ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ নৱেম্বৰ : বুলগেৰিয়াত মঙলবাৰে পুৱতি নিশা সংঘটিত হয় এক এক শোকাবহ বাছ দুৰ্ঘটনা(Bulgaria Bus crash) । দেশখনৰ পশ্চিম প্ৰান্তত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দেশখনৰ উত্তৰ মেচিডোনিয়াত সংঘটিত এই দুৰ্ঘটনাত প্ৰায় ৪৫ গৰাকী লোকৰ মৃত্যু হয় । মৃত্যু হোৱাসকলৰ ভিতৰত শিশুও আছিল ।
দুৰ্ঘটনাটোৰ (Bulgaria Bus Accident) কাৰণ তাৎক্ষণিকভাৱে জানিব পৰা হোৱা নাই যদিও বাছখনে ঘাইপথত থকা সুৰক্ষা বেৰত খুন্দা মাৰিছিল বুলি জানিব পৰা গৈছে । যাৰ ফলত বাছখনৰ পৰা জুইৰ সূত্ৰপাত ঘটে ৷ বিষয়াসকলে জনোৱা মতে, ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰা হৈছে ।
বুলগেৰিয়াৰ এটা সংবাদ সংস্থাই জনোৱা মতে, উত্তৰ মেচিডোনিয়াৰ দূতাবাসৰ প্ৰতিনিধিসকলে আহতসকল থকা চিকিৎসালয়ত উপস্থিত হৈছে ৷ বুলগেৰিয়াৰ তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী ষ্টিফান য়ানেভে (Bulgarian Caretaker Prime Minister Stefan Yanev) দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি এয়া দেশখনৰ বাবে মৰ্মান্তিক ঘটনা বুলি সদৰী কৰে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাত আহতসকলৰ বাবে গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে ভৱিষ্যতে যাতে এনে ধৰণৰ ঘটনা সংঘটিত নহয়, এই ঘটনাৰ পৰা সকলোকে শিক্ষা ল'বলৈ আহ্বান জনায় ।
ইউৰোপীয় ইউনিয়নৰ আয়ুক্ত অলিভাৰ ভাৰ্হেলিয়ে (European Union Commissioner Oliver Varhelyi) সামাজিক মাধ্যমৰ জৰিয়তে দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত লোকসকলৰ পৰিয়াল আৰু বন্ধুবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে । ইউৰোপীয় আয়োগৰ তথ্য অনুসৰি, ২০১৯ চনত ইউৰোপীয় ইউনিয়নৰ ৭ নিযুত জনসংখ্যাৰ ৰাষ্ট্ৰ বুলগেৰিয়াত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যুৰ হাৰ দ্বিতীয় সৰ্বাধিক । ২৭-নেশ্যন ব্লকত হোৱা পথ দুৰ্ঘটনাত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে ৮৯ গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লৈছে ।
লগতে পঢ়ক : COVID-19 Delta variant : নিউজিলেণ্ডত নতুনকৈ ১৭৩ জন আক্ৰান্ত