ETV Bharat / international

লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ আইছিছৰ

author img

By

Published : Dec 1, 2019, 2:01 PM IST

কোনোধৰণৰ প্ৰমাণ প্ৰদান নকৰাকৈ লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন আইছিছে ৷ শুকুৰবাৰে লণ্ডন ব্ৰীজত সংঘটিত হোৱা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হৈছিল ৷

লণ্ডন বিস্ফোৰণৰ আঁৰত আইছিছ
লণ্ডন বিস্ফোৰণৰ আঁৰত আইছিছ

ইন্টাৰনেশ্বনেল ডেস্ক, 1 ডিচেম্বৰঃ শুকুৰবাৰে লণ্ডন ব্ৰীজত সংঘটিত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন আইছিছে ৷ শনিবাৰে সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিজ্ঞপ্তি প্ৰকাশ কৰি কোনো প্ৰমাণ প্ৰদান নকৰাকৈ সন্ত্ৰাসবাদী উছমান খানে এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা প্ৰকাশ কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ লণ্ড ব্ৰীজত সংঘটিত হোৱা বিস্ফোৰণটোত দুজন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হৈছিল ৷

লগতে পঢ়কঃ শদিয়াত মৰেল পুলিচৰ আক্ৰমণত যুৱকৰ মৃত্যু

লণ্ডন ব্ৰীজৰ নৰ্থ ইণ্ডৰ ফিচমংগাৰছ হলত শুকুৰবাৰে প্ৰায় 1.58 বজাত অনুষ্ঠিত হোৱা কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ কয়দী পুনৰ্বাস সন্মিলনত সংগঠিত হোৱা শিক্ষাৰ্থী আৰু কয়দীসকলক লক্ষ্য কৰি বিস্ফোৰণ ঘটোৱা হৈছিল ৷ সন্ত্ৰাসজনিত গোচৰত অভিযুক্ত, উছমান খান যাক বিশেষ চৰ্তত মুকলি কৰি দিয়া হৈছিল, তেওঁৰ দ্বাৰা সংঘটিত হৈছিল এই বিস্ফোৰণ ৷ টেলিভিশ্বনত প্ৰত্যক্ষ হোৱা দৃশ্য অনুসৰি, ঘটনা সংঘটিত কৰিয়ে লণ্ডন ব্ৰীজত এখন চুৰিলৈ খোজকাঢ়ি পাৰ হৈ যায় অভিযুক্ত উছমান খানে ৷ অৱশ্যে পৰৱৰ্তী সময়ত উছমান খানক আৰক্ষীয়ে গুলিয়াই নিধন কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ ষ্টাফৰ্ডশ্বাইৰৰ বাসিন্দা উছমান খান লণ্ডন ষ্টক এক্সচেঞ্জত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ লগতে পাকিস্তানত সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়াৰ গোচৰত 2012 চনত গ্ৰেপ্তাৰ হৈছিল ৷ লণ্ডনৰ ষ্টক-অন-ট্ৰেণ্টস্থিত উছমান খানৰ বাসস্থানত 2008 চনতো সন্ত্ৰাসবাদৰ গোচৰত তালাচী অভিযান চলাইছিল লণ্ডন আৰক্ষীয়ে ৷

লগতে পঢ়কঃ বেলেষ্টিক মিচাইল ‘অগ্নি 3’ ৰ সফল নৈশ পৰীক্ষণ সম্পন্ন

শুকুৰবাৰৰ ঘটনাৰ দৰে অনুৰূপ ঘটনা 2017 চনটো সংঘটিত হৈছিল ৷ লণ্ডন ব্ৰীজত সংঘটিত হোৱা উক্ত ঘটনাত 8জন লোক নিহত হোৱাৰ বিপৰীতে 48 জনকৈ লোক আহত হৈছিল ৷ আইছিছৰ দ্বাৰা সংঘটিত হোৱা উক্ত ঘটনাৰ অভিযুক্তকো গুলিয়াই নিধন কৰিছিল লণ্ডন আৰক্ষীয়ে ৷

Intro:Body:

