ETV Bharat / international

বিদায় ২০২০ - এটা বছৰ যিয়ে

এটা বছৰ যিয়ে সমগ্ৰ বিশ্বকে পৰিৱৰ্তন কৰি দিলে । যিটো আধুনিক সময়ৰ সকলোতকৈ অসাধৰণ বছৰ ৷ কৰণা মহামাৰীৰ এই জটিল সময়তো নতুন বৈজ্ঞানিকে কাম কৰি আছে, শুক্ৰ গ্ৰহতো জীৱ থকাৰ সম্ভাৱনাৰ সপোন দেখিছে ।

বিদায় ২০২০
বিদায় ২০২০
author img

By

Published : Dec 22, 2020, 5:18 PM IST

ইন্টাৰনেচনেল ডেস্ক , ২২ ডিচেম্বৰ : বিদায় ২০২০ আৰু কৰ'ণা । আশা কৰো ২০২১ য়ে কৰ'ণামুক্ত কৰিব আমাৰ জীৱন ।

ডিচেম্বৰ ২০১৯

চীনৰ য়ুহান চহৰত এক ৰহস্য়জনক নিউমোনিয়াৰ ঘটনা পোহৰলৈ আহে । চিকিৎসকে ইয়াৰ কাৰণ জ্ঞাত ভাইৰাচ বুলি অস্বীকাৰ কৰিলে; সন্দেহ কৰা হ'ল এয়া কোনো নতুন জীৱাণু । য়ুনান সাগৰীয় খাদ্য় সামগ্ৰীৰ বজাৰত কাম কৰা একাংশ লোক আক্ৰান্ত হয়, যিখন বজাৰত জীৱিত জীৱ-জন্তু বিক্ৰী কৰা হয় ।

৩১ ডিচেম্বৰ ২০১৯

চীনৰ ৰহস্য়জনক নিউমোনিয়াৰ ঘটনাৰ কথা বিশ্ব স্বাস্থ্য় সংস্থা (WHO) ক জনোৱা হয় । এই পৰ্যায়ত, কৰ্মকৰ্তাৰ মতে মানুহৰ শৰীৰত সংক্ৰমণ হোৱাৰ কোনো স্পষ্ট প্ৰমাণ নাই । পিছদিনা জীৱাণুমুক্ত কৰাৰ উদ্দেশ্য়ে বজাৰখন বন্ধ কৰি দিয়া হ'ল ।

৯ জানুৱাৰী ২০২০

এক সুক্ষ্ম জীৱৰ পৰা নতুন ক'ৰণা ভাইৰাছৰ ৰূপত প্ৰাদুৰ্ভাৱ হোৱা বুলি চীনে দাবী কৰে; যি ধৰণে ২০০২ ৰ পৰা ২০০৪ ৰ সময়চোৱাত এচএআৰএচ (SARS) ক ঘতক ৰূপত দেখা গৈছিল ।

অতি শীঘ্ৰে গৱেষকসকলে নতুন ভাইৰাছৰ জীণৰ খচৰা প্ৰকাশ কৰে, যিটো জীণগত পৰীক্ষাৰ প্ৰথম পদক্ষেপ ।

মধ্য় জানুৱাৰী ২০২০

থাইলেণ্ড, জাপান আৰু দক্ষিণ কোৰিয়াত এই ঘটনা ধৰা পৰাৰ লগে লগে নতুন কৰ'ণা ভাইৰাছ চীনৰ বাহিৰতো বিয়পিব ধৰিলে । য়ুহান চহৰতে লোকসকলৰ দেহত সংক্ৰমিত হয় এই ভাইৰাছ; কিন্তু কোনো কোনোৱে জনোৱা মতে তেওঁলোকে জীৱ-জন্তুবোৰৰ সংস্পৰ্শলৈ অহা নাছিল আৰু তেতিয়া কোৱা হৈছিল যে ভাইৰাছ এতিয়া মানুহৰ মাজত বিয়পিব ধৰিছে ।

