হায়দৰাবাদ, 14 জুলাই : সমগ্ৰ বিশ্বত অব্যাহত আছে কৰ'ণা ভাইৰাছৰ সংহাৰ ৷ বিশ্বত বৰ্তমানলৈ 1,32,29,300 গৰাকী ব্যক্তি কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰে 5,74,977 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 76,91,422 গৰাকী ব্যক্তিৰ ৷
ৰাছিয়াৰ ৰাজধানী মস্কোত বিগত 24 ঘন্টাত এই ভাইৰাছত আক্ৰান্ত হৈ মত্যু হৈছে 37 গৰাকী লোকৰ ৷ দেশখনত নতুনকৈ মৃত্যু হোৱা লোককেইজন নিমোনিয়া ৰোগত ভুগি আছিল বুলি প্ৰকাশ কৰে মস্কো চৰকাৰে ৷ ইয়াৰ লগতে মস্কোত কৰ'ণাত আক্ৰান্ত লোকৰ সংখ্যা 7,33,500 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 11,000 গৰাকীলৈ ৷
লগতে পঢ়ক : নিশা ফাৰ্মাচিটিকেল কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড