নিউজ ডেস্ক,২২ জুনঃ বিশ্বৰ ভিতৰত খেলুৱৈৰ সংখ্যাৰ তালিকাত ১৯ তম স্থানত থকা টেনিছ খেলুৱৈ গ্ৰিগোৰ দিমিত্ৰোভ আক্ৰান্ত হৈছে মহামৰী কৰ'ণা ভাইৰাছত । খেলুৱৈ গৰাকী এদ্ৰিয়াকলৈ কৰা ভ্ৰমণ যাত্ৰাৰ সময়তে আক্ৰান্ত হয় কৰ'ণাত ।
আনহাতে,খেলুৱৈ গৰাকীয়ে ইষ্টাগ্ৰামযোগে সদৰি কৰে যে,নমস্কাৰ! বন্ধু-বান্ধবীসকল । মই ইয়াৰ পৰা বাহিৰ ওলাব বিচাৰো আৰু মোৰ অনুৰাগীকে ধৰি বন্ধু-বান্ধবী সকলক অৱগত কৰিব বিচাৰো যে মই COVID-19ত আক্ৰান্ত । লগতে এইটো নিশ্চিত কৰিব বিচাৰিছো যে বিগত সময়ছোৱাত মোৰ সংস্পৰ্শত অহা সকলোৱে যেন COVID-19 পৰীক্ষা কৰে । লগতে সকলোৱে যে COVID-19 প্ৰতিৰোধ কৰিবলৈ আৱশ্যকীয় সাৱধানতা অৱলম্বন কৰে । মই বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ হৈ ঘৰলৈ উভতি আহিছো । আপোনালোকৰ সমৰ্থন আৰু সাহসৰ বাবে ধন্যবাদ । সুৰক্ষিত থাকক স্বাস্থ্যৱান থাকক ।
লগতে গ্ৰিগোৰ দিমিত্ৰোভে বিগত কিছুদিন পূৰ্বে তথা মোনাকোত থকা সময়ত খেলুৱৈ গৰাকীৰ সংস্পৰ্শত অহা লোকসকলক COVID-19টেষ্ট কৰিবলৈ আহ্বান জনাই ।
লগতে চাওকঃ ওদালগুৰিত 5 জনকৈ স্বাস্থ্য কৰ্মীৰ দেহত কোভিড-19 পজিটিভ