ETV Bharat / international

বিদেশত কুশলে আছেনে অসমীয়া-২

author img

By

Published : Apr 10, 2020, 11:24 AM IST

COVID 19 এ সৃষ্টি কৰা বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকল কেনে আছে ! কুশলে আছেনে তেওঁলোক ! জীৱিকা সূত্ৰে, অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন ভিন প্ৰান্তত বসবাস কৰি অহা সেইসকল লোক এই সময়ত কেনেকৈ আছে সেই খবৰ ৰাইজক জনোৱাৰ উদ্দেশ্যে ই টি ভি ভাৰতৰ এই বিশেষ অনুষ্ঠান ।

assamese people in another country
বিদেশত কুশলে আছেনে অসমীয়া ২

গুৱাহাটী, ৯ এপ্ৰিলঃ আজি এই অনুষ্ঠানত আমি লৈ আহিছো সম্প্ৰতি কানাডাৰ ৱাটাৰলু বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থকা এগৰাকী মেধাৱী অসমীয়া ছাত্ৰী ৰিয়া ৰাজ গগৈক । ৰিয়া ৰাজ গগৈ হৈছে প্ৰথম গৰাকী অসমীয়া ছাত্ৰী যাৰ এক বিশেষ প্ৰজেক্ট সাত মাহৰ বাবে সংৰক্ষণ আৰু প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে ৱাটাৰলুৰ কিটচেনাৰত থকা "দ্য মিউজিয়াম" নামৰ সংগ্ৰহালয়টোত ।
প্লাষ্টিক প্ৰদূষণৰ বিষয়ে যোৱা জানুৱাৰী মাহত ৰিয়া ৰাজ গগৈয়ে এক প্ৰকল্প প্ৰস্তুত কৰিছিল, যি প্ৰকল্পৰ বিষয়বস্তু আছিল অসমৰ দীপৰ বিল । প্লাষ্টিক প্ৰদূষণে দীপৰ বিল আৰু বিলখনত থকা জীৱকুলৰ প্ৰতি যি ভয়ানক বিপদ মাতি আনিছে সেই বিষয়ে ৰিয়া ৰাজ গগৈয়ে প্ৰস্তুত কৰা ভিডিঅ'টো ৱাটাৰলু বিশ্ববিদ্যালয়কে ধৰি বিভিন্ন প্ৰান্তত সমাদৃত হৈছিল । আনকি ৱাটাৰলুত থকা "দ্য মিউজিয়াম" এ সাত মাহৰ বাবে সেই প্ৰকল্প প্ৰদৰ্শন আৰু সংৰক্ষণৰ ব্যৱস্থাও কৰিছে । বৰ্তমান বিশ্বৰ এনে সংকটকালত কানাডাত কেনেকৈ, কি কৰি গৃহ বন্দীত্বৰ সময় পাৰ কৰিছে ৰিয়া ৰাজ গগৈয়ে । চাও আহক, আমাৰ সাংবাদিক গৌতম বৰুৱাৰ এক বিশেষ প্ৰতিবেদনঃ

বিদেশত কুশলে আছেনে অসমীয়া ২

লগতে চাওকঃবিদেশত কুশলে আছেনে অসমীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.