ETV Bharat / international

Russia Ukraine conflict : ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক ঘূৰাই অনাৰ নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Feb 26, 2022, 7:23 PM IST

Updated : Feb 26, 2022, 7:49 PM IST

সম্প্ৰতি ইউক্ৰেইনত আৱদ্ধ ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনাৰ বাবে তৎপৰ হৈ উঠিছে ভাৰত চৰকাৰ ৷ ইতিমধ্যে কেইবাজনো ভাৰতীয় নাগৰিকে দেশখনৰ পৰা সুকলমে উভতি ভাৰত ভূমিত পদাৰ্পণ কৰিছে ৷ দেশখনত এতিয়াও আৱদ্ধ থকা নাগৰিকসকলক উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ দিয়া (Modi instructs to bring back Indians from Ukraine) বুলি সদৰী কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷

PM instructed to bring back Indian nationals from Ukraine ahead of CCS meting: Rajnath Singh
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং

নেশ্যনেল ডেস্ক, 26 ফেব্ৰুৱাৰী : বৰ্তমান সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈ আছে ইউক্ৰেইনৰ ওপৰত ৷ দেশখনত চলি থকা বিভীষিকা (Russia Ukraine conflict) ৰ ফলত বহুলোকে প্ৰাণ হেৰুৱাৰ লগতে আৱদ্ধ হৈ পৰিছে অস্থায়ীভাৱে দেশখনত বাস কৰা লোকসকল ৷ যাৰ ভিতৰত আছে একাধিক ভাৰতীয় নাগৰিক ৷

ইতিমধ্যে কেইবাজনো ভাৰতীয় নাগৰিকে দেশখনৰ পৰা সুকলমে উভতি ভাৰত ভূমিত পদাৰ্পণ কৰিছে ৷ দেশখনত এতিয়াও আৱদ্ধ থকা নাগৰিকসকলক উভতাই আনিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্দেশ দিয়া (Modi instructs to bring back Indians from Ukraine) বুলি সদৰী কৰিছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ এই সন্দৰ্ভত শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰী সিঙে কয় যে, বৃহস্পতিবাৰে কেবিনেট কমিটি অন চিকিউৰিটি কমিটি চমুকৈ CCS ৰ বৈঠক অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোডীয়ে এই নিৰ্দেশ দিয়ে ৷

প্ৰধানমন্ত্ৰী মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই প্ৰক্ৰিয়াৰ বাবে হ’বলগীয়া সকলো প্ৰকাৰৰ ব্যয় ভাৰত চৰকাৰে বহন কৰিব বুলি সিঙে কয় ৷

দিল্লী বিশ্ববিদ্যালয়ৰ ৯৮ সংখ্যক সমাৱৰ্তন অনুষ্ঠান (Rajnath Singh at convocation ceremony of Delhi University) ত উপস্থিত থাকি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ সৈতে কৰা বাৰ্তালাপত এই সিদ্ধান্তৰ বিষয়ে সদৰী কৰে ৷ তদুপৰি ভাৰত চৰকাৰৰ তৎপৰতাত বহু কেইগৰাকী দেশৰ নাগৰিকে সুকলমে ইউক্ৰেইনৰ পৰা উভতি অহা বুলি মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰে ৷

ইউক্ৰেইনৰ পৰিস্থিতি অতি সোনকালে স্বাভাৱিক হোৱাৰ আশা প্ৰকাশ কৰি মন্ত্ৰী সিঙে এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰীৰ সৈতে আলোচনা কৰা বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে চাওক: Russia Ukraine war: আমিন আৱাদক ইউক্ৰেইনৰ বাবে ৰাষ্ট্ৰসংঘৰ সংকট সমন্বয়ক হিচাপে নিযুক্তি

Last Updated : Feb 26, 2022, 7:49 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.