২০২০ ৰ জানুৱাৰীৰ শেষলৈ

কোনো কোনো অধ্য়য়নত পোহৰলৈ আহে যে জন্তুৰ শৰীৰত উৎপন্ন হোৱা এই ভাইৰাছ এতিয়া মানুহৰ ক্ষেত্ৰটো ইজনৰ পৰা সিজনৰ দেহলৈ বিয়পিছে । চীনৰ লগতে বিশ্বৰ ১৮ খন দেশত ভাইৰাছ বিয়পি পৰাত ৩০ জানুৱাৰীত WHOয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনস্বাস্থ্য়ৰ প্ৰতি জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰে ।

ফেব্ৰুৱাৰী ২০২০

অষ্ট্ৰিয়া আৰু ইটালীত স্কী ৰিজৰ্টৰ পৰা বহু যাত্ৰীয়ে ঘৰলৈ ভাইৰাছ কঢ়িয়াই অনাৰ ঘটনা পোহৰলৈ আহে । অষ্ট্ৰিয়াৰ ইচগল ৰিজৰ্টৰ লগত সম্পৰ্ক ৰখা ৪৫ খনৰ দেশত কেইবা হাজাৰ লোকৰ শৰীৰত ধৰা পৰে এই ভাইৰাছ । বহু ৰিজৰ্টৰ পৰা ততাতৈয়াকৈ ক্ৰেম বাছেৰে যাত্ৰী খালী কৰাৰ বাবে সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে ।

১১ মাৰ্চ ২০২০

WHO য়ে আনুষ্ঠানিকভাৱে ইয়াক মহামাৰী হিচাপে ঘোষণা কৰে । উত্তৰ ইটালীত ইমান দ্ৰুতগতিত ঘটনা বাঢ়িলে যে কিছুমান হাস্পতালত ভেন্টিলেটৰৰ বিছনা সম্পূৰ্ণ হবলৈ ধৰিলে, এই সমস্য়া সমাধান কৰিবলৈ তাত নিয়ম প্ৰৱৰ্তন কৰিবলগীয়া হয় । সেই সময়তে নিউইয়ৰ্কত হাস্পতালসমূহে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব ধৰিলে ।

মধ্য় মাৰ্চ ২০২০

কোনো কোনো দেশে ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ বিভিন্ন ক্ষেত্ৰত প্ৰতিবন্ধকতা লগালে । খাদ্য় সামগ্ৰী ক্ৰয়, ঔষধ অথবা অত্য়াৱশ্য়কীয় সামগ্ৰী ক্ৰয়ৰ বাহিৰে কোনো অত্য়াৱশ্য়কীয় কাম নহ’লে লোকসকলক ঘৰতে থকাৰ নিৰ্দেশ ।

এপ্ৰিল ২০২০

মুখত মাস্ক পৰিধান কৰাকলৈ এছিয়াৰ বাহিৰত কোনো কোনো দেশত বিতৰ্কৰো সৃষ্ঠি হৈছিল মহামাৰী প্ৰথম পৰ্যায়ত । ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধৰ বাবে মানুহে সম্ভৱ হোৱালৈ মুখত মাস্ক পৰিধান কৰিবলৈ ৰাইজক অনুৰোধ জনালে মাৰ্কিন যুক্তৰাষ্ট্ৰই ।

৮ জুন ২০২০

নিউজিলেণ্ডে ঘোষণা কৰিলে তেওঁলোক ক’ভিড ১৯ মুক্ত আৰু দেশত থকা বহু নিষেধাজ্ঞাও প্ৰত্য়াহাৰ কৰিব, যিটোৱে ইয়াকে সূচাই যে দেশখনে পৰ্যাপ্ত উপায়েৰে ভাইৰাছ নিঃশেষ কৰিব পাৰিব । অৱশ্য়ে পৰৱৰ্তী সময়ত বাহিৰৰ পৰা ঘটনা দেখিবলৈ পোৱা যায়, যাৰ বাবে ভৱিষ্য়তে লকডাউনৰ প্ৰয়োজনীয়তা আছে ।

