ETV Bharat / international

পাঠদান আৰম্ভ য়ুহানৰ শিক্ষানুষ্ঠানত

author img

By

Published : May 6, 2020, 11:43 PM IST

য়ুহানত আৰম্ভ কৰা হ'ল কিছুসংখ্যক শিক্ষানুষ্ঠান ৷ প্ৰতিবন্ধকতা সমূহত শিথিলতা প্ৰদান কৰা পাচতে আৰম্ভ হ'ল পাঠদান ৷

য়ুহান
পাঠদান আৰম্ভ য়ুহানৰ শিক্ষানুষ্ঠানত

ইন্টাৰনেশ্যনেল ডেস্ক, 6 মে' : চীনৰ চহৰ য়ুহানত কৰ'ণা ভাইৰাছৰ উৎপত্তি হোৱাৰ পাচতো বুধবাৰে চহৰখনৰ কিছুসংখ্যক শিক্ষানুষ্ঠানত আৰম্ভ হ'ল পাঠদান ৷ চহৰখনত প্ৰদান কৰা প্ৰতিবন্ধকতা সমূহ শিথিল কৰাৰ পৰিপ্ৰেক্ষিততে আৰম্ভ হয় শিক্ষানুষ্ঠান সমূহৰ পাঠদান ৷

পাঠদান আৰম্ভ য়ুহানৰ শিক্ষানুষ্ঠানত

চীনৰ এক টেলিভিছন চেনেলে জানিবলৈ দিয়া অনুসৰি, 121 খন উচ্চতৰ আৰু বৃত্তিমূলক পাঠদানৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ কৰা হৈছে ৷

য়ুহানৰ প্ৰশাসনে জানিবলৈ দিয়া অনুসৰি, স্নাতক শিক্ষাৰ প্ৰায় এশ খনৰো অধিক শিক্ষানুষ্ঠান আৰম্ভ কৰা হৈছে ৷ এই শিক্ষানুষ্ঠানসমূহ আৰম্ভ হোৱাৰ পূৰ্বেই পৰিস্কাৰ কৰা লগতে সকলো সাৱধানতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি প্ৰশাসনে জানিবলৈ দিয়ে ৷

এই ছাত্ৰসকলৰ লগতে সকলো শিক্ষক আৰু অন্যান্য কৰ্মচাৰীৰ স্বাস্থ্যজনিত পৰীক্ষা কৰা হৈছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.