ইন্টাৰনেশ্যনেল ডেস্ক, 19 এপ্ৰিল : ফ্ৰেন্স নৱেল বঁটা বিজয়ী বৈজ্ঞানিক লিউক মন্টাগনিয়েৰে সৃষ্টি কৰিছে এক নতুন বিতৰ্কৰ ৷ এই বৈজ্ঞানিক গৰাকীয়ে মন্তব্য় কৰে যে, SARS-CoV-2 নামৰ ভাইৰাছবিধ য়ুহানৰ এক গৱেষণাগাৰৰ পৰা উৎপত্তি হৈছে আৰু AIDSৰ প্ৰতিষেধক উদ্ভাৱন কৰিবলৈ গৈ এই ভাইৰাছৰ জন্ম হ'ল ৷
HIV (Human Immunodeficiency Virus) ভাইৰাছ চিনাক্ত কৰা প্ৰফেচাৰ মন্টাগনিয়েৰে এক সাক্ষাৎকাৰত দাবী কৰে যে,কৰ'ণা ভাইৰাছত HIV আৰু মেলেৰিয়াৰ উপাদান আছে ৷
"2000 চনৰ প্ৰথমভাগৰ পৰাই য়ুহানৰ এই গৱেষণাগাৰত কৰ'ণা ভাইৰাছ সম্পৰ্কত গৱেষণা চলি আছে ৷ এই ক্ষেত্ৰত তেওঁলোক অভিজ্ঞ"- তেওঁ কয় ৷
উল্লেখ্য যে, বহুসময়ৰ পৰাই কৰ'ণা ভাইৰাছ এই গৱেষণাগাৰৰ পৰা উৎপত্তি হোৱা বুলি বিভিন্ন মহলে দাবী জনাই আহিছে ৷ যোৱা সপ্তাহত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰিছিল যে, চীনৰ Wuhan Institute of Virologyত কাম কৰি থকা অৱস্থাতে এজন প্ৰশিক্ষণৰত ছাত্ৰৰ পৰা এই ভাইৰাছ আকস্মিকভাৱে নিৰ্গত হৈছিল ৷
The Fox Newsৰ এক সমীক্ষাত প্ৰকাশ পাইছিল যে,এয়া মানৱসৃষ্ট নহয়,প্ৰাকৃতিকভাৱে বাদুলীৰ পৰা উৎপত্তি হৈছিল যদিও য়ুহানৰ এক গৱেষণাগাৰত এই সম্পৰ্কত অধ্যয়ন চলাই থকা হৈছিল ৷
লগতে কোৱা হৈছিল যে,প্ৰথম অৱস্থাত এই সংক্ৰমণ বাদুলীৰ পৰা মানুহলৈ হৈছিল ৷ প্ৰথম অৱস্থাত য়ুহানৰ এক গৱেষণাগাৰৰ এজন কৰ্মচাৰী এই ভাইৰাছত আক্ৰান্ত হোৱাৰ পাচতে সাধাৰণ মানুহৰ দেহত বিয়পিবলৈ আৰম্ভ কৰিছিল ৷
উল্লেখ্য যে, 2008 চনত প্ৰফেচাৰ ফ্ৰাংকইছ বাৰে চিনৌছিৰ সৈতে AIDS চিনাক্ত কৰি উলিওৱা বাবে প্ৰফেচাৰ মন্টাগনিয়েৰে চিকিৎসা বিজ্ঞানৰ নৱেল বঁটা জয় কৰিছিল ৷
অৱশ্যে এই বিস্ফোৰক মন্তব্য কৰাৰ পাচতে বৈজ্ঞানিক আৰু তেওঁৰ সহকৰ্মীৰ পৰা সমালোচনাও লাভ কৰিছে প্ৰফেচাৰ মন্টাগনিয়েৰে ৷