জুন ২০২০

ডেক্সামেথাচোন এবিধ বিদ্য়মান ষ্টেৰয়ড দৰৱ, যাৰ ৰোগ প্ৰতিৰোধ ব্য়ৱস্থাই ভাইৰাছৰ দ্বাৰা হোৱা প্ৰতিক্ৰিয়া হ্ৰাস কৰে৷ ৷ ই জীৱন বচোৱা COVID-19 ৰ প্ৰথমটো দৰৱ; কিন্তু ই এতিয়াও অসম্পূৰ্ণ ।

আগষ্ট ২০২০

উত্তৰ গোলাৰ্ধত গৰমৰ বাবে বহু দেশত ইয়াৰ সংক্ৰমণ আৰু মৃত্য়ু বহুত কম দেখিবলৈ পোৱা গৈছে আৰু বহু নিষেধাজ্ঞা প্ৰত্য়াহাৰ কৰা হয় । ব্ৰিটেইন চৰকাৰে ৰেঁষ্টোৰালৈ যোৱাত অনুপ্ৰেৰণা দিবলৈ খাদ্য় বিলৰ ক্ষেত্ৰত ৰেহাই দিছে ।

অক্টোবৰ ২০২০

ইউৰোপৰ বহু দেশ আৰু আমেৰিকাৰ কোনো অঞ্চলত সংক্ৰমণৰ দ্বিতীয় পৰ্যায় দেখিবলৈ পোৱা গৈছে লকডাউন আৰু কঠোৰ নিয়ম বলবৎ কৰা হয়; কিন্তু বাহিৰৰ পৰা অহা ঘটনা শূণ্য় হোৱাৰ লগে লগে অষ্ট্ৰেলিয়াৰ ভিক্টৰীয়াত কৰ'ণা বিৰুদ্ধে জয় ঘোষণা কৰে ।

নবেম্বৰ ২০২০

তিনিটা প্ৰতিষেধকৰ প্ৰাৰ্থীৰ ইতিবাচক ফলাফল দেখিবলৈ পোৱা গৈছে ৷ তাৰ ভিতৰত এটা Pfizer আৰু BioNTech দ্বাৰা, এটা মোডাৰনাৰ দ্বাৰা আৰু অক্সফৰ্ড বিশ্ববিদ্য়ালয় AstraZenecaৰ দ্বাৰা ।

প্ৰথম দুটা mRNA ৰ ভিত্তিত আধাৰিত; যিয়ে ৰোগৰ প্ৰতিৰোধক্ষমতা বৃদ্ধি কৰাৰ লগতে প্ৰটিন প্ৰস্তুতৰ বাবে কোষ সমূহক তৈয়াৰ কৰে ।

মাস্কৰ আৱিৰ্ভাব

যদিও এছিয়াৰ বহু দেশত মাস্ক বা মূখাৱয়ব মহামাৰীৰ পূৰ্বেই পিন্ধা পৰিলক্ষিত হৈছিল । এতিয়া ইয়াৰ প্ৰভাৱত প্ৰাৰম্ভিক অনিশ্চয়তা আৰু কিছুমান লোকৰ দ্বাৰা অস্পষ্ট হোৱাৰ পিছটো ই চাৰিওফালে বিয়পি গৈছে, যিহেতু ২৪ অক্টোবৰত দেখিবলৈ পোৱা গৈছিল যে আমেৰিকা নিৰ্বাচনৰ বাবে নিউয়ৰ্কৰ বাসিণ্ডা ভোট দিবলৈ ৰৈ আছিল ।

লগতে পঢ়ক : কৰ'ণা মহামাৰীৰ কালচোৱাত ভাৰতত যৌন শিক্ষাৰ প্ৰয়োজনীয়তা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.