লণ্ডন আক্ৰমণৰ দায়িত্ব স্বীকাৰ আইছিছৰ 

কোনোধৰণৰ প্ৰমাণ প্ৰদান নকৰাকৈ লণ্ডন বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন আইছিছে ৷ শুকুৰবাৰে লণ্ডন ব্ৰীজত সংঘটিত হোৱা বিস্ফোৰণত দুজন লোক নিহত হোৱাৰ লগতে আন তিনিজন লোক আহত হৈছিল ৷ 

ইন্টাৰনেশ্বনেল ডেস্ক, 1 ডিচেম্বৰঃ শুকুৰবাৰে লণ্ডন ব্ৰীজত সংঘটিত হোৱা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সন্ত্ৰাসবাদী সংগঠন আইছিছে ৷ শনিবাৰে সন্ত্ৰাসবাদী সংগঠনটোৱে এক বিজ্ঞপ্তি প্ৰকাশ কৰি কোনো প্ৰমাণ প্ৰদান নকৰাকৈ সন্ত্ৰাসবাদী উছমান খানে এই বিস্ফোৰণ সংঘটিত কৰাৰ কথা প্ৰকাশ কৰি বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে ৷ লণ্ড ব্ৰীজত সংঘটিত হোৱা বিস্ফোৰণটোত দুজন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হৈছিল ৷ 

লণ্ডন ব্ৰীজৰ নৰ্থ ইণ্ডৰ ফিচমংগাৰছ হলত শুকুৰবাৰে প্ৰায় 1.58 বজাত অনুষ্ঠিত হোৱা কেমব্ৰীজ বিশ্ববিদ্যালয়ৰ কয়দী পুনৰ্বাস সন্মিলনত সংগঠিত হোৱা শিক্ষাৰ্থী আৰু কয়দীসকলক লক্ষ্য কৰি বিস্ফোৰণ ঘটোৱা হৈছিল ৷ সন্ত্ৰাসজনিত গোচৰত অভিযুক্ত, উছমান খান যাক বিশেষ চৰ্তত মুকলি কৰি দিয়া হৈছিল, তেওঁৰ দ্বাৰা সংঘটিত হৈছিল এই বিস্ফোৰণ ৷ টেলিভিশ্বনত প্ৰত্যক্ষ হোৱা দৃশ্য অনুসৰি, ঘটনা সংঘটিত কৰিয়ে লণ্ডন ব্ৰীজত এখন চুৰিলৈ খোজকাঢ়ি পাৰ হৈ যায় অভিযুক্ত উছমান খানে ৷ অৱশ্যে পৰৱৰ্তী সময়ত উছমান খানক আৰক্ষীয়ে গুলিয়াই নিধন কৰিবলৈ সক্ষম হয় ৷ ইংলেণ্ডৰ ষ্টাফৰ্ডশ্বাইৰৰ বাসিন্দা উছমান খান লণ্ডন ষ্টক এক্সচেঞ্জত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ লগতে পাকিস্তানত সন্ত্ৰাসবাদৰ প্ৰশিক্ষণ দিয়াৰ গোচৰত 2012 চনত গ্ৰেপ্তাৰ হৈছিল ৷ লণ্ডনৰ ষ্টক-অন-ট্ৰেণ্টস্থিত উছমান খানৰ বাসস্থানত 2008 চনতো সন্ত্ৰাসবাদৰ গোচৰত তালাচী অভিযান চলাইছিল লণ্ডন আৰক্ষীয়ে ৷ 

শুকুৰবাৰৰ ঘটনাৰ দৰে অনুৰূপ ঘটনা 2017 চনটো সংঘটিত হৈছিল ৷ লণ্ডন ব্ৰীজত সংঘটিত হোৱা উক্ত ঘটনাত 8জন লোক নিহত হোৱাৰ বিপৰীতে 48 জনকৈ লোক আহত হৈছিল ৷ আইছিছৰ দ্বাৰা সংঘটিত হোৱা উক্ত ঘটনাৰ অভিযুক্তকো গুলিয়াই নিধন কৰিছিল লণ্ডন আৰক্ষীয়ে ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.