, ১৩ এপ্ৰিল: COVID-১৯ত আক্ৰান্ত হোৱাৰ পিছতে মণ্টি কাৰ্ল'ৰ মাষ্টাৰ্ছৰ পৰা বাহিৰ হ'বলগীয়া হৈছে ডেনিল মেডভেদেৱ । প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বঞ্চিত হোৱাৰ পিছতে তেওঁ কয় যে, মণ্টি কাৰ্ল'ৰ মাষ্টাৰ্ছত খেলিব নোপোৱাতো তেওঁৰ বাবে দুৰ্ভাগ্যজনক কথা ।
তেওঁ লগতে কয় যে, বৰ্তমান তেওঁ মহামাৰীৰ কবলৰ পৰা মুক্ত হোৱাৰ বাবে প্ৰয়াস কৰিব । শীঘ্ৰে সুস্থ হৈ উঠাৰ বাবে চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা গ্ৰহণ কৰিব ।
এ টি পিয়ে জনোৱা মতে, মেডভেদেৱক বৰ্তমান আইছ'লেছ'নত ৰখা হৈছে । সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ তত্বাৱধান কৰিছে প্ৰতিযোগিতাখনৰ চিকিৎসক আৰু এ টি পিৰ চিকিৎসকৰ দলে ।
লগতে পঢ়ক:ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে শৰদ পাৱাৰ