ETV Bharat / international

বানপীড়িত দক্ষিণ এছিয়া ৰাষ্ট্ৰলৈ ইউৰোপিয়ান সংঘৰ 1.65 মিলিয়ন ইউৰোৰ অনুদান

author img

By

Published : Aug 12, 2020, 5:56 AM IST

দক্ষিণ এছিয়াৰ ভাৰত, নেপাল আৰু বাংলাদেশে বান সমস্যাৰ সৈতে যুঁজি থকাৰ সময়তে ইউৰোপিয়ান সংঘৰ মানৱীয় খাতিৰত দেশকেইখনলৈ ঘোষণা কৰিছে বৃহৎ অৰ্থসাহাৰ্য ৷

EU announces 1.65 million euros in aid for flood-hit South Asian nations
বানপীড়িত দক্ষিণ এছিয়া ৰাষ্ট্ৰলৈ ইউৰোপিয়ান সংঘৰ 1.65 মিলিয়ন ইউৰোৰ অনুদান

নিউজ ডেস্ক, 12 আগষ্ট : নেপাল,বাংলাদেশ আৰু ভাৰতৰ অধিকাংশ অঞ্চলে ভয়ংকৰ বানৰ সৈতে যুঁজি থকাৰ সময়তে ইউৰোপিয়ান সংঘই মঙলবাৰে তিনিওখন দেশলৈ বুলি আৰ্থিক সাহাৰ্য পূঁজিৰ ঘোষণা কৰিছে ৷ ইউৰোপিয়ান সংঘই দক্ষিণ এছিয়াৰ তিনিওখন দেশলৈ মঙলবাৰে 1.65 মিলিয়ন ইউৰোৰ বৃহৎ অৰ্থসাহাৰ্য পূঁজিৰ বিষয়ে ঘোষণা কৰিছে ৷

ইয়াৰ পূৰ্বেও সংঘই আম্ফানত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালৰ সহায়ৰ বাবে বিগত মে'ত 1.8 মিলিয়ন ইউৰোৰ ঘোষণা কৰিছিল আৰু ইয়াকে লৈ এতিয়ালৈকে সংঘই তিনিওখন দেশক সৰ্বমুঠ 3.45 মিলিয়ন ইউৰো সাহাৰ্য পূঁজি হিচাপে প্ৰদান কৰিব ৷

দক্ষিণ এছিয়াত চলিত বাৰিষাত হোৱা বৰষুণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালসমূহক মানৱতাৰ খাতিৰতে সহায় কৰিবলৈ আমি এইদৰে সহায় কৰিবলৈ আগবাঢ়িছো বুলি সংঘৰ মানৱীয় প্ৰকল্পৰ দায়িত্বত থকা তাহিনী থাম্মান্নাগোড়াই প্ৰকাশ কৰে ৷ দুৰ্যোগৰ সময়ত ক্ষতিগ্ৰস্ত হোৱাসকলক জীয়াই থকাৰ অধিকাৰ দিয়াৰ বাবেই এই আঁচনি ৰূপায়ন কৰি অহা বুলি তেওঁ লগতে কয় ৷

চলিত বাৰিষাত এই তিনিওখন দেশত প্ৰায় 17.5 মিলিয়ন লোক ক্ষতিগ্ৰস্ত হৈছে, তেওঁলোকৰ বাসগৃহ, জীৱিকা, কৃষিভূমি, পথ, চিকিৎসালয় আৰু বিদ্যালয়সমূহৰো ব্যাপক ক্ষতিসাধন হয় ৷ সংঘই প্ৰকাশ কৰা অনুসৰি, 1.65 মিলিয়ন ইউৰোৰ ভিতৰত 1 মিলিয়ন ইউৰো বাংলাদেশক প্ৰদান কৰা হ'ব ৷ পৰৱৰ্তী 500,000 ইউৰো ভাৰতক প্ৰদান কৰা হ'ব ৷ এইসমূহ ধন খাদ্য, জীৱিকা, জৰুৰীকালীন সাহাৰ্য সামগ্ৰী, পানী আৰু অনাময় ব্যৱস্থাত ব্যয় কৰা হ'ব ৷ নেপালক 150,000 মিলিয়ন ইউৰো একেইখিনি কামৰ বাবে প্ৰদান কৰিব সংঘই ৷

সংঘই ইয়াৰ European Civil Protection and Humanitarian Aid Operations কাৰ্যনীতিৰ অধীনত বিশ্বৰ 120 মিলিয়ন ভুক্তভোগীক প্ৰতিবছৰে সহায় কৰি আহিছে ৷

ইটিভি ভাৰতে সংঘক প্ৰদান কৰা এখন ই-মেইলৰ উত্তৰত সংঘৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে, এই পৰিমান বৃদ্ধি পাব কাৰণ সাহাৰ্য বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগত এইসমূহ অঞ্চলত প্ৰদান কৰা হ'ব ৷ European Civil Protection and Humanitarian Aid Operations কাৰ্যনীতিয়ে 200 টা সহযোগী সংস্থাৰ সৈতে মানৱীয় সাহাৰ্যৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বতে কাম কৰি আছে ৷ এইসমূহ সংস্থাৰ ভিতৰত বেচৰকাৰী সংস্থা, আন্তঃৰাষ্ট্ৰীয় সংস্থা, ৰাষ্ট্ৰসংঘৰ সংস্থা আৰু সংঘৰ সদস্য ৰাষ্ট্ৰৰ বিশেষ সংগঠন জড়িত হৈ আছে ৷

প্ৰৱন্ধটো লিখিছে জ্যেষ্ঠ সাংবাদিক অৰুণিম ভূঞাই ৷

লগতে পঢ়কঃ বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.