ETV Bharat / international

ইউৰোপত নিষিদ্ধ পাকিস্তানী বিমানৰ চলাচল

author img

By

Published : Dec 27, 2020, 3:35 PM IST

ইউৰোপত পুনৰ ৩ মাহলৈ নিষিদ্ধ কৰা হৈছে পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাক । পাকিস্তানৰ চিভিল এভিয়েচন মন্ত্ৰীৰ মতে, বাণিজ্য়িক পাইলটৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ বিষয়ক লৈ চিন্তিত ইউৰোপৰ ইউনিয়ন এভিয়েচন ছেফ্টি এজেঞ্চি ।

ইউৰোপত নিষিদ্ধ পাকিস্তানী বিমানৰ চলাচল
ইউৰোপত নিষিদ্ধ পাকিস্তানী বিমানৰ চলাচল

ইন্টাৰনেশ্য়নেল ডেস্ক , ২৭ ডিচেম্বৰ : পাকিস্তানৰ আশাত চেঁচা পানী ঢালি ইউৰোপৰ ইউনিয়ন এভিয়েচন চেফ্টি এজেঞ্চিয়ে পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থাৰ প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত সময়সীমা পুনৰ ৩ মাহলৈ বঢ়াই দিলে । ইউৰোপৰ ইউনিয়ন এভিয়েচন ছেফ্টি এজেঞ্চিয় ( ইএএছএ )য়ে পাকিস্তান আন্তৰাষ্ট্ৰীয় বিমান সংস্থা ( পিআইএ)ক শনিবাৰে জনোৱা মতে, অসামৰিক বিমান চলাচল কতৃপক্ষই সুৰক্ষা ব্য়ৱস্থাৰ নিৰীক্ষণ কৰাৰ পিছতহে এই প্ৰতিবন্ধকতা প্ৰত্য়াহাৰ কৰিব পাৰিব । উল্লেখ যে সুৰক্ষাজনিত কাৰণত জুলাই মাহত ইএএছএ য়ে পাকিস্তানী সংস্থাটোক ইউৰোপৰ সদস্য় দেশমূহত বিমানৰ চলাচলত ৬ মাহৰ বাবে প্ৰতিবন্ধকতা লগাইছিল ।

ইয়াৰ মাজতে শুকুৰবাৰে পাকিস্তানৰ বিমানমন্ত্ৰী গুলাম চাৰবাৰ খানে সংবাদ মাধ্য়মক জনোৱা মতে ইএএছএয়ে বাণিজ্য়িক পাইলটক অনুজ্ঞাপত্ৰ দিয়া বিষয়কলৈ চিন্তিত আৰু অতি সোনকালে এই প্ৰতিবন্ধকতাও প্ৰত্য়াহাৰ কৰা হ'ব । জানিব পৰা মতে পিআইএয়ে বিভিন্ন ধৰণে এই প্ৰতিবন্ধকতা প্ৰত্য়াহাৰ কৰাৰ বাবে ইএএছএৰ ওচৰত অনুৰোধ জনাইছে । কিন্তু ইএএছএ য়ে পিআইএ লৈ প্ৰেৰণ কৰা পত্ৰ অনুসৰি তৃতীয় দেশত বিমান সঞ্চালনৰ ক্ষমতাৰ ক্ষেত্ৰত বাধা আৰোপ কৰা নাই যদিও প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত অতিৰিক্তি তিনিমাহলৈ সময়সীমা বৃদ্ধি কৰিছে ইএএছএয়ে । জানিব পৰা মতে এই প্ৰতিবন্ধকতাৰ ফলত বিত্তীয়ভাৱে বহু লোকচানৰ সন্মুখীন হৈছে পাকিস্তান আন্তঃৰাষ্ট্ৰীয় বিমান সংস্থা ।

লগতে পঢ়ক :হেলমণ্ড বিস্ফোৰণত নিহত আফগান সুৰক্ষা বিষয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.